/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/09/phpThumb_generated_thumbnail.png)
ডিজিটেল ডেস্কঃ অতি শীঘ্ৰেই প্ৰকৃতাৰ্থত সমান হৈ পৰিব পুৰুষ আৰু নাৰী। আইন আয়োগৰ পৰামৰ্শ কাৰ্যকৰী হ'লেই পুৰুষ-নাৰীৰ মাজত নাথাকিব কোনো পাৰ্থক্য। এই পাৰ্থক্য নাইকিয়া হৈ পৰাৰ লগে লগে বিয়াৰ বাবে ২১ বছৰ বয়স হোৱালৈ অপেক্ষা কৰিব নালাগিব ল'ৰাবোৰে। ছোৱালীসকলে যিদৰে ১৮ বছৰ বয়সতে বিয়া হ'ব পাৰে ঠিক সেইদৰে ল'ৰাৰ বিয়াৰ ন্যুনতম বয়সো ১৮ বছৰ কৰিবলৈ চৰকাৰক পৰামৰ্শ আগবঢ়াইছে আইন আয়োগে।
শনিবাৰে এই পৰামৰ্শ আগবঢ়াই আয়োগে কয় যে যদিহে ছোৱালীসকলৰ সমানেই ল'ৰাসকলে ১৮ বছৰ বয়সতে চৰকাৰ নিৰ্বাচন কৰাৰ অধিকাৰ লাভ কৰে তেন্তে নিজৰ বাবে পত্নী নিৰ্বাচন কৰিবলৈ আৰু ৩ বছৰ অপেক্ষা কৰিবলৈ দিয়াৰ কোনো যুক্তি নাই। পুৰুষৰ বিয়াৰ
ন্যুনতম বয়স ২১ বছৰৰ পৰা হ্ৰাস কৰি ১৮ বছৰ কৰিবলৈ পৰামৰ্শ আগবঢ়াই আয়োগে বিবাহৰ পিছৰ সম্পত্তিৰ ভাগ-বটোৱাৰাক লৈয়ো মন্তব্য আগবঢ়াইছে।
বিয়াৰ পিছত অৰ্জন কৰা সম্পত্তিত পত্নীৰো সমান অধিকাৰ থাকিব লাগে বুলিও আয়োগে খচৰাত উল্লেখ কৰিছে। বিচ্ছেদৰ পিছত এই সম্পত্তি দুয়োৰে মাজত সমানে ভাগ হ'ব।
পাৰিবাৰিক আইন সংশোধনৰ বাবে প্ৰস্তত কৰা খচৰাত আয়োগৰ তৰফৰ পৰা আৰু কোৱা হৈছে যে ল'ৰাৰ ন্যুনতম বয়স ২১ বছৰ আৰু ছোৱালীৰ বয়স ১৮ বছৰ হোৱাৰ ফলত সমগ্ৰ দেশতে পত্নীৰ বয়স স্বামীতকৈ কম হ'ব লাগে বুলি এটা কু-ৰুচিপূৰ্ণ পৰম্পৰা গঢ় লৈ উঠিছে। আয়োগে পাৰিবাৰিক ক্ষেত্ৰখনত মহিলাসকলে সংসাৰৰ বাবে নিজৰ কেৰিয়াৰ পৰ্যন্ত বাদ দিবলৈ বাধ্য হৈ পৰা বিষয়টোকো গুৰুত্বসহকাৰে গ্ৰহণ কৰে।