বৰ বিষ হয়! মই প্ৰথমখন যুঁজতে হাৰিলো, ক্ষমা কৰিবঃ বক্সিং জগতৰ বহু আঁৰৰ কথা লিখিলে লাভলীনাই...

ইংলেণ্ডৰ লিভাৰপুলত অনুষ্ঠিত বিশ্ব বক্সিং চেম্পিয়নশ্বিপৰ প্ৰথমখন খেলতে পৰাস্ত হ'ল লাভলীনা বৰগোহাঁই। তুৰস্কৰ বক্সাৰ  ইচিলদাৰ বুশ্ৰাৰ হাতত ৫-০ ব্যৱধানত পৰাস্ত হয় ভাৰত লাভলীনা। এই পৰাজয়ৰ পাছতে

author-image
Asomiya Pratidin
New Update
new ap web  4 (1)

ডিজিটেল ডেস্কঃ ইংলেণ্ডৰ লিভাৰপুলত অনুষ্ঠিত বিশ্ব বক্সিং চেম্পিয়নশ্বিপৰ প্ৰথমখন খেলতে পৰাস্ত হ'ল লাভলীনা বৰগোহাঁই। তুৰস্কৰ বক্সাৰ  ইচিলদাৰ বুশ্ৰাৰ হাতত ৫-০ ব্যৱধানত পৰাস্ত হয় ভাৰত লাভলীনা। এই পৰাজয়ৰ পাছতে লাভলীনাত সামাজিকম মাধ্যমত লিখিলে এক আৱেগিক আৰু ক্ষোভ মিশ্ৰিত এক লেখা। 

লাভলীনাই লিখিছে- এবছৰ সময় আঁতৰত থকাৰ পিছত মই মোৰ প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত ভৰি দিছিলো। মই
মোৰ প্ৰথম যুঁজখনতে পৰাস্ত হৈছো। বৰ বিষ হয়💔। ক্ষমা কৰিব, এইবাৰো মই একো কৰিব নোৱাৰিলেো।'

ইংৰাজীত লিখা পোষ্টটোত লাভলীনাই লগতে লিখিছে-  কিন্তু সকলোৱে জানে মই সদায় মোৰ ভাল প্ৰশিক্ষণৰ বাবে যুঁজ দি আহিছো। মই কোনো বিলাসীতা দাবী কৰো, মাত্ৰ বিচাৰো ভাল প্ৰশিক্ষণ।  মই মোৰ বৰ্তমানৰ প্ৰশিক্ষক আৰু দলৰ সদস্য সকলক দোষ দিয়া নাই।  তেওঁলোকে মোক সদায় সমৰ্থন কৰি আহিছে। মোক সদায় সহায় কৰিবলৈ চেষ্টা কৰি আহিছে।

লাভলীনাই আৰু লিখিছে- তেওঁলোকে নিজৰ ১০০% দিলে, আৰু মইও প্ৰতিবাৰেই মোৰ ১০০% দিবলৈ চেষ্টা কৰিলোঁ। কিন্তু
নতুন কিবা এটা শিকিবলৈ সদায় অলপ বেছি সময় লাগে। টকিঅ’ অলিম্পিকৰ আগতে আমাৰ উপযুক্ত আন্তঃৰাষ্ট্ৰীয় শিবিৰ আছিল। মই আগতেই আন্তঃৰাষ্ট্ৰীয় প্ৰশিক্ষণৰ বাবে অনুৰোধ কৰিছিলোঁ। কিন্তু পেৰিছ অলিম্পিকৰ আগতে মই প্ৰতিযোগিতা অতি কম আৰু আন্তঃৰাষ্ট্ৰীয় শিবিৰৰ এক্সপ’জাৰ অতি কম পাইছিলোঁ।

ভাল স্পাৰিং পাৰ্টনাৰ অবিহনে মই নিজকে কেনেকৈ উন্নত কৰি থাকিব পাৰিম বুলিও প্ৰশ্ন কৰিছে লাভলীনাই। তেওঁ লিখিছে- 
আনকি পেৰিছ অলিম্পিকতো মই অকলে থিয় হৈ আছিলো। বাৰে বাৰে নিজকে প্ৰমাণ কৰিব লগা হয়। আৰু সকলোৱে জানে— ক্ৰীড়াত মানসিক শক্তিৰ গুৰুত্ব শাৰীৰিক শক্তিৰ দৰেই। তথাপিও মোৰ দেশক সকলোখিনি দিয়াৰ পিছতো মই প্ৰয়োজনীয় প্ৰশিক্ষণ বা প্ৰশিক্ষক সদায় কিয় নাপাওঁ। প্ৰৱেশ কৰা প্ৰতিখন যুঁজতে অসুবিধাবোৰ অকলে পাৰ হৈ যাওঁ।  মোৰ দেশৰ বাবে মোৰ সকলোখিনি দিয়াৰ পিছত, এতিয়াও মূৰ তললৈ নমাই খোজ কঢ়াটো ঠিকেই আছেনে? যিয়েই নহওক— প্ৰতিশ্ৰুতি দিছো, মই পুনৰ উঠিম। যিকোনো পৰিস্থিতিত মই যুঁজিম। 🥊❤️

লাভলীনাৰ সেই বিশেষ পোষ্টতো আছিল এনেধৰণৰঃ-

After 1 year away, I stepped into my first international competition.
I lost in my very first fight… it hurts. 💔
I’m sorry, I couldn’t do it this time.
But everyone knows—I never fight for anything else, only for my training.
I never demand luxury, I only ask for good training.
I am not blaming my current coaches and team members 🙏
They have always supported me, always tried to help me.
They gave their 100%, and I too tried to give my 100% every single time.
But yes… learning something new always takes a little more time.
Before the Tokyo Olympics, we had proper international camps.
I used to request international sparring partners for training.
But before the Paris Olympics, I got very few competitions and very little international camp exposure.
Without good sparring partners, how can I keep improving myself?
Even in the Paris Olympics, I stood alone.
Every time, I have to prove myself again and again.
And everyone knows—mental strength is just as important in sports as physical strength.
Still, even after giving everything to my country,
I don’t always get the training or coach that I truly need.
Every fight I enter, I cross difficulties alone.
Tell me… is it right to always keep my head down,
to keep training silently despite everything?
After giving my all for my country,
is it right to still walk with my head down?
No matter what—
I promise, I will rise again.
I will fight in any situation. 🥊❤️

লাভলীনা বৰগোঁহাই