গহপুৰত খুলিলে অত্যাধুনিক লাণ্ড্ৰী আৰু ড্ৰাই ক্লিনিং

লখিমপুৰ জিলাৰ ধলপুৰৰ গণকদলনিৰ অৱসৰপ্ৰাপ্ত শিক্ষক সত্য নাৰায়ণ শৰ্মা আৰু শিক্ষয়িত্ৰী মঞ্জু দেৱীৰ উচ্চ শিক্ষিত পুত্ৰ প্ৰাচুৰ্য শৰ্মাই কৰ্মৰ জৰিয়তে প্ৰকৃত অসমীয়াগিৰি দেখুৱাই নৱ প্ৰজন্মৰ বাবে হৈ পৰিছে আদৰ্শৰ প্ৰতীক।

author-image
Asomiya Pratidin
New Update
100

ডিজিটেল সংবাদ, গহপুৰ : লখিমপুৰ জিলাৰ ধলপুৰৰ গণকদলনিৰ অৱসৰপ্ৰাপ্ত শিক্ষক সত্য নাৰায়ণ শৰ্মা আৰু শিক্ষয়িত্ৰী মঞ্জু দেৱীৰ উচ্চ শিক্ষিত পুত্ৰ প্ৰাচুৰ্য শৰ্মাই কৰ্মৰ জৰিয়তে প্ৰকৃত অসমীয়াগিৰি দেখুৱাই নৱ প্ৰজন্মৰ বাবে হৈ পৰিছে আদৰ্শৰ প্ৰতীক। বাংগালুৰুৰ পৰা নেটৱৰ্কিং বিষয়ত ইঞ্জিনীয়াৰিং ডিগ্ৰীধাৰী প্ৰাচুৰ্য শৰ্মাই ইম্ফচিছ নামৰ এটা কোম্পানীত এবছৰ চাকৰি কৰাৰ পিছত চাকৰি এৰি নিজাববীয়াকৈ কিবা এটা কৰাৰ মানসেৰে প্ৰথমে  লখিমপুৰ জিলাৰ বান্দৰদেৱাত অত্যাধুনিক প্ৰযুক্তিৰে বিজ্ঞান সন্মতভাৱে আৰম্ভ কৰে লাউণ্ড্ৰী আৰু ড্ৰাই ক্লিনিং।

কঠোৰ পৰিশ্ৰম, একাগ্ৰতা আৰু সমৰ্পিত মনেৰে কাম কৰি ভাল পোৱা প্ৰাচুৰ্য শৰ্মাই সমান্তৰলকৈ লখিমপুৰত এখন পেট শ্বপ আৰু একুৰিয়ামৰ বিপনীও খোলে।নিজৰ কৰ্মদ্যোমৰ বলত দুয়োটা ব্যৱসায়ত তেওঁ লাহে লাহে সফলতা অৰ্জন কৰে। অসমীয়া যুৱকে সাধাৰণতে কাপোৰ ধোৱা, ইস্ত্ৰি কৰাৰ দৰে কাম কৰিবলৈ লাজ কৰে যদিও শিক্ষিত আৰু সংস্কৃতিৱান 
পৰিয়ালৰ সংস্কাৰী আৰু স্বাধীনচেতীয়া মনৰ যুৱক প্ৰাচুৰ্যই‌  স্বাৱলম্বনৰ পথ হিচাপে সেই পথকে অৱলম্বন কৰি আন দহজনকো কৰ্মসংস্থাপন দিবলৈ সক্ষম হয়।

গহপুৰ নগৰৰ হাজৰিকা চুকৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ উত্তৰ দিশে "পাৰ্ফেক্ট ক্লিন" নামেৰে তেওঁ আন এখন আধুনিক লাউণ্ড্ৰী আৰু ড্ৰাই ক্লিনিঙৰ ব্যৱসায়িক প্ৰতিষ্ঠান আৰম্ভ কৰে প্ৰাচুৰ্য শৰ্মাই। আজি আনুষ্ঠানিকভাৱে ফিটা কাটি উক্ত প্ৰতিষ্ঠানখন মুকলি কৰে গহপুৰ ব্যৱসায়ী সন্থাৰ সাধাৰণ সম্পাদক অশ্বিনী বৰমুদৈয়ে। শুভাৰম্ভ অনুষ্ঠানত উদ্যোগ আৰু বাণিজ্য বিভাগৰ সহকাৰী সঞ্চালক উজ্জ্বল গোস্বামী,জ্যেষ্ঠ সাংবাদিক ভুৱন শইকীয়া, নৱজিৎ শইকীয়া,স্থানীয় যুৱক ভুৱন হাজৰিকাৰ লগতে  প্ৰাচুৰ্য শৰ্মাৰ পিতৃ মাতৃকে ধৰি একাংশ স্থানীয় লোক উপস্থিত থাকে।

গহপুৰ