নতুন দিল্লীত "ইণ্ডো ভিয়েটনাম মৈত্ৰী কেলেণ্ডাৰ ২০২৬"ৰ উন্মোচনী অনুষ্ঠান

অনুষ্ঠান লগত সংগতি ৰাখি নতুন দিল্লীৰ হোটেল তাজ পেলেচত সুধাকণ্ঠ ড° ভূপেন হাজৰিকা, হাৰ্ট থ্ৰব জুবিন গাৰ্গ আৰু দীপক শৰ্মালৈ শ্ৰদ্ধাঞ্জলি জনোৱা হয়। এই অনুষ্ঠানটোৰ আঁত ধৰে কবি প্ৰণৱ কুমাৰ বৰ্মনে।

author-image
Asomiya Pratidin
New Update
grtrtrerere

ডিজিটেল সংবাদ, দিল্লীঃ বুধবাৰে দিল্লীত "ইণ্ডো ভিয়েটনাম মৈত্ৰী কেলেণ্ডাৰ ২০২৬ "ৰ উন্মোচনী অনুষ্ঠান অনুষ্ঠিত হয়। অনুষ্ঠান লগত সংগতি ৰাখি নতুন দিল্লীৰ হোটেল তাজ পেলেচত সুধাকণ্ঠ ড° ভূপেন হাজৰিকা, হাৰ্ট থ্ৰব জুবিন গাৰ্গ আৰু দীপক শৰ্মালৈ শ্ৰদ্ধাঞ্জলি জনোৱা হয়। এই অনুষ্ঠানটোৰ আঁত ধৰে কবি প্ৰণৱ কুমাৰ বৰ্মনে।

এই অনুষ্ঠানতে 'ড্ৰিম ৱেভ'ৰ বেনাৰত এখন নতুন অসমীয়া চিনেমা নিৰ্মাণৰ কথাও জনালে আয়োজক সকলে। উল্লেখ্য যে, জুবিন গাৰ্গ জীৱিত সময়তে বিগত বৰ্ষত এই ছবিখনৰ পোষ্টাৰ মুকলি কৰিছিল।  কিন্তু বিভিন্ন কাৰণত ছবিখনৰ কাম আৰম্ভ হোৱা নাছিল। এইবাৰ জুবিন গাৰ্গৰ সেই আধৰুৱা হৈ ৰৈ যোৱা কাম সম্পূৰ্ণ কৰাৰ কথা জনালে ড্ৰিম ৱেভৰ স্বত্বাধিকাৰ বনজ্যোতি কৌন্দিন্যই।

দিল্লী