/asomiyapratidin/media/media_files/2025/10/11/new-ap-web-3-2025-10-11-19-40-38.jpg)
ডিজিটেল ডেস্কঃ শনিবাৰে নতুন দিল্লীৰ ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠান প্ৰাংগণৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ‘প্ৰধানমন্ত্ৰী ধন-ধান্য কৃষি যোজনা’ আৰু ‘মাহজাতীয় শস্যৰ দ্বাৰা আত্মনিৰ্ভৰশীলতাৰ অভিযান' শীৰ্ষক অভিলাষী আঁচনিৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে।এই অভিযানৰ মূল লক্ষ্য হৈছে- কৃষকসকলক সৱলীকৰণ আৰু জনসাধাৰণৰ খাদ্যৰ মান সুনিশ্চিত (food nutrition security)কৰা।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/10/11/whatsapp-ima-2025-10-11-19-31-21.jpeg)
উক্ত অনুষ্ঠানতেই ৪২০০০ কোটীৰো অধিক ব্যয়েৰে কৃষি আন্তঃগাঠনি পুঁজি,পশুপালন, মীন আৰু খাদ্য সংসাধন খণ্ডৰ ২১০০ ৰো অধিক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/10/11/whatsapp-image-2-2025-10-11-19-31-36.jpeg)
অনুষ্ঠানৰ লগত সংগতি ৰাখি কামৰূপ জিলাৰ অন্তৰ্গত দদৰাস্থিত জ্ঞান কেন্দ্ৰত এখনি সজাগতা সভাৰ আয়োজন কৰা হয়। সেই সভাতে প্ৰায় ৩০০ গৰাকী কৃষকে উদ্বোধনী অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰত অংশ লয়।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/10/11/whatsapp-image-2025-10-11-2025-10-11-19-31-56.jpeg)
অনুষ্ঠানত কামৰূপৰ সহকাৰীআয়ুক্ত ৰাকেশ থাকুৰ, জিলা কৃষি বিষয়া মানৱজ্যোতি দাস, মহকুমা কৃষি উন্নয়ন বিষয়া জ্যোতি প্ৰসাদ দাস, দদৰা পঞ্চায়তৰ সভাপতি মামনি বৰুৱা, শুৱালকুছি আৰু হাজোৰ কৃষি উন্নয়ন বিষয়াদ্বয় ক্ৰমে ভাস্বতি শৰ্মা আৰু কাশ্যপ পৰাগ বেজবৰুৱাৰ লগতে অন্যান্য বিভাগীয় কৰ্মচাৰীসকল উপস্থিত থাকে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us