কেৱল কমেডী কৰাতে নহয়,পঢ়া-শুনাতো ওস্তাদ ভাইৰেল বয় অৰুণ

আপোনাৰ নিশ্চয় মনত আছে সেই বিশেষ হাঁহিটো? যাৰ এটা ভিডিঅ'ই সমগ্ৰ দেশৰ সামাজিক মাধ্যম ব্যৱহাৰকাৰীৰ মুখত হাঁহি বিৰিঙাইছিল। সেই 'ভাইৰেল বয়' অৰুণ কুমাৰে এতিয়া এক নতুন পৰিচয় লাভ কৰিছে।

author-image
Asomiya Pratidin
New Update
new ap web hahi.jpg

ডিজিটেল ডেস্কঃ আপোনাৰ নিশ্চয় মনত আছে সেই বিশেষ হাঁহিটো? যাৰ এটা ভিডিঅ'ই সমগ্ৰ দেশৰ সামাজিক মাধ্যম ব্যৱহাৰকাৰীৰ মুখত হাঁহি বিৰিঙাইছিল।সেই 'ভাইৰেল বয়' অৰুণ কুমাৰে এতিয়া এক নতুন পৰিচয় লাভ কৰিছে। কেৱল কমেডী বা ধেমেলীয়া ভিডিঅ'তে সীমাবদ্ধ নাথাকি অৰুণে এইবাৰ শৈক্ষিক ক্ষেত্ৰত নিজৰ পাৰদৰ্শিতা প্ৰদৰ্শন কৰিছে।

WhatsApp Image 2026-03-09 at 19.16.39

উল্লেখ্য যে, প্ৰাইভেটকৈ হাইস্কুল শিক্ষান্ত পৰীক্ষা দিছিল অৰুণে। প্ৰকৃতাৰ্থত যিসময়ত নেটিজেনে অৰুণক কেৱল এখন 'ভাইৰেল মুখ'ৰ দৃষ্টিৰে চাইছিল,সেই সময়তে নেহৰু নাম এজন যুৱকে অৰুণৰ মাজত নিজৰ হেৰুৱা অতীত বিতাৰি পাইছিল। কিছু বছৰৰ পূৰ্বে অৰুণৰ দৰে ঠিক নেহৰুৱেও পৰিয়ালৰ দায়িত্বৰ গধুৰ বোজা কান্ধ পাতি ল'ব লগা হোৱাত কলেজৰ শিক্ষা আধাতে সামৰিব লগা হৈছিল। 

নেহৰুৱে তেতিয়া প্ৰতিজ্ঞাবদ্ধ হৈছিল যে- তেওঁৰ লগত যি হ'ল সেয়া অৰুণৰ সৈতে কেতিয়াও হ'বলৈ দিয়া নহ'ব। ইয়াৰ পাছৰ পৰা অৰুণৰ বাবে নেহৰু প্ৰকৃতাৰ্থত এজন ভাল পথপদৰ্শক হৈ পৰিছিল। নেহৰুৱে নিজৰ পকেটৰ ধনেৰে অৰুণক কিতাপ কিনি পঢ়াইছিল। পৰীক্ষাৰ মাছুল দিয়াৰ লগতে প্ৰাইভেটকৈ হাইস্কুল শিক্ষান্ত পৰীক্ষা দিয়াৰ সকলো ব্যৱস্থা কৰি দিছিল অৰুণক। সেই পৰীক্ষাৰ আজি ফলাফল ঘোষণা কৰে। অৰুণ কুমাৰে সুখ্যাতিৰে উত্তীৰ্ণ হয়। 

WhatsApp Image 2026-03-09 at 19.17.45

আনফালে, অৰুণৰ এই সাফল্যৰ আঁৰত আছিল কঠোৰ পৰিশ্ৰম। সামাজিক মাধ্যমত জনপ্ৰিয়তা অৰ্জন কৰাৰ পাছতবহুতৰে ধাৰণা আছিল যে তেওঁ হয়তো পঢ়া-শুনাৰ পৰা আঁতৰি যাব নেকি অৰুণ। কিন্তু সেই ধাৰণা ভুল প্ৰমাণ কৰিলে অৰুণে। ভিডিঅ' বনোৱাৰ মাজতো তেওঁ পঢ়া-শুনাৰ বাবে এটা নিৰ্দিষ্ট সময় নিৰ্ধাৰণ কৰি লৈছিল। দিনটোৰ ব্যস্ততাৰ মাজতো তেওঁ নিশা দেৰিলৈকে পঢ়া-শুনা কৰিছিল। 

অৰুণৰ এই খবৰটো বিয়পি পৰাৰ লগে লগে ফেচবুক আৰু ইনষ্টাগ্ৰামত তেওঁৰ অনুৰাগীসকলে অভিনন্দন জ্ঞাপন কৰিছে। একাংশ অৰুণৰ অনুৰাগীৰ মতে, অৰুণ কুমাৰে প্ৰমাণ কৰি দিলে যে মনোৰঞ্জন আৰু শিক্ষা দুয়োটাৰে মাজত ভাৰসাম্য ৰক্ষা কৰাটো সম্ভৱ। এক কথাত মনত বিশ্বাস আৰু সাহস থাকিলে সকলো কৰিব পাৰি। 

'ভাইৰেল বয়' অৰুণ কুমাৰ