/asomiyapratidin/media/media_files/2025/08/27/anuhh-2025-08-27-11-07-53.jpg)
ডিজিটেল ডেস্কঃ পেচাদাৰী ফুটবলাৰ ট্ৰেভিছ মাইকেল কেলচিৰ সৈতে বিবাহপাশত আবদ্ধ বিশ্বৰ ধনী মহিলা সংগীত পৰিচালক তথা কন্ঠশিল্পী টেইলৰ ছুইফ্ট। অচিৰেই এই বিয়াৰ অভ্যৰ্থনা অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানত দেশ-বিদেশৰ বহু প্ৰখ্যাত লোকে অংশ গ্ৰহণ কৰিব।
এই বিয়াখনক লৈ এতিয়া সৰ্বত্ৰে চৰ্চা। ট্ৰেভিছ মাইকেল কেলচিয়ে টেইলৰ ছুইফ্টক পিন্ধোৱা আঙুঠিটোৰ দামেই প্ৰায় ৫কোটি টকাৰ। আনফালে কইনাই দৰাক উপহাৰ দিছে ১৬লাখ টকাৰ এটা ঘড়ী।
উল্লেখ কৰা প্ৰয়োজন যে দুয়োগৰাকী মাজত সম্পৰ্কৰ আৰম্ভ হৈছিল ২০২৩চনৰ পৰা। টেইলৰ ছুইফ্ট হৈছে বিশ্ব তথা আমেৰিকাৰ সবাতোকৈ দামী গায়িকা। ছুইফ্টক উপহাৰ দিয়া আঙুঠিটোৰ দাম প্ৰায় ৪.৮৩কোটি। ২০০বছৰ পুৰণি হীৰাৰে নিৰ্মাণ কৰা হৈছে এই আঙুঠিটো।