Advertisment

প্ৰয়াত যুৱ সাংবাদিক মানসজ্যোতিক সুঁৱৰি স্মৃতিকাতৰৰতাত ডুব গ’ল জাজৰিৰ হেমাৰবড়ি”…

প্ৰয়াত যুৱ সাংবাদিক মানসজ্যোতিক সুঁৱৰি স্মৃতিকাতৰৰতাত ডুব গ’ল জাজৰিৰ হেমাৰবড়ি”…

author-image
asomiyapratidin
New Update
প্ৰয়াত যুৱ সাংবাদিক মানসজ্যোতিক সুঁৱৰি স্মৃতিকাতৰৰতাত ডুব গ’ল জাজৰিৰ হেমাৰবড়ি”…

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ নগাঁও জিলাৰ বটদ্ৰৱাৰ জাজৰিৰ হেমাৰবড়ি গাঁৱৰ প্ৰতিশ্ৰুতি সম্পন্ন সাংবাদিক, শিল্পী প্ৰাণ, প্ৰকৃতিপ্ৰেমী যুৱক মানস জ্যোতি মহন্তৰ অলপতে বিয়োগ হয়। প্ৰতিদিন টাইমৰ মুখ্য কাৰ্যালয়ত কৰ্মৰত সাংবাদিক গৰাকীৰ স্মৃতিত দেওবাৰে "মানসৰ স্মৃতিত শাৰদীয় গধূলি" শীৰ্ষক গীত-মাত-কবিতা এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান হয়।

Advertisment

সাংবাদিক দিব্যজ্যোতি বৰুৱাই আঁত ধৰা অনুষ্ঠানটিত জনপ্ৰিয় সংগীত শিল্পী জিতু শ্ৰাৱনে পৰিবেশন কৰা সুধাকণ্ঠৰ এটি কালজয়ী গীতেৰে অনুষ্ঠানটিৰ আৰম্ভণি হয়। জাজৰি হেমাৰবড়ি গাঁৱৰ নৈসৰ্গিক পৰিবেশত মুকলি আকাশৰ তলত অনুষ্ঠিত অনুষ্ঠানটিত মানস জ্যোতি মহন্তৰ স্মৃতি ৰোমন্থন কৰি সাংবাদিক গৰাকীৰ পিতৃ মহেন্দ্ৰ মহন্তই শৰৎ ঋতুৰ বৰ্ননাত্মক এক তত্বগধুৰ ভাষন প্ৰদান কৰে।

নগাঁও জিলা সাহিত্য সভাৰ উপসভাপতি থগিত মহন্ত, বেবেজীয়া প্ৰেছ ক্লাৱৰ সভাপতি সমীৰ হাজৰিকা, সম্পাদক প্ৰাঞ্জল বৰদলৈ, শিক্ষক তথা সমাজকৰ্মী বিপুল ৰাজকুমাৰ, চন্দ্ৰজিৎ দাস, কবি বিকাশ হাজৰিকা, গুনজিৎ কুুমাৰ দাস, ডিম্বেশ্বৰ লাহন, মহিবুল হক আদি কেইবাগৰাকী ব্যক্তিয়ে সাম্প্ৰতিক সময়, প্ৰকৃতি, সংগীত, কবিতা বিষয়ত কৰা মত বিনিময় অনুষ্ঠানটিত শিল্পী কীৰ্তি কৃষ্টি বৰা, চিতাম্মা হাজৰিকা, ৰুনু বৰাই গীতৰ শৰাই আগবঢ়াই।

বিয়লি ৪ বজাৰ পৰা নিশা ৮ বজালৈ অনুষ্ঠিত অনুষ্ঠানটিৰ মাজতে জেষ্ঠ নাগৰিক প্ৰদীপ চন্দ্ৰ মহন্ত, ভূৱনেশ্বৰ হাজৰিকা, অশ্বিনী মহন্তৰ হাতেৰে প্ৰজ্বলিত বন্তিৰ পোহৰত এক দৃষ্টিনন্দন পৰিবেশৰ সৃষ্টি হয়। অনুুষ্ঠানটিত কবি ৰিমঝিম মহন্ত, শিল্পী তৃতীষা ভৰালী, নিপন নাথ, আজাহাৰ উদ্দিন, শিৱান জ্যোতি কাকতি, নাাচিৰ আহমেদকে প্ৰমুখ্য কৰি কেইবাগৰাকী ব্যক্তি উপস্থিত থাকে।