MSC বেংক কেলেংকাৰীঃ প্ৰয়াত অজিত পাৱাৰ, সুনেত্ৰা পাৱাৰক ক্লিনশ্বীট

মহাৰাষ্ট্ৰ ৰাজ্যিক সমবায় বেংক (MSCB)ৰ সৈতে জড়িত ২৫ হাজাৰ কোটি টকাৰ কেলেংকাৰীৰ অভিযোগত অৰ্থনৈতিক অপৰাধা শাখাই (EOW)য়ে দাখিল কৰা প্ৰতিবেদন মুম্বাইৰ বিশেষ আদালতে স্বীকাৰ কৰিছে।

author-image
Asomiya Pratidin
New Update
CLEANSHITTT

ডিজিটেল ডেস্কঃ মহাৰাষ্ট্ৰ ৰাজ্যিক সমবায় বেংক (MSCB)ৰ সৈতে জড়িত ২৫ হাজাৰ কোটি টকাৰ কেলেংকাৰীৰ অভিযোগত অৰ্থনৈতিক অপৰাধা শাখাই (EOW)য়ে দাখিল কৰা প্ৰতিবেদন মুম্বাইৰ বিশেষ আদালতে স্বীকাৰ কৰিছে। এই কেলেংকাৰীৰ গোচৰত ক্লিনশ্বীট লাভ কৰিলে অজিত পাৱাৰ আৰু সুনেত্ৰা পাৱাৰে। 

EOWৰ তৰফৰ পৰা আদালতক কোৱা হৈছে যে- এই ঘটনাক লৈ কোনো অপৰাধ সংঘটিত হোৱা নাই। ঋণ পৰিশোধৰ ক্ষেত্ৰত সংঘটিত ভুলত কোনো ধৰণৰ অপৰাধ কৰা হোৱা নাই। উল্লেখযোগ্য যে, এই ঘটনাক লৈ এগৰাকী ব্যক্তিয়ে আৱেদন দাখিল কৰিছিল। কিন্তু আৱেদনখন খাৰিজ কৰি বিশেষ আদালতে অজিত পাৱাৰ আৰু সুনেত্ৰা পাৱাৰক ক্লিনশ্বীট দিছে।

ন্যায়ালয়ৰ এই ৰায়দানৰ পাছত প্ৰায় ৭৫ গৰাকী অভিযুক্তই লাভ কৰে ক্লিনশ্বীট। ইয়াৰ ভিতৰত আছে মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্ৰী আৰু এনচিপি নেত্ৰী সুনেত্ৰা পাৱাৰ, সদ্যপ্ৰয়াত প্ৰাক্তন উপ মুখ্যমন্ত্ৰী অজিত পাৱাৰৰ লগতে বহু কেইগৰাকী বেংকটোৰ প্ৰাক্তন বিষয়া আৰু আন একাংশ নেতা।

EOWৰ প্ৰতিবেদনত এই সিদ্ধান্তত উপনীত হৈছে যে বেংকৰ ঋণ আৰু সম্পত্তি বিক্ৰীৰ ক্ষেত্ৰত অনিয়মৰ অভিযোগ উত্থাপন হৈছিল যদিও অপৰাধমূলক কোনো ষড়যন্ত্ৰৰ নিৰ্দিষ্ট প্ৰমাণ পোৱা হোৱা নাই। 

মহাৰাষ্ট্ৰ