/asomiyapratidin/media/media_files/2025/09/24/vdfdfdfd-2025-09-24-10-03-16.jpg)
ডিজিটেল সংবাদ, চিলাপথাৰঃ মঙলবাৰে পঞ্চভূতত বিলীন হ'ল অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গ। মৰমৰ শিল্পীজনৰ অন্তেষ্টিক্ৰিয়াৰ দিনটোতো চিলাপথাৰত বিভিন্ন সংগঠনে জনালে গভীৰ শ্ৰদ্ধাৰ্ঘ।
মঙলবাৰে চিলাপথাৰ নগৰত TMPK-এ অনুষ্ঠিত কৰে এক বিশেষ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। জুবিনৰ প্ৰতিকৃতিত শেষ শ্ৰদ্ধা জনোৱাৰ লগতে সংগ্ৰাম নগৰ পথত দহ হাজাৰ বন্তি প্ৰজ্বলন কৰি আলোকিত কৰি তোলে সমগ্ৰ নগৰ। প্ৰজেক্টৰৰ সহায়ত জনতাৰ শিল্পীজনৰ বহু জনপ্ৰিয় গীত ৰাইজৰ আগত দাঙি ধৰে। নিশা কেবাজনো স্থানীয় শিল্পীয়ে জুবিনৰ বহু কালজয়ী গীত পৰিৱেশন কৰাৰ লগতে শিল্পীজনৰ প্ৰতি অন্যতম শ্ৰদ্ধা প্ৰদান কৰে।