/asomiyapratidin/media/media_files/2025/12/28/hhzjxhzkxlz-2025-12-28-17-39-11.jpg)
ডিজিটেল সংবাদ, ওদালগুৰিঃ ২০২৫ বৰ্ষটোৱে বিদায় লবলৈ মাজত মাথো তিনি দিন বাকী থকাৰ সময়তে ৰাজ্যত পুৰণিক বিদায় দি নতুনক আদৰাৰ প্ৰস্তুতি চলিছে। এই সময়চোৱাত আনন্দ উচাহৰ মাজেৰে লগে ভাগে এসাজ খাই পুৰণিক বিদায় দিয়াৰ বাবে প্ৰতিজন লোকে ইচ্ছা প্ৰকাশ কৰে।
ৰাজ্যত এতিয়া চলিছে বনভোজৰ বতৰ। বিগত বৰ্ষসমূহৰ দৰে এইবেলিও বিভিন্ন বনভোজস্থলীসমূহত দেখা গৈছে বনভোজপ্ৰেমীৰে লোকেলোকাৰণ্য পৰিৱেশ। ব্যতিক্ৰম নহয় ওদালগুৰি জিলাৰ ভাৰত-ভূটান সীমান্তৱৰ্তী প্ৰকৃতিৰ ৰম্যভূমি ভৈৰৱকুণ্ড বনভোজস্থলী। ওদালগুৰি জিলা সদৰৰ পৰা প্ৰায় ২২ কিল'মিটাৰ উত্তৰে অৱস্থিত অসম-অৰুণাচল প্ৰদেশ-ভূটানৰ ত্ৰিবেনী সংগমস্থলী ভৈৰৱকুণ্ডত বিগত বৰ্ষবোৰৰ সমানে এইবেলিও আৰম্ভ হৈছে বনভোজপ্ৰেমীৰ ভিৰ।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/28/whatsapp-image-2025-12-28-17-39-34.jpeg)
বছৰটোৰ অন্তিমটো দেওবাৰ উপলক্ষে আজিও ভৈৰৱকুণ্ড বনভোজস্থলীত বনভোজপ্ৰেমীয়ে ভিৰ কৰা পৰিলক্ষিত হৈছে। ভূটানৰ পৰা বৈ অহা নদীৰ পানীয়ে সৃষ্টি কৰা কুলু-কুলু শব্দই বনভোজস্থলীৰ শোভা সোণত সুৱগা চৰোৱা এই বনভোজস্থলীত এতিয়া ৰাইজ তথা বনভোজপ্ৰেমীৰ অসমৰ ভিন্ন প্ৰান্তৰ বনভোজকাৰী দলৰ আগমন ঘটিছে। এই ভৈৰৱকুণ্ড বনভোজস্থলীলৈ অহা প্ৰতিগৰাকী বনভোজপ্ৰেমীয়ে অতি সহজে ভূটান ৰাষ্ট্ৰত সোমাই প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰাৰ লগতে ভূটানত বসৱাস কৰা লোকসকলৰ জীৱন নিৰ্বাহৰ প্ৰণালী সম্পৰ্কে সহজেই জানিব পাৰিছে। কেৱল ইমানেই ভূটান ৰাষ্ট্ৰত থকা ওলোমা দলঙৰ নতুন অভিজ্ঞতা লাভ কৰাৰ সুবিধা পাইছে বনভোজৰ বাবে অহা লোকসকলে। ইফালে বিগত বনভোজৰ বতৰত বনভোজস্থলীত গঢ়ি উঠা ভূটানৰ মিঠা কমলাৰ সোৱাদে প্ৰতিগৰাকী বনভোজপ্ৰেমীক হাত বাউল দি মতাৰ লগতে চাহিদাও বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। লগতে বনভোজস্থলীত দেখা পোৱা স্থানীয় বিভিন্ন প্ৰজাতিৰ কুকুৰৰ বজাৰখনৰো একেই অৱস্থা। বনভোজত অহা লোকসকলে বিভিন্ন আকাৰৰ বিভিন্ন মূল্যৰ কুকুৰসমূহ বনভোজৰ পৰা উভতাৰ পথত ক্ৰয় কৰি নিয়া পৰিলক্ষিত হৈছে। আন এক উল্লেখ্য দিশ এয়ে যে ভৈৰৱকুণ্ড বনভোজস্থলীলৈ যোৱাৰ পথত আছে এখন বিশাল মানৱসৃষ্ট অৰণ্য।
২০০৫ চনতে গঠিত জে এম এফ চি নামৰ স্বেচ্ছাসেৱী সংগঠন এটাই ২০০৭ চনৰ পৰাই উক্ত পাহৰুৱা শিলেৰে আবৃত অঞ্চলত চলাইছে বন সংৰক্ষণ তথা বৃক্ষৰোপণ কাৰ্যসূচী। যাক মানৱসৃষ্ট অৰণ্যৰূপে সমগ্ৰ দেশখনে জনাজাত হৈ পৰিছে। বৰ্তমান উক্ত অৰণ্যত হাজাৰ হাজাৰ বিভিন্ন প্ৰজাতিৰ গছ আছে। এই মানৱসৃষ্ট অৰণ্যখন চাবলৈ বিভিন্নজনে ভিৰ কৰিছে। বনভোজৰ সময়ত নিৰাপত্তাৰ দিশটোৰ ক্ষেত্ৰতো জিলা প্ৰশাসনৰ লগতে জিলা আৰক্ষী প্ৰশাসনে বনভোজস্থলীৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিছে। বিভিন্ন সময়ত আৰক্ষীয়ে বনভোজস্থলীত পেট্ৰলিঙৰ ব্যৱস্থা কৰিছে। বিশেষকৈ বাহনৰ চালসকলক ব্ৰেথ এনালাইজাৰৰ দ্বাৰা সুৰা সেৱন নকৰাটো নিশ্চিত কৰিছে। লগতে হাই-কাজিয়াৰ পৰিৱৰ্তে বনভোজস্থলীলৈ অহা বনভোজ প্ৰেমীসকলে সুন্দৰভাৱে যাতে বনভোজৰ আনন্দ লাভ কৰিব পাৰে তাৰ ব্যৱস্থা কৰাৰ লগতে সকলোকে শান্তি শৃংখলা বজাই ৰখাৰ আহ্বান জনাইছে।
ইফালে, পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি বনভোজস্থলীত প্লাষ্টিকৰ ব্যৱহাৰ বন্ধ কৰিবলৈ জিলা প্ৰশাসনে আহ্বান জনাইছে। আনহাতে সমগ্ৰ ওদালগুৰি পৰিবহন বিভাগেও বাহনসমূহ চলাচলত সতৰ্কতা বজাই ৰখাৰ আহ্বান জনাইছে। সুৰাপান কৰি বাহন চলোৱাৰ পৰা বিৰত থাকিবলৈ সকলোকে আহ্বান জনোৱাৰ লগতে পথে পথে তালাচীৰো ব্যৱস্থা কৰিছে। ইয়াৰ মাজতে বছৰটোৰ অন্তিমটো দেওবাৰত ৰাজ্যৰ বিভিন্ন বনভোজস্থলীৰ লগতে ওদালগুৰিৰ ভৈৰৱকুণ্ড বনভোজস্থলীতো বনভোজপ্ৰেমীয়ে ভিৰ কৰা পৰিলক্ষিত হৈছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us