অসম-পশ্চিমবংগ-মেঘালয় অশান্ত কৰাৰ লক্ষ্য লস্কৰ-ই-তৈয়বাৰ

পুনৰ উত্তপ্ত হৈ উঠিব পাৰে অসম-পশ্চিম ভাৰত-বাংলাদেশ সীমান্তত। পাকিস্তানৰ পৰা দুৰ্ধৰ্ষ মৌলবাদী সংগঠন লস্কৰ-ই-তৈয়বাৰ এক বৃহৎ দল বাংলাদেশৰ ঢাকা বিমান বন্দৰত আহি উপস্থিত হৈছে।

author-image
Asomiya Pratidin
New Update
laskarrrr

ডিজিটেল সংবাদ, ধুবুৰীঃ পুনৰ উত্তপ্ত হৈ উঠিব পাৰে অসম-পশ্চিম ভাৰত-বাংলাদেশ সীমান্তত। নিৰ্ভৰযোগ্য এটি সূত্ৰই আজি সদৰী কৰা মতে, বাংলাদেশৰ সৈতে পাকিস্তানৰ সম্পৰ্ক অধিক উন্নত হোৱাৰ লগতে বাংলাদেশ-পাকিস্তানৰ মাজত বিমান সেৱাৰ চলাচল স্বাভাৱিক হৈ পৰাত পাকিস্তানৰ পৰা দুৰ্ধৰ্ষ মৌলবাদী সংগঠন লস্কৰ-ই-তৈয়বাৰ এক বৃহৎ দল বাংলাদেশৰ ঢাকা বিমান বন্দৰত আহি উপস্থিত হৈছে।

সূত্ৰ মতে, ৩০ জানুৱাৰীত পাকিস্তানৰ কৰাচীৰ পৰা বিজি-৩৪২ বিমান খন পুৱা ৪-২০ বজাত ঢাকা আহি অৱতৰণ কৰিছিল। সেই বিমানখনতে দুৰ্ধৰ্ষ মৌলবাদী সংগঠন লস্কৰ-ই-তৈয়বাৰ এটি দল ঢাকালৈ আহি গোপন স্থানত আত্মগোপন কৰা বুলি সূত্ৰটোৱে সদৰী কৰিছে।

65b29165-f3bf-43e9-829b-9f6ac198cc23

মন কৰিবলগীয়া যে- অসম,পশ্চিম বংগ, মেঘালয়ৰ এক বৃহৎ অংশ বাংলাদেশৰ সীমা চুই গৈছে। ভাৰত-বাংলাদেশ সীমান্তৰ অতি স্পৰ্শকাতৰ অসমৰ ধুবুৰী জিলা, পশ্চিম বংগৰ কোচবিহাৰ জিলা আৰু মেঘালয়ৰ পশ্চিম গাৰোপাহাৰ জিলাকে ধৰি মেঘালয়ৰ বাংলাদেশ সংলগ্ন সীমামূৰীয়া অঞ্চলসমুহত অশান্ত কৰাৰ লক্ষ্যৰে বাংলাদেশৰ কোনো স্থানতে আত্মগোপন কৰি থকা বুলি নিশ্চিত কৰে সূত্ৰটোৱে।

c478170f-7c5a-421e-a400-9b92a17ef42c

আনহাতে, দেশৰ কেবাটাও ৰাজ্যত হবলগীয়া বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখিয়েই দেশত ৰাষ্ট্ৰবিৰোধী চক্ৰই কুটাঘাত মূলক কাৰ্য সংঘটিত কৰিব পাৰে বুলিও আশংকা ব্যক্ত কৰিছে সূত্ৰটোৱে। সূত্ৰটোৱে সদৰী কৰা মতে, উক্ত দিনা কৰাচীৰ পৰা বাংলাদেশ মুখী বিমানখনত পাকিস্তানৰ উত্তৰ ৱাজিৰিস্তানৰ মইজ উল্লাহ খান, ইব্ৰাহিম খান, শ্বাহ মুক্কামিল, ৰছুল মহম্মদকে ধৰি লস্কৰ-ই-তৈয়বাৰ কেইবা গৰাকী দুৰ্ধৰ্ষ সদস্য বাংলাদেশত আত্মগোপন কৰি থকা বুলি সূত্ৰটোত প্ৰকাশ থাকে।

ভাৰত