ডবকাত বৃহৎ পৰিমাণৰ নিষিদ্ধ মাংস জব্দ : পলাতক ব্যৱসায়ী

হোজাই জিলাৰ ডবকা চহৰত দেওবাৰে আৰক্ষীৰ এক অভিযানক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়।

author-image
Asomiya Pratidin
New Update
206

ডিজিটেল সংবাদ, ডবকা : হোজাই জিলাৰ ডবকা চহৰত দেওবাৰে আৰক্ষীৰ এক অভিযানক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়। ডবকা আৰক্ষী থানাৰ একেবাৰে নিকটৱৰ্তী এলেকাত দীৰ্ঘদিন ধৰি চলি থকা গো-মাংসৰ ব্যৱসায়ৰ বিৰুদ্ধে গোপন সূত্ৰৰ ভিত্তিত অভিযান চলায় আৰক্ষীয়ে।

থানাৰ পৰা মাত্ৰ প্ৰায় তিনি শ মিটাৰ দূৰত আৰু ডবকা গৰু বজাৰৰ কাষতে অৱস্থিত ছাজাহান নামৰ এজন ব্যৱসায়ীৰ গো-মাংসৰ দোকানত অভিযান চলাই আৰক্ষীয়ে প্ৰায় ১ কুইণ্টেল ৫৪ কেজি গো-মাংস জব্দ কৰিবলৈ সক্ষম হয়। লগতে দোকানখনৰ পৰা বহু সংখ্যক দা, কটাৰী আৰু কটা-চেৰাৰ সঁজুলি উদ্ধাৰ কৰা হয়।

অভিযান চলোৱাৰ সময়ত দোকানখনৰ কৰ্মচাৰীসকল পলায়ন কৰিবলৈ সক্ষম হয় বুলি আৰক্ষী সূত্ৰে জানিবলৈ দিয়ে। জব্দ কৰা গো-মাংস আৰু সঁজুলিসমূহ ডবকা আৰক্ষীয়ে থানালৈ লৈ লৈ আহে। অভিযানত ডবকা আৰক্ষী থানাৰ চেকেণ্ড অ’চি ৰূপজ্যোতি কলিতা আৰু এ এছ আই শ্বাহজাহান উপস্থিত আছিল। ঘটনাক কেন্দ্ৰ কৰি আৰক্ষীয়ে অধিক তদন্ত অব্যাহত ৰাখিছে।

ইফালে, স্থানীয় মহলত কচাইজনৰ সৈতে আৰক্ষী বিষয়া দিলিপ বনিয়া আৰু থানাৰ নাগৰিক সমিতিৰ সভাপতি হিমাদ্ৰী নামৰ এজন ব্যক্তিৰ সু-সম্পৰ্ক থকাৰ অভিযোগ উত্থাপিত হৈছে। অভিযোগ অনুসাৰি, উক্ত দুজনৰ আশীৰ্বাদতে দীৰ্ঘদিন ধৰি ব্যৱসায়টো চলি আছিল বুলি চৰ্চা চলিছে।

অৱশ্যে এই সন্দৰ্ভত আৰক্ষীৰ ফালৰ পৰা আনুষ্ঠানিকভাৱে কোনো মন্তব্য দিয়া হোৱা নাই। তদন্তৰ অন্তত দোষীসকলৰ বিৰুদ্ধে আইন অনুসৰি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি আৰক্ষী সূত্ৰে প্ৰকাশ কৰিছে।

ডবকা