ভাৰতীয় জনতা পাৰ্টীত বৃহৎ যোগদান

ভাৰতীয় জনতা পাৰ্টীৰ বৰহাট মণ্ডল উদ্যোগত যুক্তিবাদী জগন্নাথ প্ৰেক্ষাগৃহত অনুষ্ঠিত গৌৰৱময় যোগদান কাৰ্যসূচীত সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ উপস্থিতি দলৰ নীতি, আদৰ্শৰ আকৃষ্ট হৈ পাচঁ শতাধিক সদস্যই নতুনকৈ  যোগদান কৰে ।

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2025-11-17 at 8.43.20 PM

ডিজিটেল ডেস্কঃ ভাৰতীয় জনতা পাৰ্টীৰ বৰহাট মণ্ডল উদ্যোগত যুক্তিবাদী জগন্নাথ প্ৰেক্ষাগৃহত অনুষ্ঠিত গৌৰৱময় যোগদান কাৰ্যসূচীত সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ উপস্থিতি দলৰ নীতি, আদৰ্শৰ আকৃষ্ট হৈ পাচঁ শতাধিক সদস্যই নতুনকৈ  যোগদান কৰে । নতুনকৈ যোগদান কৰা সকলৰ উজ্বল ভৱিষ্যৎ কামনা কৰি ভাৰতীয় জনতা পাৰ্টীৰ আদৰ্শৰে আগুৱাই যোৱাৰ আহ্বান জনায় বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে ৷

উল্লেখ্য যে সভাত বৰহাট মণ্ডলৰ সভানেত্ৰী পূৰবী দুৱৰা গগৈ আৰু সধাৰণ সম্পাদক  ভাস্কৰ জ্যোতি গগৈ আঁত ধৰা এই যোগদান কাৰ্যসূচীত যোৰহাট লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদ তথা অসম ঔদ্যোগিক উন্নয়ন বিভাগৰ অধ্যক্ষ তপন কুমাৰ গগৈ ।

আনফালে, সোণাৰি পৌৰসভাৰ পৌৰপতি তিলক চন্দ্ৰ নেওগ,অসম প্ৰদেশৰ ৰাজ্যিক সদস্য বিজয় ভুমিজ ,টাই আহোম উন্নয়ন পৰিষদৰ সদস্য  গিৰিণ গগৈ,চৰাইদেউ জিলা পৰিষদৰ চেয়াৰমেন সংগীতা গগৈয়ে অংশগ্ৰহণ কৰে ৷

অসম