বিদ্যুতৰ তাঁৰত লাগি দুটা বনৰীয়া হাতীৰ মৃত্যু

হোজাই-পশ্চিম কাৰ্বিআংলং জিলাৰ সীমান্তবৰ্তী খাৰিখানাত সংঘটিত হৈছে এক মৰ্মান্তিক ঘটনা। খাৰিখানা বিলগাঁওত দুটাকৈ বন্যহস্তীয়ে সাৱটি লৈছে কৰুণ মৃত্যুক।

author-image
Asomiya Pratidin
New Update
AP WEB elephant

ডিজিটেল সংবাদ, লংকাঃ হোজাই-পশ্চিম কাৰ্বিআংলং জিলাৰ সীমান্তবৰ্তী খাৰিখানাত সংঘটিত হৈছে এক মৰ্মান্তিক ঘটনা। খাৰিখানা বিলগাঁওত দুটাকৈ বন্যহস্তীয়ে সাৱটি লৈছে কৰুণ মৃত্যুক। ধাননী পথাৰৰ মাজত উদ্ধাৰ হয় মৃত্যু হোৱা বন্যহস্তী দুটা।

ধাননী পথাৰলৈ হাতী আহিবলৈ বাধা দিয়াৰ বাবে লগোৱা বিদ্যুতৰ তাঁৰত লাগি মৃত্যু হয় হাতী দুটা। ইয়াৰে এটা পোৱালী হাতী বুলি জানিব পৰা গৈছে।

ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত। আনহাতে সেই ঠাইত উপস্থিত হৈছে পশু চিকিৎসকৰ দল। এই ঘটনাৰ পাছতে প্ৰকৃতিপ্ৰেমী সকলৰ মাজত সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ।

বন্যহস্তী