লংকাৰ পিয়লী ফুকন মাৰ্কেটত সংঘটিত চুৰিকাণ্ড

চোৰৰ টাৰ্গেট এইবাৰৰ গেলামাল আৰু কাপোৰৰ দোকান।

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2025-11-21 at 11.40.16 AM

ডিজিটেল সংবাদ, লংকাঃ ৰাজ্যত দিনক দিনে বৃদ্ধি পাইছে চুৰিকাণ্ডৰ ঘটনা । এইবাৰ লংকাৰ মাজ মজিয়াত থকা পিয়লী ফুকন মাৰ্কেটত  সংঘটিত হৈছে চুৰিকাণ্ড।  দোকানৰ ওপৰৰ টিঙ কাটি চোৰে দুখনকৈ দোকানত সংঘটিত কৰে চুৰিকাণ্ড।

উল্লেখযোগ্য যে, এখন কাপোৰৰ দোকান আৰু গালামালৰ দোকানত সংঘটিত এই চুৰিকাণ্ডটো । 

ঘটনাৰ বিৱৰণি মতে গালামালৰ দোকানৰ পৰা ২৫০,০০০ লাখ টকা লুটি নিয়াৰ বিপৰীতে কাপোৰৰ দোকানৰ পৰা লুটি নিয়ে ৩ হাজাৰকৈ টকা। চোৰে টাৰ্গেটত লৈছে এই দোকানসমূহ । 

তাৰোপৰি  লংকা আৰক্ষী থানাৰ পৰা মাত্ৰ ২০০ মিটাৰ নিলগত এই চুৰিকাণ্ডৰ ঘটনাটো সংঘটিত হয়। আনফালে ৰাকেশ কুমাৰ আগৰৱালা ওৰফে গুদুৰ আৰু বাবুলাল প্ৰজাপতিৰ দোকানতে  ঘটে এই চুৰিকাণ্ড।

লংকা