ৰাজ্যত দিনক দিনে বৃদ্ধি পাইছে চুৰিকাণ্ডৰ ঘটনা

লংকাত আৰক্ষীৰ হাতত আটক দুই গভাইত চোৰ।

author-image
Asomiya Pratidin
New Update
AP WEB thief

ডিজিটেল সংবাদ, লংকাঃ ৰাজ্যত দিনক দিনে বৃদ্ধি পাইছে চুৰিকাণ্ডৰ ঘটনা। লংকাত ওলাইছে এটা ৰাজমিস্ত্ৰী চোৰ। দিনত পকী গৃহ নিৰ্মাণৰ ৰাজমিস্ত্ৰীৰ ৰূপ লোৱাৰ লগতে নিশা হ'লেই সলনি কৰে ৰূপ । নিশা হ'লেই সংঘটিত কৰে ধৰ্মীয় অনুষ্ঠানত চুৰিকাণ্ড। 

উল্লেখ্য যে  চুৰিকাণ্ড সংঘটিত কৰি লংকাত আৰক্ষীৰ হাতত আটক দুই গভাইত চোৰ। চোৰ দুটাৰ পৰা জব্দ কাঁহ-পিতলৰ পূজাৰ সামগ্রী ,কেইবাজোৰো তাঁল সহ চুৰিকাণ্ডত  ব্যৱহৃত সামগ্রী। ইপিনে লংকাৰ কাষৰীয়া হাৱাইপুৰৰ এটি মন্দিৰৰ পৰা উক্ত সামগ্ৰীসমূহ চুৰি কৰাৰ কথা স্বীকাৰ  কৰিছে আটকাধীন চোৰটোৱে। 

তাৰোপৰি আটকাধীন চোৰ দুটাৰ ক্ৰমে আইবুৰ উদ্দিন আৰু তাজ উদ্দিন। বৰ্তমান লংকা আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে দুয়োকে।  

লংকা