/asomiyapratidin/media/media_files/2025/11/16/ap-web-kaki-2025-11-16-12-13-05.jpg)
ডিজিটেল সংবাদ,লংকাঃ দ্বিতীয় বৃন্দাবনলৈ পৰিণত প্ৰতিখন ৰাসথলী। উজনিত জীৱন্ত ৰাসৰ সমান্তৰালকৈ নামনিত মৃণ্ময় মূৰ্তিৰে কৃষ্ণৰ কাহিনী প্ৰকাশৰ বৰ্ণাঢ্য আয়োজন কৰা হয় । আনফালে এয়া হৈছে লংকাৰ ১ নং কাকী কেন্দ্ৰীয় সাৰ্ব্বজনীন ৰাসোৎসৱৰ দৃশ্য।
প্ৰাণিধানযোগ্য যে লোকে-লোকাৰণ্য হৈ পৰা ৰাসস্থলীত প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনাই পৰিৱেশন কৰে মায়াবিনী শীৰ্ষক গীতটি ।
উল্লেখ্য যে এই গীত পৰিৱেশন কৰাৰ পাছতে পৰিৱেশিত হয় মহাপুৰুষজনাৰ কেলি গোপাল নাটখনি। ৰাসসস্থলীত গোপীসকলক প্ৰাণভৰি নৃত্যত মগন হোৱা দেখা যায় ।
তাৰোপৰি শ্ৰীকৃষ্ণ আৰু গোপীসকলৰ নৃত্যই মোহিত কৰাৰ লগতে শংখচূড়ৰ আগমনেও ৰাসস্থলী অধিক আৰ্কষিত কৰে ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us