/asomiyapratidin/media/media_files/2025/12/10/1-2025-12-10-15-50-29.jpg)
ডিজিটেল সংবাদ,লংকাঃ আজি শ্বহীদ দিৱস। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ হোজাই জিলা প্ৰশাসনৰ উদ্যোগত হোজাই জিলাৰ সদৰ শ্ৰীমন্ত শংকৰদেৱ নগৰৰ কাছাৰী মৈয়দানত স্বহীদ দিৱস অনুষ্ঠিত কৰা হয়। উক্ত অনুষ্ঠানৰ প্ৰথমতেই স্বহীদ বেদীত বন্তি প্ৰজ্বলন, পুষ্পাঞ্জলি জ্ঞাপন কৰে।
/asomiyapratidin/media/post_attachments/a10ed4b4-5d8.png)
উক্ত অনুষ্ঠানত হোজাই জিলা আয়ুক্ত বিদ্যুৎ বিকাশ ভাগৱতী, হোজাই আৰু লামডিং সমষ্টিৰ দুই বিধায়ক ক্ৰমে ৰামকৃষ্ণ ঘোষ আৰু শিবু মিশ্ৰৰ লগতে জিলাখনৰ কেইবাটাও বিভাগৰ বিষয়ামুৰব্বীৰ আৰু ৬ হাজাৰতকৈ অধিক লোকৰ সমাগম ঘটে। উক্ত অনুষ্ঠানৰ লগত সংগতি ৰাখি অনুষ্ঠিত হোৱা সভাত জিলা আয়ুক্ত আৰু হোজাই সমষ্টিৰ বিধায়ক ৰামকৃষ্ণ ঘোষে বহুমুলীয়া ভাষণ প্ৰদান কৰে।
/asomiyapratidin/media/post_attachments/cecea8e8-b9c.png)
প্ৰণিধানযোগ্য যে, গুৱাহাটীৰ পৰা সম্প্ৰচাৰ হোৱা কেন্দ্রীয় স্বহীদ দিৱসৰ অনুষ্ঠান মুখ্যমন্ত্ৰী উপস্থিত থকাৰ সমান্তৰালকৈ এই অনুষ্ঠান ভিডিঅ' কনফাৰেন্সৰ জড়িয়তে সকলো ৰাইজে অংশগ্রহণ কৰাও পৰিলক্ষিত হয় ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us