প্ৰাণৰ শিল্পীগৰাকীৰ জন্মদিনটোৰ বাবে ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ এজন যুৱকৰ

প্ৰাণৰ শিল্পী জুবিন গাৰ্গ অসমবাসীৰ মাজত নাই সেয়া আজি পৰ্যন্ত মানিব পৰা নাই  প্ৰতিজন অসমীয়াই।  কেতিয়াও কল্পনা কৰা নাছিল এনে এটা দিন পাৰ কৰিব লাগিব প্ৰতিগৰাকী অসমীয়াই।

author-image
Asomiya Pratidin
New Update
new ap web  1 (5)

ডিজিটেল সংবাদ,লংকাঃ  প্ৰাণৰ শিল্পী জুবিন গাৰ্গ অসমবাসীৰ মাজত নাই সেয়া আজি পৰ্যন্ত মানিব পৰা নাই  প্ৰতিজন অসমীয়াই।  কেতিয়াও কল্পনা কৰা নাছিল এনে এটা দিন পাৰ কৰিব লাগিব বুলি প্ৰতিগৰাকী অসমীয়াই। 

উল্লেখ্য যে, জুবিন বিহীন আজি ৫৯ টা দিন । কাইলৈ সকলোৰে হিয়াৰ আমঠু গোল্ডীৰ জন্মদিন। প্ৰাণৰ শিল্পীগৰাকী বিহীন কাইলৈ প্ৰথমটো জন্মদিন। তেওঁৰ এই জন্মদিনটোত প্ৰাণৰ শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জনাবলৈ এক ব্যতিক্ৰমী পদক্ষেপ হাতত লৈছে লংকাৰ ১ নং কাকীৰ যুৱক তথা এখন ব্যক্তিগত বিদ্যালয়ৰ শিক্ষক নিৰঞ্জন শইকীয়াই। তেওঁ সোণাপুৰৰ জুবিন সমাধিক্ষেত্ৰলৈ দৌৰেৰে আৰম্ভ কৰে যাত্ৰা । 

আনফালে একাজঁলি শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ লগতে ন্যায়ৰ দাবীৰে এই দৌৰ যাত্ৰা আৰম্ভ কৰা পৰিলক্ষিত হয়। পুৱা ১০ বজাত ১ নং কাকী চাৰিআলিৰ মাজমজিয়াৰ পৰা অসংখ্যজনৰ শুভেচ্ছা  লগত লৈ নিৰঞ্জন শইকীয়াই এই যাত্ৰা আৰম্ভ কৰে।

তাৰোপৰি, যাত্ৰাৰ ফ্লেগ অফ কৰে হোজাই জিলা পৰিষদৰ সভানেত্ৰী জুনটি বৰা ভাগৱতীয়ে।জুবিনৰ অনুৰাগী যুৱকজনে ১৫৯ কিলোমিটাৰ দৌৰি অতিক্ৰম কৰি ১৮ নৱেম্বৰৰ পুৱা জুবিনক্ষেত্ৰত  উপস্থিত হৈ শ্ৰদ্ধাঞ্জলি  জ্ঞাপন কৰিব বুলি জানিব দিয়ে। 

জুবিন গাৰ্গ লংকা