মেঘালয়ত ভূমিস্খলনঃ বন্ধ হৈ পৰিছে শিলচৰৰ-শ্বিলং-গুৱাহাটী সংযোগী ৰাষ্ট্ৰীয় ঘাইপথ

ইষ্ট জয়ন্তীয়া হিলছ জিলাৰ ৰাতাছেৰা আৰু উমকিয়াঙৰ মাজত পাহাৰৰ শিল আৰু মাটি খহি পৰে । এই ঘটনাৰ পাছতে পথত আৱদ্ধ হৈ পৰিছে শ শ যান বাহন।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,শিলচৰঃ মেঘালয়ত ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে। প্ৰাপ্ত তথ্য অনসৰি, ৰাতাছেৰাত পাহাৰৰ শিল-মাটি খহি পৰাত শিলচৰৰ-শ্বিলং-গুৱাহাটী সংযোগী ৬ নং ৰাষ্ট্ৰীয় ঘাইপথ সম্পূৰ্ণ বন্ধ হৈ পৰিছে।

দেওবাৰে নিশা ১১ বজাত ৰাতাছেৰাত সংঘটিত হৈছে ভূমিস্খলন। ইষ্ট জয়ন্তীয়া হিলছ জিলাৰ ৰাতাছেৰা আৰু উমকিয়াঙৰ মাজত পাহাৰৰ শিল আৰু মাটি খহি পৰে । এই ঘটনাৰ পাছতে পথত আৱদ্ধ হৈ পৰিছে শ শ যান বাহন।

উল্লেখ্য যে, ভূমিস্খলনৰ পাছত পূব বৰাক সহ চুবুৰীয়া ৰাজ্য মণিপুৰ মিজোৰাম আৰু ত্ৰিপুৰা দেশৰ বাকী অংশৰ সৈতে যাতায়ত বিচ্ছিন্ন হৈ পৰিছে।

মেঘালয়