/asomiyapratidin/media/media_files/2025/08/11/dasdsd-2025-08-11-21-01-09.jpg)
ডিজিটেল সংবাদ, ওদালগুৰিঃ "বিটিআৰত আইন সংশোধন কৰি হ'লেও কলিতা জনগোষ্ঠীক ভূমি অধিকাৰ প্ৰদান কৰক। প্ৰয়োজনত আইন যিকোনো সময়ত সংশোধন কৰিব পাৰি। যেনেকৈ নহওঁক ভূমিৰ অধিকাৰ প্ৰদান কৰিবই লাগিব। আইন কোনো ভগৱানে নবনাই, আইন মানুহেই বনাই আৰু মানুহেই সংশোধনও কৰিব পাৰে।" এই মন্তব্য সদৌ অসম কলিতা আলপাইন জনগোষ্ঠী সন্মিলনৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক নয়ন কলিতাৰ।
সোমবাৰে সদৌ অসম কলিতা আলপাইন জনগোষ্ঠী সন্মিলনৰ ওদালগুৰি জিলা সমিতিৰ উদ্যোগত সংগঠনটোৰ ওদালগুৰি জিলা সমিতিৰ মুখ্য কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰি এই মন্তব্য কৰে সংগঠনটোৰ কেন্দ্ৰীয় নেতাগৰাকীয়ে। লগতে তেওঁ উল্লেখ কৰে যে, "কলিতাসকল অসমৰ ভূমিপুত্ৰ। এই জনগোষ্ঠীটোৰ ইতিহাস প্ৰায় ৬০০০ বছৰ পুৰণি। এই ভূ-খণ্ডত কলিতা জনগোষ্ঠীয় ৰজা কুমাৰ ভাস্কৰ বৰ্মাই সু-শাসন প্ৰতিষ্ঠা কৰিছিল। অথচ এই বৃহত্বৰ ভূখণ্ডৰ অন্যতম অঞ্চল বি.টি.আৰত ট্ৰাইবেল বেল্ট ব্লক আৰু ষষ্ঠ অনুসূচীৰ দোহাই দি কলিতাসকলক ভূমিৰ অধিকাৰৰ পৰা বঞ্চিত কৰা হৈছে।"
নেতাগৰাকীয়ে লগতে সদৰি কৰে যে, "আইন কোনো ভগৱানে নবনাই, আইন মানুহে বনাই আৰু মানুহে সংশোধনও কৰে। ভাৰতীয় সংবিধান সংশোধন কৰি যদি পাহাৰীয়া অঞ্চলত প্ৰযোজ্য হৈ থকা ষষ্ঠ অনুসূচী সমতল ভূমিত যদি দিব পাৰে, তেন্তে কলিতাসকলক কিয় আজিলৈ সম্পূৰ্ণ মাটিৰ অধিকাৰ দিব পৰা নাই? কেৱল মাত্ৰ প্ৰতিটো নিৰ্বাচনৰ সময়ত ৰাজনৈতিক দল সমূহে কলিতাসকলৰ ভূমিৰ সমস্যাটো ৰাজনৈতিক ইচ্ছ্যু হিচাপে লৈ থাকে আৰু চৰকাৰ গঠনৰ পিছত সমাধান নকৰি সমস্যাটো ওলমাই ৰাখে" বুলিও উল্লেখ কৰে নয়ন কলিতাই।
আনহাতে, সংবাদমেলৰ পূৰ্বে বিটিআৰত কলিতা জনগোষ্ঠীৰ ভূমিৰ অধিকাৰ সন্দৰ্ভত জিলা সমিতিৰ সভাপতি প্ৰণৱ পাঠকৰ সভাপতিত্বত এখন সাধাৰণ সভা অনুষ্ঠিত হয়। সভাখনৰ আঁত ধৰে সন্মিলনৰ ওদালগুৰি জিলা সমিতিৰ সম্পাদক ধনজিৎ বায়নে। সভাত সন্মিলনৰ কেন্দ্ৰীয় সমিতিৰ মুখ্য উপদেষ্টা কনোৰাম কলিতাই বি.টি.আৰত কলিতা জনগোষ্ঠীয়ে বছৰ বছৰ ধৰি ভূগি অহা সমস্যাক লৈ আক্ষেপ প্ৰকাশ কৰে। ২০০৩ চনৰ বি.টি.চি. চুক্তিৰ পিছৰ পৰা কলিতা জনগোষ্ঠীৰ লোকসকল বি.টি.আৰ অঞ্চলত দ্বিতীয় শ্ৰেণীৰ নাগৰিক হিচাপে জীয়াই থকা বুলিও তেখেতে মন্তব্য কৰে। সভাত উপস্থিত থকা অৱসৰ প্ৰাপ্ত শিক্ষক গুণীন দাস, ওদালগুৰি মহাবিদ্যালয়ৰ বিষয় শিক্ষক ৰাতুল ভড়ালী আৰু অৱসৰপ্ৰাপ্ত বিষয় শিক্ষক থনুৰাম দাসে স্ব-গোষ্ঠীয় লোকসকলে মাটিৰ অধিকাৰৰ পৰা বঞ্চিত হোৱাৰ বাবে দুখ প্ৰকাশ কৰে।
সোমবাৰৰ সভাত কলিতা সকলৰ ভূমিৰ সমস্যাকলৈ ৰাইজৰ সৰ্বসন্মতি ক্ৰমে প্ৰস্তাৱ লোৱা হয় যে "কলিতা সকলৰ ভূমিৰ অধিকাৰ বি.টি.আৰত থকা কলিতাসকলে পাব লাগিব। বি.টি. আৰ. নিৰ্বাচনত অংশ গ্ৰহণকাৰী যিটো ৰাজনৈতিক দলে কলিতাসকলৰ মাটিৰ অধিকাৰ দিয়াৰ বিষয়ে দলীয় নিৰ্বাচনী ইস্তাহাৰত লিপিবদ্ধ কৰাৰ লগতে সন্মিলনৰ নেতৃত্বক লিখিত ভাৱে জনাব, সেই ৰাজনৈতিক দলকে কলিতাসকলে ভোট দিয়াৰ চিন্তা চৰ্চা কৰিব" বুলি সভাত প্ৰস্তাৱ গ্ৰহণ কৰা হয়।
সদৌ অসম কলিতা আলপাইন জনগোষ্ঠী সন্মিলনৰ বি.টি.আৰৰ প্ৰতিখন জিলাতে এসপ্তাহৰ ভিতৰত সাধাৰণ সভা অনুষ্ঠিত কৰিব বুলি উল্লেখ কৰি পৰবৰ্তী সময়ত জিলা সমিতি, আঞ্চলিক সমিতি আৰু শাখা সমিতিৰ সহযোগত প্ৰতিঘৰ স্ব-গোষ্ঠীয় লোকক ভূমিৰ সমস্যাক লৈ সচেতন কৰা হব বুলিও কেন্দ্ৰীয় নেতৃত্বই ঘোষণা কৰে। এই সভাত ওদালগুৰি জিলাৰ প্ৰায় শতাধিক কলিতা লোক উপস্থিত থকাৰ উপৰিও কেন্দ্ৰীয় সমিতিৰ শিক্ষা সম্পাদক নগেন কলিতা আৰু তামুলপুৰ জিলা সমিতিৰ সভাপতি ভূপেন্দ্ৰ কলিতাও উপস্থিত থাকে।