লামডিঙত ছাত্ৰক জাবৰ জ্বলাবলৈ নিৰ্দেশ প্ৰধান শিক্ষকৰঃ অগ্নিদগ্ধ ৬ বছৰীয়া ছাত্ৰ

বিদ্যালয়খনৰ প্ৰধান শিক্ষক চজল মজুমদাৰে পাঠদান কৰাৰ সলনি কেইগৰাকীমান কণমানি শিক্ষাৰ্থীক বিদ্যালয় চাফ-চিকুণ কৰাৰ লগতে পুৰণি নথি-পত্ৰ আৰু জাবৰৰ দম জ্বলাবলৈ নিৰ্দেশ দিয়ে।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,লামডিংঃ  চৰকাৰে ৰাজ্যৰ শিক্ষা ব্যৱস্থাৰ আমূল পৰিৱৰ্তন আৰু গুণগত মানদণ্ড বৃদ্ধিৰ বাবে কোটি কোটি টকা ব্যয় কৰি থকাৰ সময়তে লামডিঙৰ এখন চৰকাৰী বিদ্যালয়ত পোহৰলৈ আহিছে এক লজ্জিত কৰা ঘটনা।

পাঠদান কৰাৰ বিপৰীতে ছাত্ৰ-ছাত্ৰীক শ্ৰমিকৰ দৰে কামত লগোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে এগৰাকী প্ৰধান শিক্ষকৰ বিৰুদ্ধে। লামডিং খাংগাৰ গাঁৱৰ নিউ এল পি স্কুলত এই ঘটনা সংঘটিত হৈছে। অভিযোগ অনুসৰি, বিদ্যালয়খনৰ প্ৰধান শিক্ষক চজল মজুমদাৰে পাঠদান কৰাৰ সলনি কেইগৰাকীমান কণমানি শিক্ষাৰ্থীক বিদ্যালয় চাফ-চিকুণ কৰাৰ লগতে পুৰণি নথি-পত্ৰ আৰু জাবৰৰ দম জ্বলাবলৈ নিৰ্দেশ দিয়ে।

শিক্ষকৰ নিৰ্দেশ পালন কৰিবলৈ গৈ জাবৰৰ দমত জুই জ্বলোৱাৰ সময়তে মনোজ দাস নামৰ এজন ছয় বছৰীয়া ছাত্ৰ দুৰ্ঘটনাবশতঃ অগ্নিদগ্ধ হয়। জুইত ছাত্ৰজনৰ হাত গুৰুতৰভাৱে পুৰে আৰু তেওঁ যন্ত্ৰণাত আতুৰ হৈ পৰে।

আঘাতপ্ৰাপ্ত ছাত্ৰজনৰ পিতৃ-মাতৃয়ে এই বিষয়ে বিদ্যালয়লৈ গৈ প্ৰধান শিক্ষকজনক জবাবদিহি কৰাত তেওঁৰ পৰা লাভ কৰা উত্তৰে সকলোকে স্তম্ভিত কৰি তোলে। শিক্ষক চজল মজুমদাৰে এই অমানৱীয় কাণ্ডক বাংলাদেশৰ সাম্প্ৰতিক পৰিস্থিতিৰ লগত তুলনা কৰি দায়িত্ব জ্ঞানহীন মন্তব্য আগবঢ়াই কয় যে, "এই জুই লগাটো একেবাৰে সৰু কথা, ইয়াতকৈও ডাঙৰ জুই বাংলাদেশত লাগিছে।"

আইনী ব্যৱস্থা: প্ৰধান শিক্ষকগৰাকীৰ এনে অমানৱীয় আচৰণ আৰু দায়িত্বহীনতাত ক্ষুব্ধ হৈ ছাত্ৰজনৰ পৰিয়ালে ইতিমধ্যে লামডিং থানাত এক এজাহাৰ দাখিল কৰিছে। বিদ্যালয় এখনৰ পৱিত্ৰ মজিয়াত শিক্ষাৰ্থীক বিপদজনক কামত লগোৱা আৰু তাৰ পাছত এনে সংবেদনহীন মন্তব্য কৰা কাৰ্যক সচেতন মহলে তীব্ৰ গৰিহণা দিছে।

লামডিং লামডিং আৰক্ষী লামডিং চৰকাৰী চিকিৎসালয়