লামডিঙত  আৰক্ষীৰ বৃহৎ সফলতা...

লামডিঙত  আৰক্ষীৰ ড্ৰাগছৰ বিৰুদ্ধে বৃহৎ সফলতা ৷  লামডিং লংকা ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত জব্দ বৃহৎ পৰিমাণৰ হে'ৰইন ৷ শিলচৰৰ দিশলৈ লামডিং হৈ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰে গৈ থকা অৱস্থাত দুজন ড্ৰাগছ সৰৱৰাহকাৰী সহ বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰে লামডিং আৰক্ষীয়ে ৷

author-image
Asomiya Pratidin
New Update
hjjssss

hjjssss Photograph: (hjjssss)

  • লামডিঙত  আৰক্ষীৰ ড্ৰাগছৰ বিৰুদ্ধে বৃহৎ সফলতা ৷ 
  • লামডিং লংকা ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত জব্দ বৃহৎ পৰিমাণৰ হে'ৰইন ৷
  • শিলচৰৰ দিশলৈ লামডিং হৈ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰে গৈ থকা অৱস্থাত দুজন ড্ৰাগছ সৰৱৰাহকাৰী সহ বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰে লামডিং আৰক্ষীয়ে ৷
  • লামডিং আৰক্ষীয়ে হোজাই জিলা আৰক্ষীৰ সহযোগত গোপন সূত্ৰৰ পম  খেদি অভিযান চলাই লামডিং লংকা ২৭নং ৰাষ্ট্ৰীয় পৰা হে'ৰইন সহ দুইজন যুৱকক আটক কৰিবলৈ সক্ষম  হয়।
  • আনহাতে এখন বাহনৰ পৰা আন্ধাৰৰ সুযোগ গ্ৰহণ কৰি এজন  সৰৱৰাহকাৰী পলাই যাবলৈ সক্ষম হয়
  • গ্ৰেপ্তাৰ কৰা যুৱক জনৰ নাম ছাহিদ আহমেদ মজুমদাৰ, ৰাহানুৰ ইছলাম ৷ 
  • যুৱক দুজন শিলচৰ বাসিন্দা বুলি জানিব পৰা গৈছে৷
  • যুৱক জনৰ পৰা ৫০ টা চাবোনৰ বাকচত বৃহৎ পৰিমাণৰ হে'ৰইন জব্দ কৰিবলৈ সক্ষম হয় ।
  • ড্ৰাগছ সৰৱৰাহ কৰাৰ ক্ষেত্ৰত   AS 01 FK 6406 নম্বৰৰ মাৰুতি চুজুকি Celerio আৰু AS 11 AB 4974 নম্বৰৰ এখনি Alto K10 বাহন জব্দ কৰে ৷ 
  • জানিব পৰা মতে বজাৰ মূল্য আনুমানিক ১.৫০ কোটি টকাৰো অধিক ৷
  • বৰ্তমানো লামডিং আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।
অসম