/asomiyapratidin/media/media_files/2026/02/11/hshhs-2026-02-11-09-05-36.jpg)
ডিজিটেল সংবাদ, লামডিংঃ ৬৪ নং লামডিং বিধান সভা সমষ্টিৰ বিজেপিৰ ভিতৰ চৰাত আভ্যন্তৰীণ অন্তৰ্কণ্ডলৰ সৃষ্টি হৈছে। এটা পক্ষই বৰ্তমান বিজেপি বিধায়ক শিবু মিশ্ৰক সমৰ্থন কৰাৰ বিপৰীতে আনটো পক্ষই বিৰোধিতা কৰিছে।
উল্লেখযোগ্য যে ২০২৬ চনৰ বিধানসভা নিৰ্বাচনত লামডিং সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব লাভ কৰিব বুলি বিধায়ক শিবু মিশ্ৰ আশাবাদী হৈ আছে । কিন্তু সমষ্টিটোৰ পৰা একেৰাহে দুবাৰকৈ বিজেপি দলৰ প্ৰাৰ্থী হিচাপে বিজয়ী হোৱা বিধায়ক শিবু মিশ্ৰই কৰিছে শিবু মিশ্ৰই বিগত দহ বছৰ ধৰি সমষ্টি টোৰ বিশেষ কোনো উন্নয়ন কৰিব নোৱাৰিলে।
তদুপৰি লামডিং পৌৰসভাৰ অন্তৰ্গত একাংশ ৱাৰ্ডৰ যাতায়তৰ পথ জৰাজীৰ্ণ হৈ পৰিছে । লামডিঙত নাই পৰ্যাপ্ত পৰিমাণৰ ডাষ্টবিন । যি সময়ত চৰকাৰে কোটি কোটি টকা উন্নয়নৰ বাবে ব্যয় কৰিছে তেনে সময়ত শিবুৰ সমষ্টিত নাই এখন উন্নতমানৰ পশু চিকিৎসালয় ।
শোচনীয় তথা চিকিৎসকৰ অভাৱনীয় পৰিস্থিতিৰে জৰাজীৰ্ণ লামডিং পশু চিকিৎসালয়। নাই ঔষধ নাই কোনো পানী নাই কোনো ধৰণৰ ব্যৱস্থা । চিকিৎসকৰ অভাৱনীয় পৰিস্থিতিৰ বাবেই মৃত হৈছে পোহনীয়া কুকুৰকে ধৰি গৰু ছাগলী ।। ৰাস্তা পদূলি কাম কিছু পৰিমাণে উন্নত মানৰ নিৰ্মাণ হৈছে যদিও ছমাহৰ ভিতৰতেই একাংশ অঞ্চলৰ পথসমূহ জহি খহি পৰা পৰিলক্ষিত হৈছে।
লামডিং সমষ্টিত পথ নিৰ্মাণৰ বাবে পাঁচ বছৰত চাৰিশ কোটি টকাৰো অধিক ধন আগবঢ়াইছে অসম চৰকাৰে এই মন্তব্য লামডিঙৰ এক দলীয় সভাত মন্ত্ৰী পীয়ুষ হাজৰিকা প্ৰদান কৰিছিল । মন্ত্ৰী গৰাকীয়ে সভাত উপস্থিত হৈ সাহসৰে কয় যে কংগ্ৰেছ চৰকাৰে পথ নিৰ্মাণৰ বাবে ৩০/৪০ কোটি টকা ব্যয় কৰিছিল কিন্তু বিজেপী চৰকাৰে কেৱল উন্নতমানৰ পথ নিৰ্মাণৰ বাবে পাঁচশ কোটি টকা সমষ্টিত প্ৰদান কৰে ।
মন্ত্ৰী গৰাকীৰ এই মন্তব্য শুনাৰ পিছতেই খলকনি তুলিছে লাগিছে লামডিঙৰ জনগণৰ মাজত । যদিহে পাঁচ বছৰত পাঁচশ কোটি টকা প্ৰদান কৰে তেনেহলে বিগত দহ বছৰত লামডিং সমষ্টিটোৰ উন্নয়নৰ বাবে বিধায়কক কিমান কোটি চৰকাৰে প্ৰদান কৰিছিল ?? যদি মন্ত্ৰী গৰাকীৰ ভাষ্য সঁচা হয় তেনেহলে বিগত দহ বছৰত এহেজাৰ কোটি টকা চৰকাৰী অনুমোদনৰ কিমান শতাংশ কাম হল ??
বিধায়ক শিবু মিশ্ৰৰ পৰা এহেজাৰ কোটি টকাৰ হিচাপ লব নে লামডিং সমষ্টিৰ ২ লাখ ৪৪ হাজাৰৰ ভোটাৰে নে প্রতুত্তৰ দিব আগন্তুক নিৰ্বাচনত ।।বিধায়ক শিবু মিশ্ৰৰ কৰ্ম কাণ্ডই এতিয়া সমষ্টিটোৰ দলীয় কৰ্মীৰ মাজতো বিভাজনৰ সৃষ্টি কৰিছে ।। ঘনিষ্ঠ আৰু পৰিয়ালকেন্দ্ৰিক ভাবে কাম কৰি অহা বিধায়ক শিবু মিশ্ৰৰ কাৰ্য্যকালত পুৰণি দলীয় কৰ্মীসকলক দলৰ পৰা এলাগী কৰাৰো অভিযোগ উত্থাপন হৈছে ।
এইবাৰ বিধায়ক শিবু মিশ্ৰৰ লগতে বিজেপি দলৰ পৰা টিকট প্ৰত্যাশী প্ৰদীপ ছীল ,শেখৰ চক্ৰৱৰ্তী ,শীলাদিত্য দেৱ, সদৌ অসম বেংগলী যুৱ ছাত্ৰ ফেডাৰেশ্বনৰ প্ৰাক্তন সভাপতি প্ৰদীপ দে , ৰাজীৱ ঘোষ , শ্যামল ৰক্ষিত আৰু প্ৰাক্তন বিজেপি বিধায়ক সুশীল দত্ত ।।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us