বিহাৰ নিৰ্বাচনঃ বিজেপি, JDUক চেৰাই শীৰ্ষত আছে লালুৰ দল...

বিহাৰত লালুৰ যাদু আজিও অব্যাহত আছে। যদিও এইবাৰৰ নিৰ্বাচনত লালু প্ৰসাদ যাদৱৰ দল আৰ জে ডি দলৰ আসনৰ সংখ্যা হ্ৰাস পাইছে, তথাপিও মুঠ ভোটৰ ক্ষেত্ৰত শীৰ্ষত আছে এই দলটো। দুপৰীয়া ১২বজালৈকে নিৰ্বাচন

author-image
Asomiya Pratidin
New Update
ddadadadad

ডিজিটেল ডেস্কঃ বিহাৰত লালুৰ যাদু আজিও অব্যাহত আছে। যদিও এইবাৰৰ নিৰ্বাচনত লালু প্ৰসাদ যাদৱৰ দল আৰ জে ডি দলৰ আসনৰ সংখ্যা হ্ৰাস পাইছে, তথাপিও মুঠ ভোটৰ ক্ষেত্ৰত শীৰ্ষত আছে এই দলটো। দুপৰীয়া ১২বজালৈকে নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি, আৰ জে ডি দলে ২৩.০২শতাংশ ভোট। দলটোৱে ৩৩০৬৯৪৮টা ভোট লাভ কৰিছে।

মুঠ ভোটৰ লাভৰ ক্ষেত্ৰত দ্বিতীয় স্থানত আছে বিজেপি। বিজেপিয়ে মুঠ ভোটৰ ভিতৰত ২১.৪৬শতাংশ ভোট লাভ কৰিছে। বিজেপিয়ে লাভ কৰা মুঠ ভোটৰ সংখ্যা হৈছে ৩০৩৮৯৭২টা ভোট।

আনফালে তৃতীয় স্থানত আছে নীতিশ কুমাৰৰ জে ডি ইউ দল। দলটোৱে দুপৰীয়া ১২বজালৈকে লাভ কৰিছে ১৯.০৪শতাংশ ভোট। জে ডি ইউ দলে লাভ কৰিছে  ২৭৩৪১০১টা ভোট। 

উল্লেখ কৰা প্ৰয়োজন যে, কংগ্ৰেছে এতিয়ালৈকে লাভ কৰিছে ৮.২১শতাংশ ভোট।  

বিহাৰ বিহাৰ চৰকাৰ বিহাৰ দিৱস