বিহাৰত ৰাহুল-তেজস্বীৰ নিমিলা অংক!

বিহাৰত আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে কংগ্ৰে‌ছে অধিক আসনৰ দাবী জনাইছে, যদিও লালু প্ৰসাদ যাদৱে নিজ দলৰ শক্তিৰ বিষয়ত কোনো আপোচ নকৰে বুলি ইতিমধ্যে স্পষ্ট কৰিছে।

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2025-09-13 at 11.57.37 PM

ডিজিটেল ডেস্কঃ  শেহতীয়াকৈ বিহাৰত অনুষ্ঠিত ভোটাৰ অধিকাৰ যাত্ৰাত কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু ৰাষ্ট্ৰীয় জনতা দলৰ নেতা তেজস্বী যাদৱৰ সম্পৰ্কত কিছু ফাঁট মেলা পৰিলক্ষিত হৈছে। INDIA ব্লকৰ নেতা সকলক ৰাজ্যখনত আসন ভাগ-বতৰাৰ চুক্তিত বিশেষ গুৰুত্ব প্ৰদান কৰা হ'ব বুলি আশা কৰিছিল যদিও দুই নেতৃত্বৰ মাজত সৃষ্টি হোৱা খামখেয়ালিয়ে এই আশাত চেঁচা পানী ঢালিছে।

আৰজেডি ৰ নেতা লালু প্ৰসাদ যাদৱে কংগ্ৰেছৰ সৈতে আসন আবণ্টনৰ প্ৰশ্নত নিজৰ অৱস্থান কঠোৰ কৰি তুলিছে। বিহাৰত আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে কংগ্ৰে‌ছে অধিক আসনৰ দাবী জনাইছে, যদিও লালু প্ৰসাদ যাদৱে নিজ দলৰ শক্তিৰ বিষয়ত কোনো আপোচ নকৰে বুলি ইতিমধ্যে স্পষ্ট কৰিছে।

আনহাতে বিহাৰ নিৰ্বাচনক লৈ কংগ্ৰেছ দল বৰ্তমান নতুন আস্থাৰে আগবাঢ়ি আহিছে। এই আস্থা মূলতঃ যাত্ৰাৰ সময়ত কংগ্ৰেছ দল বিশাল জনসমাগমৰ সাক্ষী হৈছিল আৰু তাৰেই ফলাফল বুলি ধাৰণা কৰা হৈছে।কংগ্ৰেছে ৰাজ্যখনত কিছু আত্মবিশ্বাস দেখুৱাইছে।

দলটোৱে বৰ্তমান ২০২০ চনৰ দৰেই পুনৰ ৭০খন বিধানসভাৰ আসনৰ বাবে হেঁচা প্ৰয়োগ কৰিছে, যদিও সেই সময়ত মাত্ৰ ১৯খন আসন লাভ কৰিবলৈ সক্ষম হৈছিল। যোৱা বছৰ লাভ কৰা লোকসভাৰ তিনিখন আসনে দলৰ মনোবল বৃদ্ধি কৰিছে। বিহাৰ কংগ্ৰেছৰ সভাপতি ৰাজেশ ৰামে কয় যে আলোচনা চূড়ান্ত পৰ্যায়ত আছে আৰু শীঘ্ৰে ঘোষণা কৰা হ’ব।

কংগ্ৰেছৰ এই স্থিতিৰ পাছতে সক্ৰিয় হৈ পৰিছে ব্যক্তিগতভাৱে হস্তক্ষেপ কৰিছে আৰজেডিৰ মুৰব্বী লালু প্ৰসাদ। তথ্য অনুসৰি তেওঁ কংগ্ৰেছক প্ৰথমে প্ৰাৰ্থীৰ নাম ঘোষণা কৰিবলৈ আহ্বান জনাইছে। আৰজেডি য়ে ৫২ খন আসন দিবলৈ ইচ্ছুক, যদিও আৰজেডিৰ শক্তিশালী অঞ্চলসমূহত কংগ্ৰেছৰ ২০-২৫টা আসনৰ দাবীয়ে দলটোক অস্বস্তিত পেলাইছে

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে, ভোটাৰ অধিকাৰ যাত্ৰাৰ সময়ত তেজস্বীয়ে ৰাহুলক প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে মুকলিকৈ প্ৰক্ষেপ কৰিছিল যদিও ৰাহুল গান্ধীয়ে এতিয়াও তেজস্বী যাদৱক মিত্ৰজোঁটৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে সমৰ্থন নকৰাতও অসন্তুষ্ট হৈ পৰিছে দলটো।

তেজস্বী যাদৱ বিহাৰ