অসুস্থ লালকৃষ্ণ আদৱানি...

অসুস্থ লালকৃষ্ণ আদৱানি...

author-image
Asomiya Pratidin
New Update
অসুস্থ লালকৃষ্ণ আদৱানি...

ডিজিটেল ডেস্কঃ ভাৰতীয় জনতা পাৰ্টিৰ জ্যেষ্ঠ নেতা তথা  দেশৰ বৰ্ষীয়ান ৰাজনীতিবিদ লালকৃষ্ণ আদৱানি বুধবাৰে হঠাতে অসুস্থ হৈ পৰে। বুধবাৰে নিশাই ৰাজনীতিবিদগৰাকীক ভৰ্তি কৰা হয় দিল্লীৰ এইমছত। অৱশ্যে শেহতীয়াকৈ চিকিৎসকে সদৰি কৰিছে যে, বৰ্তমান তেওঁৰ স্বাস্থ্য সুস্থিৰ। ভাৰতৰত্ন তথা প্ৰাক্তন উপ প্ৰধানমন্ত্ৰীগৰাকীক বৰ্তমান চিকিৎসকে তত্বাৱধানত ৰাখিছে। চিকিৎসকে সদৰি কৰা অনুসৰি, বয়সজনিত কিছু সমস্যাত ভুগি আছে বৰ্ষীয়ান ৰাজনীতিবিদগৰাকী।

Advertisment

উল্লেখ কৰা প্ৰয়োজন যে, ১৯৫১চনত জন্ম হৈছিল লালকৃষ্ণ আদৱানিৰ। শ্যামা প্ৰসাদ মুৰ্খাজীয়ে যেতিয়া জন সংঘ স্থাপন কৰিছিল, তেতিয়াই পাৰ্টিৰ সচিব পদত আছিল আদৱানি। ১৯৭৩ৰ পৰা ১৯৭৭চনলৈকে জনসংঘৰ অধ্যক্ষৰ পদতো আছিল তেওঁ। ১৯৮০চনত বিজেপি গঠন হোৱাৰ পাছত অন্যতম এগৰাকী প্ৰতিষ্ঠাপক সদস্য আছিল লালকৃষ্ণ আদৱানি। ১৯৮৬ৰ পৰা ১৯৯১ৰ লৈকে বিজেপিৰ অধ্যক্ষ পদতো আছিল তেওঁ।

তিনিবাৰকৈ বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ পদত অধিষ্ঠিত হৈছিল আদৱানি। ৫বাৰকৈ লোকসভাৰ সাংসদ, ৪বাৰ ৰাজ্যসভাৰ সাংসদৰ লগতে ১৯৭৭চনৰ পৰা ১৯৭৯ৰ লৈকে প্ৰথমবাৰৰ বাবে কেন্দ্ৰীয় মন্ত্ৰীৰ দায়িত্ব লাভ কৰিছিল। গুজৰাটৰ পৰা অযোধ্যালৈ ৰথযাত্ৰা আৰম্ভ কৰা মানুহজনেই আছিল লালকৃষ্ণ আদৱানি।

লালকৃষ্ণ আদৱানি