/asomiyapratidin/media/media_files/2025/10/04/475-2025-10-04-21-11-30.jpg)
ডিজিটেল সংবাদ, বাক্সা : শাৰদীয় দুৰ্গোৎসৱৰ পিছতে চৌদিশে এতিয়া লক্ষ্মী পূজাক লৈ উদযাপন সমিতিসমূহে প্ৰস্তুতি চলোৱা পৰিলক্ষিত হৈছে। অন্যান্য প্ৰান্তৰ লগতে বাক্সা জিলাৰ মুছলপুৰ মহকুমাৰ ভিন্ন স্থানত এইবাৰ উলহ-মালহেৰে উদযাপন কৰা হ'ব লক্ষ্মী পূজা।
অহা ৬ অক্টোবৰৰ পৰা ১১ অক্টোবৰলৈ ৬ দিনীয়া বৰ্ণাঢ্য কাৰ্য-ক্ৰমণিকাৰে বাক্সা জিলাৰ মুছলপুৰৰ সমীপৱৰ্তী গাৰামদেউত উদযাপিত হ'ব ৮৬ সংখ্যক শ্ৰীশ্ৰী লক্ষ্মী পূজা মহোৎসৱ। গাৰামদেউ লক্ষ্মী মন্দিৰ প্ৰাঙ্গণত অনুষ্ঠিতব্য পূজা মহোৎসৱৰ কাম ইতিমধ্যে প্ৰায় সম্পূৰ্ণ হৈ উঠিছে।
উদযাপন সমিতিৰ প্ৰচাৰ সম্পাদক জিণ্টুমণি দাসে জানিব দিয়া অনুসৰি এইবেলি পূজা মহোৎসৱ অইনবেলিৰ দৰে গতানুগতিকভাৱে আয়োজন নকৰি সমূহ গাৰামদেউবাসী ৰাইজৰ সহযোগত কিছু ব্যতিক্ৰমী আৰু নতুন চিন্তাৰে আয়োজন কৰা হৈছে। কাৰ্যসূচী অনুসৰি ৬ অক্টোবৰৰ পুৱা ৭-১৫ বজাত জল আনয়ন কাৰ্যসূচীৰ পিছতে ৮-৩০ বজাত মুখ্যদ্বাৰ উদ্ঘাটন কৰা হ'ব।
উক্ত কাৰ্যসূচীত মুখ্যদ্বাৰ উদ্ঘাটক হিচাপে উপস্থিত থাকিব নীলাচল এগ্ৰ' প্ৰডিউচিং কোম্পানী লিমিটেডৰ মুখ্য কাৰ্যবাহী বিষয়া মানস প্ৰতীম কলিতা। পুৱা ১০ বজাত অসমবাসীৰ হিয়াৰ আমঠু লুইতকণ্ঠ জুবিন গাৰ্গৰ স্মৃতিত নাহৰ গছৰ পুলি ৰোপণৰ এক বিশেষ কাৰ্যসূচী ৰূপায়ন কৰিব।
এই কাৰ্যসূচীত মুখ্য ৰোপক হিচাপে উপস্থিত থাকিব অসম চৰকাৰৰ বন আৰু পৰিবেশ বিভাগৰ ব্ৰেণ্ড এম্বেচাদৰ আনন্দ খাটনিয়াৰ। আনহাতে দিনটোৰ অন্যান্য কাৰ্যসূচী সমূহ ক্ৰমে পতাকা উত্তোলন, স্মৃতি তৰ্পণ, বন্তি প্ৰজ্বলন, মাল্যাৰ্পণ ইত্যাদি।
সন্ধিয়া পূজা স্থলীত বন্তি প্ৰজ্বলন কৰি মন্দিৰৰ দ্বাৰ উদ্ঘাটনৰ পিছতেই মূল পূজা অনুষ্ঠিত হ'ব। ৭ অক্টোবৰৰ পুৱা আয়তীৰ নাম প্ৰসংগৰে দিনটোৰ অনুষ্ঠানৰ আৰম্ভণি হ'ব।
আবেলি থাকিব ঢুলীয়া প্ৰদৰ্শন আৰু সন্ধিয়া সম্বৰ্ধনা অনুষ্ঠান আৰু আমন্ত্ৰিত নৃত্য দলৰ নৃত্যানুষ্ঠান। উক্ত কাৰ্যসূচীৰ প্ৰাক মুহূর্তত মঞ্চ উদ্ধোধন কৰিব ২৩ নং দিহিৰা পৰিষদীয় সমষ্টিৰ এমচিএলএ আগাষ্টুছ টিগ্গাই।
কাৰ্যসূচী অনুসৰি ৮ অক্টোবৰত আয়তীৰ নাম প্ৰসংগ, ঢুলীয়া প্ৰদৰ্শন, সম্বৰ্ধনা অনুষ্ঠান আৰু এখন শৈক্ষিক সভা অনুষ্ঠিত হ'ব। বাক্সা জিলাৰ জালাহৰ অনন্ত একাডেমী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ অধ্যক্ষ ড° ভৱেশ শৰ্মাই উদ্বোধন কৰিবলগীয়া সভাখনত আলোচক হিচাপে উপস্থিত থাকিব বৰমা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক দিলীপ কুমাৰ শৰ্মা আৰু সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক কংকনজ্যোতি শৰ্মা।
লগতে উপস্থিত থাকিব ভ্ৰাম্যমাণ তথা চলচিত্ৰ জগতৰ তিনিগৰাকী অভিনেতা-অভিনেত্ৰী ক্ৰমে প্ৰাঞ্জনা দত্ত, দেবাশ্ৰী দাস আৰু চাজু আহমেদ। আনহাতে ৯ অক্টোবৰৰ দিনাখন পুৱাৰ পৰা বিভিন্ন কাৰ্যসূচীৰ উপৰি নিশা ৯ বজাত ময়ূৰপংখী ভ্ৰাম্যমাণ নাট্যদলে নাট মঞ্চস্থ কৰিব।
১০ অক্টোবৰৰ দিনাখন পুৱাৰ পৰা বিভিন্ন কাৰ্যসূচীৰ অন্তত সন্ধিয়া দৰঙৰ কুসুম দেৱীৰ নাগাৰা নাম দলে নাগাৰা নাম প্ৰদৰ্শন কৰিব। ইফালে ১১ অক্টোবৰ অন্তিম দিনাখন সাংস্কৃতিক সন্ধিয়াৰে ৬ দিনীয়া কাৰ্যক্ৰমৰ সমাপ্তি ঘটিব।
উক্ত দিনা মুছলপুৰ ডিগ্ৰী কলেজৰ অধ্যক্ষ ড° প্ৰিয়নাথ বসুমতাৰীয়ে উদ্ধোধন কৰিব লগীয়া জুবিন গাৰ্গ সোঁৱৰণী সাংস্কৃতিক সন্ধিয়াৰ বিশেষ আকৰ্ষণ হিচাপে থাকিব কণ্ঠশিল্পী সুৰেখা চেত্ৰী আৰু পল্লৱ ডেকাৰ গীতৰ শৰাই। লগতে ১০ আৰু ১১ অক্টোবৰত ভ্ৰাম্যমাণ নাট্য জগতৰ অন্যতম নাট্যদল কহিনুৰ থিয়েটাৰে নাট প্ৰদৰ্শন কৰিব।
আটাইকেইটা দিনৰ প্ৰতিটো কাৰ্যসূচীত ৰাইজৰ সহযোগিতা কামনা কৰিছে ৮৬ সংখ্যক গাৰামদেউ শ্ৰী শ্ৰী লক্ষ্মী পূজা মহোৎসৱ উদযাপন সমিতিৰ সভাপতি ভৱানন্দ দাস, উপ-সভাপতি ৰঞ্জিত কলিতা আৰু সম্পাদক হিৰণ্য কলিতাই।