যশস্বী গীতিকাৰ, গায়িকা আৰু শিক্ষাবিদ ড° লক্ষহীৰা দাসৰ দেহাৱসান...

যশস্বী কবি, গীতিকাৰ, গায়িকা আৰু শিক্ষাবিদ ড° লক্ষহীৰা দাস আৰু নাই। শনিবাৰে পুৱতি নিশা ৰাজগড়স্থিত বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে তেওঁ। পৰিয়ালৰ লোকে সদৰি কৰা অনুসৰি, কিছুদিনৰ পৰা অসুস্থ হৈ থকা ড° লক্ষহীৰা দাসক কিছুদিনৰ

author-image
Asomiya Pratidin
New Update
web ap das

web ap das Photograph: (web ap das)

ডিজিটেল ডেস্কঃ যশস্বী কবি, গীতিকাৰ, গায়িকা আৰু শিক্ষাবিদ ড° লক্ষহীৰা দাস আৰু নাই। শনিবাৰে পুৱতি নিশা ৰাজগড়স্থিত বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে তেওঁ। পৰিয়ালৰ লোকে সদৰি কৰা অনুসৰি, কিছুদিনৰ পৰা অসুস্থ হৈ থকা ড° লক্ষহীৰা দাসক কিছুদিনৰ পূৰ্বে হস্পাতালৰ পৰা ঘৰলৈ অনা হৈছিল। শনিবাৰে হঠাতে স্বাস্থ্যৰ অধিক অৱনতি ঘটাত পুনৰ হাস্পতাললৈ নিবলৈ ওলোৱাৰ সময়তে ঘৰতেই পুৱতি নিশা ২.৩০বজাত তেখেতৰ মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯৪বছৰ। 

Advertisment

১৯৩১ চনৰ ১৩ ফেব্ৰুৱাৰীত তেখেতে জন্মগ্ৰহণ কৰিছিল। পিতৃৰ নাম চন্দ্ৰ বৈশ্য সাউদ আৰু মাতৃ ধৈৰ্যবালা। গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ স্বীকৃতিপ্ৰাপ্ত গীতিকাৰ আছিল তেওঁ। প্ৰকাশিত পুথি- প্ৰথমা, গীতাৰ্ঘ্য, লক্ষহীৰাৰ গীত, প্ৰাণৰ মুক্তিধাৰা, অস্কাৰ ৱাইল্ডৰ গল্প (অনূদিত), তপসী, প্ৰাণগংঘা, সূৰ্য আৰু সাগৰৰ সাধু আদি।

বহুসংখ্যক পাঠ্যপুথিৰ প্ৰণেতা আছি তেওঁ। সৰাপাত আৰু লাচিত বৰফুকন চলচ্চিত্ৰত কণ্ঠদান কৰিছিল। ১৯৬৮ চনত লাচিত বৰফুকন ছবিৰ বাবে শ্ৰেষ্ঠা নেপথ্য কণ্ঠশিল্পীৰ বঁটা লাভ কৰে। ভূপেন হাজৰিকা বঁটা প্ৰাপ্ত সুদক্ষ গায়িকা আছিল ড লক্ষহীৰা দাস। 

২০২২চনত সাদিন-প্ৰতিদিন গোষ্ঠীৰ পৰা আগবঢ়োৱা সাহিত্য সাংবাদিকতা বটাঁ লাভ কৰিছিল তেওঁ। 

অসম সাহিত্য সভাৰ শুৱালকুছি অধিবেশনৰ কবি সন্মিলনৰ সভানেত্ৰী (১৯৭৯), অসম সাহিত্য সভাৰ বাসন্তী বৰদলৈ বঁটা (১৯৯৫), সংগীতাচাৰ্য উপাধি (১৯৯৫), অসম চৰকাৰৰ শিল্পী বঁটা (২০০৩), প্ৰবীণা শ‌ইকীয়া বঁটা (২০০৯), শৈলধৰ ৰাজখোৱা বঁটা (২০১১), হাউলী বঁটা (২০১৫), ভূপেন হাজৰিকা বঁটা (২০১৯) আদি বটাঁ লাভ কৰিছিল তেওঁ। পৰিবেশ্য কলাত সামগ্ৰিক অৱদানৰ কাৰণে ড° লক্ষ্যহীৰা দাসে সংগীত নাটক একাডেমী বঁটা (২০২২) লাভ কৰিছিল। 

গুৱাহাটী