/asomiyapratidin/media/media_files/2025/11/14/1-2025-11-14-22-21-54.jpg)
ডিজিটেল সংবাদ,ঢকুৱাখনাঃ লাখে লাখে টকা উদ্ধাৰ হৈছে ঢকুৱাখনাত। কাৰোবাৰ ঘৰৰ ভিতৰত যদি উদ্ধাৰ হৈছে কাৰোবাৰ আকৌ চোতালৰ গাঁত খান্দি উদ্ধাৰ হৈছে এই বৃহৎ ধন ৰাশি। ঢকুৱাখনা সমজিলাৰ ঘিলামৰা আৰক্ষী থানাৰ অন্তৰ্গত গ্ৰামাঞ্চলত উদ্ধাৰ হৈছে এই বৃহৎ ধন ৰাশি। ডিব্ৰুগড় জিলাৰ চাবুৱা আৰক্ষীয়ে ঢকুৱাখনাত দুদিন ধৰি অভিযান চলাই উদ্ধাৰ কৰিছে এই বিশাল ধনৰাশি।
ঘটনাৰ বিবৰণী মতে চাবুৱা আৰক্ষী থানাত ভাৰতীয় ন্যায় সংহিতা আইনৰ ৩১১/ ৫১ ধাৰাত পঞ্জীভূত গোচৰ নম্বৰ ৮৯/২০২৫ৰ ভিত্তিত তদন্ত চলাই চাবুৱা আৰক্ষীৰ চক্ৰ পৰিদৰ্শক মনোৰঞ্জন শইকীয়া আৰু ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিতোপন শইকীয়াই এই ধন ৰাশি উদ্ধাৰ কৰাৰ লগতে ঢকুৱাখনাৰ দুজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে।
উল্লেখযোগ্য যে যোৱা ১১ নৱেম্বৰত তিনিচুকীয়াৰ ব্যৱসায়ী ৰোহিত আগৰৱালাই ডিব্ৰুগড়ৰ মাৰোৱাৰীপট্টিৰ পৰা ব্যৱসায়ৰ ধন লৈ ঘৰলৈ গৈ থকা অৱস্থাত চাবুৱাত দিন দুপৰতে ডকাইতি কৰি প্ৰায় ৫ জনীয়া এটা দুৰ্বৃত্তৰ দলে প্ৰায় ২৬ লাখ টকা লৈ উধাও হৈছিল।
পৰৱৰ্তী সময়ত এই সন্দৰ্ভত এক গোচৰ ৰুজু হৈছিল চাবুৱা আৰক্ষী থানাত। এই গোচৰৰ নিখুঁত তদন্ত আৰম্ভ কৰি চাবুৱা আৰক্ষীয়ে ইতিমধ্যে এগৰাকী মূল অভিযুক্তক গ্ৰেপ্তাৰ কৰি ভাষ্য গ্ৰহণ কৰাৰ পাছত এই সফলতা অৰ্জন কৰে।
আৰক্ষী বিষয়া মনোৰঞ্জন শইকীয়া আৰু বিতোপন শইকীয়াই ১৩ নৱেম্বৰত এজন অভিযুক্ত ঢকুৱাখনাৰ নেমুটেঙানি গাঁওৰ মদন ছেত্ৰীৰ ঘৰত অভিযান চলাই ঘৰৰ চোতালত পুতি ৰখা অৱস্থাত নগদ ৩ লাখ টকা উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
তাৰ পাছতেই শুকুৰবাৰে বিয়লি পুনৰ আৰক্ষী পৰিদৰ্শক শইকীয়া আৰু ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া শইকীয়াই ঘিলামৰা আৰক্ষী থানাৰ অন্তৰ্গত খুঁটাপৰা গাঁওৰ দীপাংকৰ শইকীয়াৰ ঘৰত অভিযান চলায়। অভিযুক্ত শইকীয়াই ঘিলামৰা থানাত আত্মসমৰ্পন কৰাৰ পাছত অভিযুক্তৰ স্বীকাৰুক্তিৰ ভিত্তিত আৰক্ষীয়ে চলোৱা অভিযান কালত অভিযুক্তৰ ঘৰৰ পৰা এটা পলিথিন বেগত মজুত ৰখা নগদ ৩ লাখ টকা উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।
চাবুৱা আৰক্ষীয়ে জনোৱা মতে ইতিমধ্যে এই গোচৰৰ মূল নায়ক ডিব্ৰুগড় জিলাৰ টেঙাখাট আৰক্ষী থানাৰ অন্তৰ্গত গাড়ী চালক অৰ্জুন ছেত্ৰী আৰু সহযোগী ঘিলামৰা থানাৰ অন্তৰ্গত নেমুটেঙানি গাঁওৰ মদন ছেত্ৰী আৰু খুঁটাপৰা গাঁওৰ দিপাঙ্কৰ শইকীয়াক গ্ৰেপ্তাৰ কৰাৰ লগতে উদ্ধাৰ কৰা হৈছে নগদ ৬ লাখ টকা।
তাৰোপৰি জব্দ কৰিবলৈ সক্ষম হৈছে এ এছ ২২ এইচ ৬৬৬৫ নম্বৰৰ উক্ত কাণ্ডৰ জড়িত এখন বলেৰ' গাড়ী । এই ঘটনাত জড়িত আৰু কেইজনমান অভিযুক্ত অদ্যপি পলাতক যদিও তদন্ত অব্যাহত বুলিও জনালে তদন্তকাৰী আৰক্ষীয়ে ।
তাৎপৰ্যপূৰ্ণ ভাবে ঢকুৱাখনা সমজিলাৰ দুগৰাকী ব্যক্তি এই জঘন্য কাণ্ডৰ সতে জড়িত হোৱাৰ লগতে আৰু জড়িত হোৱাৰ আশংকা কৰা হৈছে । আৰক্ষীৰ তদন্তৰ পাছত অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us