/asomiyapratidin/media/media_files/2025/11/18/whatsapp-image-2025-11-18-12-55-28.jpeg)
ডিজিটেল সংবাদ,লখিমপুৰঃ 'জুবিন বিহীন' আজি জুবিনৰ ওপজা দিন। এবুকু বিষাদৰ মাজতে ৰাজ্যবাসীয়ে পালন কৰিছে জুবিন গাৰ্গৰ জন্মদিন। সকলোৰে মুখে মুখে জয় জুবিন দা ধ্বনি।
উল্লেখ্য যে লখিমপুৰৰ লালুকত লালুক যুৱ সমাজৰ উদ্যোগত জুবিন গাৰ্গৰ জন্মদিন উদযাপন আৰু প্ৰতিমূৰ্তি উন্মোচন কৰে। আজিৰ এই দিনটোত প্ৰতিটো প্ৰান্ততে বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। শদিয়াৰ পৰা ধুবুৰীলৈ প্ৰতিজন অসমীয়াই জুবিন গাৰ্গক স্মৰণ কৰিছে।
আনফালে আজি জুবিনৰ পূৰ্ণাৱয়বৰ প্ৰতিমূৰ্তিৰো উন্মোচন কৰে। এই অনুষ্ঠানত বহু লোক উপস্থিত থাকে ।
তাৰোপৰি এই অনুষ্ঠানত জুবিন গাৰ্গৰ একালৰ বাদ্যযন্ত্ৰী ৰাজা বৰুৱা উপস্থিত থাকে। আনপিনে এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়া ৷
তাৰোপৰি কেইবাটাও বিশেষ কাৰ্যসূচীৰ আয়োজন কৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us