/asomiyapratidin/media/media_files/2025/09/06/ijjjjjd-2025-09-06-20-28-28.jpg)
ডিজিটেল সংবাদ, লখিমপুৰঃ সত্ৰীয়া সংস্কৃতিিৰ সাধক ,শংকৰী কলা কৃষ্টিৰ গৱেষক বৰ্ষীয়ান সাংস্কৃতিক কৰ্মী হৰিচৰণ শইকীয়া বৰবায়নক লখিমপুৰত“ গুণনিধি বঁটা ২০২৫ ”প্ৰদান কৰা হয় ৷ লখিমপুৰ সত্ৰীয়া সংগীত বিদ্যালয়ত কালি সন্ধিয়া এক গুৰু গম্ভীৰ আধ্যাত্মিক পৰিৱেশত এই বঁটা প্ৰদান কৰে বিদ্যালয় খনে ৷
উল্লেখ্য যে যোৱা বছৰ পাঁচ ছেপ্তেম্বৰত লখিমপুৰৰ বিশিষ্ট সাংবাদিক ,সমাজকৰ্মী ,সমাজ সংগঠক সুৰজিত ভূঞাৰ আকস্মিক মৃত্যু ঘটে হৃদযন্ত্ৰৰ ক্ৰীয়া বন্ধ হৈ ৷তদুপলক্ষে সুৰজিৎ ভূঞাৰ মানসপুত্ৰ লখিমপুৰ সত্ৰীয়া সংগীত বিদ্যালয় আৰু পৰিয়ালে তেখেতৰ সোঁৱৰণত “গুণনিধি বঁটা ” প্ৰতিবছৰে প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷
বিদ্যালয় আৰু তেখেতৰ পৰিয়ালে সত্ৰীয়া সংস্কৃতিৰ বিশিষ্ট অৱদান আগবঢ়োৱা ব্যক্তি ,সাংবাদিক বা সমাজ সংগঠকক প্ৰতিবছৰে এই বঁটা আগবঢ়াব ৷ কালি সত্ৰীয়া বিদ্যালয়ত গুণনিধি সুৰজিৎ ভূঞাক প্ৰথম মৃত্যু বাৰ্ষিকীত সশ্ৰদ্ধ সোঁৱৰণ কৰা হয় ৷
লখিমপুৰ সত্ৰীয়া সংগীত বিদ্যালয়ত আয়োজিত এক গুৰু গম্ভীৰ আধ্যাত্মিক পৰিবেশত সত্ৰীয়া সংস্কৃতিৰ সাধক পঞ্চাননৱৈ বছৰ বয়সীয়া বিহপুৰীয়া গোসাঁইপুখুৰী নিৱাসী হৰিচৰণ শইকীয়া বৰ বায়নক সুৰজিত ভূঞাৰ স্মৃতিত গুণনিধি বঁটা ২০২৫ প্ৰদান কৰা হয়। এই বঁটা প্ৰদান কৰে ঘাৰমৰা সত্ৰৰ সত্ৰাধিকাৰ বিষ্ণু দেৱ গোস্বামীয়ে ৷
বঁটাত থাকে শৰাই চেলেং গামোচা মান পত্ৰ ,স্মাৰক আৰু নগদ দহ হাজাৰ টকা । বঁটা গ্ৰহণ কৰি শংকৰী কলা কৃষ্টি আৰু সত্ৰীয়া সংস্কৃতিৰ বিশিষ্ট সাধক গৰাকীয়ে কয়“ সুৰজিৎ ভূঞা সৰ্ব গুণৰ অধিকাৰী আছিল ৷ তেঁও মোৰ ওজা ছাত্ৰ আছিল। সমাজৰ বাবে হিতাৰ্থী আছিল ৷ আমি অকালতে এটুকুৰা মানিক হেৰুৱালো ৷” এই বঁটা প্ৰদান অনুষ্ঠানত লখিমপুৰ বালিকা মহাবিদ্যালয়ৰ অধ্যক্ষ ড° সুৰজিৎ ভূঞা ,বিশিষ্ট চিকিৎসক ডা° ধ্ৰুৱজ্যোতি বৰগোহাঁই ,সাংবাদিক শৈলেন বৰুৱা আদি সকল উপস্থিত থাকে ৷
আনহাতে সুৰজিৎ ভূঞাৰ শিষ্য লখিমপুৰ সত্ৰীয়া সংগীত বিদ্যালয়ৰ শিক্ষাৰ্থী সকলে শংকৰদেৱ বিৰচিত অংকীয়া ভাওনা “পত্নী প্ৰসাদ” সত্ৰীয়া শিক্ষা গুৰু ধীৰেন চেকনি ধৰাৰ পৰিচালনাত প্ৰদৰ্শন কৰি প্ৰয়াত শিক্ষাগুৰু গৰাকীলৈ শ্ৰদ্ধা নিবেদন কৰে ৷