/asomiyapratidin/media/media_files/2026/01/01/570-2026-01-01-23-32-01.jpg)
ডিজিটেল সংবাদ, লখিমপুৰ : নৱবৰ্ষ উপলক্ষত লখিমপুৰৰ সোমদিৰি নদীৰ পাৰত “সুদিনৰ সংকল্প ” শীৰ্ষক অনুষ্ঠান অনুষ্ঠিত হৈ যায়। তিনিমহীয়া সাহিত্য আলোচনী “চৰৈৱতিৰ”বিংশ বৰ্ষ পুৰ্তি উপলক্ষত কাব্য চৰ্চাৰ অনুষ্ঠান শব্দৰ স’তে এই কথা কবিতা গীত নৃত্য আলাপ সংগীত আৰু কবিতাৰে নৱবৰ্ষক আদৰণি জনোৱা হয় ।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/01/whatsapp-image-2026-2026-01-01-23-32-15.jpeg)
অনুষ্ঠানত লখিমপুৰ প্ৰখ্যাত চিকিৎসক ডা° নোমল দাসক মৰণোত্তৰভাৱে আৰু প্ৰসিদ্ধ যুৱ উদ্যোগী মিলন শংকৰ হাজৰিকাক সম্বৰ্দ্ধনা জনোৱা হয় । অনাতাঁৰ শিল্পী মৃদুল বৰুৱাক শব্দ চৰৈৱতী সৌৰভ বঁটা আগবঢ়োৱাৰ লগতে আৰু সাহিত্য সমালোচক দুলাল পুজাৰীক সম্বৰ্দ্ধনা জনোৱা হয় ৷
শিক্ষক মোহন দাসৰ দুখন গ্ৰন্থ উন্মোচন কৰা হয় । সাংবাদিক বুবুল হাজৰিকাৰ নদীকেন্দ্ৰীক সভ্যতাৰ বিপদক প্ৰতিফলিত কৰি লিখা হৃদয়স্পৰ্শী কবিতা “কাংকান” উন্মোচন কৰে জিলা আয়ুক্ত প্ৰণৱজিৎ কাকতি আৰু আৰক্ষী অধিক্ষক গুনেন্দ্ৰু ডেকাই ৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us