ভোট কৰ্তনৰ শুনানিলৈ আহি মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে গৰজি উঠিল এজন...

লখিমপুৰ জিলাৰ নাওবৈচাত ভোটাৰ তালিকা সংশোধনীৰ নামত অস্বাভাৱিক লোক সমাগম। এয়া কেৱল এটা প্ৰশাসনিক প্ৰক্ৰিয়া নহয়; ই উজনি অসমৰ সামাজিক-ৰাজনৈতিক বাস্তৱৰ এক গুৰুত্বপূৰ্ণ সংকেত। 

author-image
Asomiya Pratidin
New Update
lakhimpurmiyannn

ডিজিটেল সংবাদ, লখিমপুৰঃ লখিমপুৰ জিলাৰ নাওবৈচাত ভোটাৰ তালিকা সংশোধনীৰ নামত অস্বাভাৱিক লোক সমাগম। এয়া কেৱল এটা প্ৰশাসনিক প্ৰক্ৰিয়া নহয়; ই উজনি অসমৰ সামাজিক-ৰাজনৈতিক বাস্তৱৰ এক গুৰুত্বপূৰ্ণ সংকেত। 

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বাৰেবাৰে উজনি অসমত সন্দেহজনক লোকৰ আগ্রাসনৰ কথা উত্থাপন কৰি অহাৰ সময়তে এই ঘটনাই বিশেষ তাৎপর্য বহন কৰিছে। ভোটাৰ তালিকা সংশোধনীৰ সময়ছোৱাত নাওবৈচাত দেখা পোৱা ভিৰে বহুতৰ মনত বহু প্ৰশ্নৰ অৱতাৰণা কৰিছে। 

খিলঞ্জীয়া সমাজৰ একাংশৰ মতে, ভোটাৰ তালিকাৰ পৱিত্ৰতা ৰক্ষা কৰাটো গণতন্ত্ৰৰ মূল আধাৰ। কিন্তু এনে প্ৰেক্ষাপটত ভোটাৰ তালিকা সংশোধনীক লৈ আপত্তি কৰি থকা কংগ্রেছ, ৰাইজৰ দলৰ ভূমিকাও খিলঞ্জীয়াসকলৰ বাবে প্রশ্নচিহ্ন হৈ পৰিছে। বৃহৎ সংখ্যক লোক একেলগে সংশোধনী প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিবলৈ অহাটো স্বাভাৱিক নে পৰিকল্পিত? এই প্ৰশ্নই এতিয়া ৰাজনৈতিক মহলত সৃষ্টি হৈছে। 

ইফালে, ভোট কৰ্তনৰ শুনানিলৈ আহি লখিমপুৰৰ এজন স্থানীয় লোকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিৰ বিৰুদ্ধে ক্ষোভ উজাৰে। তেওঁ কয়, “আমি মুছলিম মানুহে মুখ্যমন্ত্ৰীক অন্যায় কৰিছো নেকি? অকল আমাৰ মিঞা মানুহক কিয় টাৰ্গেট কৰিছে? আমি গোটেই ৰাইজ একগোট হৈ ২০২৬ চনত বিজেপিক ইয়াৰ পৰা আঁতৰাব লাগিব।” 

এই মন্তব্যৰ পাছতেই ভোটাৰ তালিকা সংশোধনী প্ৰক্ৰিয়া এক নতুন ৰাজনৈতিক বিতৰ্কৰ কেন্দ্ৰবিন্দু হৈ উঠিছে। এই ক্ষোভে এটা কথা প্ৰমাণ কৰে যে ভোটাৰ তালিকা সংশোধনী কেৱল প্ৰশাসনিক বিষয় নহয়, বৰঞ্চ ই এতিয়া সম্প্ৰদায়কেন্দ্ৰিক ৰাজনীতিলৈ ধাৱিত হৈছে। আইন অনুসাৰে নাগৰিকত্ব আৰু ভোটাধিকাৰ পৰীক্ষা কৰাটো কোনো সম্প্ৰদায়ৰ বিৰুদ্ধে নহয়, বৰঞ্চ দেশৰ সংবিধানিক দায়িত্ব।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা লখিমপুৰ জিলা