/asomiyapratidin/media/media_files/2026/01/16/gytasdgasksjk-2026-01-16-16-06-53.jpg)
ডিজিটেল সংবাদ, লখিমপুৰঃ লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত শুকুৰবাৰে প্ৰথমবাৰৰ বাবে মৰণোত্তৰভাৱে দেহদান কৰা হয়। লখিমপুৰৰ অ’পি’ডি মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ফকিৰ মোহন নায়কৰ মৃতদেহ পৰিয়ালৰ লোকে লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত দান কৰে।
উল্লেখ্য যে, ফকিৰ মোহন নায়কে জীৱিত অৱস্থাতেই এক নটাৰী শপতনামাৰ জৰিয়তে নিজৰ মৃতদেহ চিকিৎসা শিক্ষাৰ হিতাৰ্থে লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত দান কৰাৰ সিদ্ধান্ত ঘোষণা কৰিছিল। বৃহস্পতিবাৰে নিশা উচ্চ ৰক্তচাপ আৰু শৰ্কৰা জনিত ৰোগত ভূগি তেখেতৰ দেহাৱসান ঘটে।
শুকুৰবাৰে পৰিয়ালৰ লোকে তেখেতৰ ইচ্ছা অনুসৰি মৃতদেহ চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষৰ হাতত অৰ্পণ কৰে। এই দেহদানক লৈ চিকিৎসা মহাবিদ্যালয় চৌহদত এক গাম্ভীৰ্যপূৰ্ণ পৰিবেশৰ সৃষ্টি হয়।
জানিব পৰা মতে, নিৰাময় ন্যাসৰ জৰিয়তে ২০২৪ চনত ফকিৰ মোহন নায়ক আৰু তেওঁৰ পত্নী ৰাণু হাজৰিকাই পৰিয়ালৰ সৰ্বসম্মতিত দেহদানৰ সংকল্প গ্ৰহণ কৰিছিল। উল্লেখযোগ্য যে, লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ে তেখেত জীৱিত অৱস্থাতেই তেখেতৰ কৰ্ণিয়া সংৰক্ষণ কৰিছিল।
শিক্ষক, সমাজসেৱক আৰু দেহদান আন্দোলনৰ এক অনন্য দৃষ্টান্ত ৰূপে অধ্যাপক ফকিৰ মোহন নায়কৰ এই মহান সিদ্ধান্তই সমাজত গভীৰ প্ৰভাৱ পেলাব বুলি সচেতন মহলে আশা প্ৰকাশ কৰিছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us