/asomiyapratidin/media/media_files/2026/02/14/whatsapp-image-20-2026-02-14-22-11-34.jpeg)
ডিজিটেল ডেস্কঃ মাটিচোৰ হায় হায়, গৰুচোৰ হায় হায় শ্ল’গানেৰে উত্তাল হৈ পৰিল লখিমপুৰৰ ৰাজপথ৷ গৌৰৱ গগৈৰ নেতৃত্বত চলি থকা ‘সময় পৰিৱৰ্তনৰ’ যাত্ৰা’ আজি লখিমপুৰ জিলাত উপস্থিত হোৱাত হাজাৰ হাজাৰ কংগ্ৰেছ নেতা-কৰ্মীয়ে গৌৰৱ গগৈক এবাৰ ওচৰৰ পৰা চাবলৈ হেতা-ওপৰা লগায়৷ তাৰ লগতে লখিমপুৰৰ ৰাজপথত পদযাত্ৰা কৰে গৌৰৱ গগৈয়ে ৷
/filters:format(webp)/asomiyapratidin/media/media_files/2026/02/14/whatsapp-imag-2026-02-14-22-08-57.jpeg)
লখিপুৰত জিলাত প্ৰৱেশ কৰিয়েই প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গৈয়ে পদুমণি থানত সেৱা লৈ আজিৰ যাত্ৰাৰ কাৰ্যসূচী আৰম্ভ কৰে। যাত্ৰাৰ মাজতে প্ৰাক্তন সভাপতি ভূপেন বৰাক লগত লৈ সভাপতি গৌৰৱ গগৈয়ে লখিমপুৰ মেডিকেল কলেজো পৰিদৰ্শন কৰে। মেডিকেল কলেজ পৰিদৰ্শন কৰিবলৈ লোৱাৰ সময়তে শাসকীয় দল বিজেপিৰ একাংশ দুষ্কৃতিকাৰীয়ে গৌৰৱ গগৈ আৰু অন্যান্য কংগ্ৰেছ নেতা-কৰ্মীসকলক বাধা প্ৰদান কৰে। দুষ্কৃতিকাৰীয়ে মেডিকেল চৌহদতে অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰাৰ লগতে কংগ্ৰেছ কৰ্মীসকলৰ ওপৰত আক্ৰমণৰো অপচেষ্টা চলায়। বিজেপি দলৰ এনে কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা দিছে প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন বৰাই। কংগ্ৰেছ দলৰ উত্থানত শংকিত হৈয়ে বিজেপি দলে এনেকৈ কিছু লোকক নিয়োগ কৰি য’তে-ত’তে বাধা প্ৰদান কৰিবলৈ আৰম্ভ কৰিছে বুলিও মন্তব্য কৰে বৰাই। সন্ধিয়াৰ ভাগত গৌৰৱ গগৈ নেতৃত্বধানী পৰিৱৰ্তন যাত্ৰা লখিমপুৰৰ পানীগাঁৱলৈ যায়। ইয়াতে নিশাৰ ভাগত গৌৰৱ গগৈয়ে এক বিশাল জনসভাকো সম্বোধন কৰি যাত্ৰাৰ আজিৰ কাৰ্যসূচীৰ সামৰণই পেলাব। আজিৰ কাৰ্যসূচীত নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ অসমৰ দায়িত্বত থকা সম্পাদক মনোজ চৌহান, সাংসদ ৰকিবুল হুছেইন, প্ৰাক্তন সাংসদ ৰাণী নৰহ, জ্যেষ্ঠ উপ-সভাপতি ঘন বুঢ়াগোহাঁই, জ্যেষ্ঠ নেতা ডাঃ জয়প্ৰকাশ দাসকে ধৰি ভালেসংখ্যক জ্যেষ্ঠ কংগ্ৰেছ নেতা-কৰ্মীয়ে অংশগ্ৰহণ কৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/02/14/whatsapp-image-2026-02-14-22-09-39.jpeg)
উল্লেখ্য যে, পদযাত্ৰাৰ সময়ত মাটি চোৰে গাদী এৰক, মাটিচোৰ হায় হায়, গৰুচোৰ হায় হায় শ্ল’গানেৰে উত্তাল পৰিৱেশৰ সৃষ্টি কৰে ৷ লগতে হাজাৰ লোকক সম্বোধন কৰি গৌৰৱ গগৈয়ে মন্তব্য প্ৰকাশ কৰে যে- আমাৰ এই যাত্ৰাৰ নাম হৈছে সময় পৰিৱৰ্তনৰ যাত্ৰা-মাটি বচাওক, জাতি বচাওক৷ মাটি কিয় বচাব লাগে এয়া বৰ্তমান সময়ত ডাঙৰ প্ৰশ্ন ৷ যদি আজি বসুন্ধৰাত সাধাৰণ মানুহে মাটি বিচাৰে তেন্তে মাটি নাপায় ৷ একচনীয়া পট্টা একচনীয়া হৈ থাকে৷ কিন্তু বসুন্ধৰাৰ দ্বাৰা ক'ত ক'ত মাটি আছে সেই গম পাই মুখ্যমন্ত্ৰী পত্নীক কৈছে ক’ত ক’ত মাটি কিনিব পাৰে৷ বসুন্ধৰাত সাধাৰণ লোকে আবেদন কৰিলে গম পাই যায় যে কাৰ ওপৰত কিমান একচনীয়া পট্টা আছে ৷ পিছদিনা স্থানীয় মানুহৰ ওপৰত হেঁচা প্ৰয়োগ কৰি সেইখিনি মাটি কিনিবলৈ আগবাঢ়ে ৷
লগতে গৌৰৱ গগৈয়ে কয়- আজি চিকিৎসা, শিক্ষা ক্ষেত্ৰত তালিকাত সদায়েই অসম তলত থাকে৷ মদৰ দোকান খোলাৰ ক্ষেত্ৰত অসম ওপৰলৈ গৈছে ৷ ইয়াতকৈ লজ্জাজনক কথা কি হ’ব পাৰে ৷ এতিয়া প্ৰতিজন লোকৰ ওপৰত ৪০ হাজাৰকৈ ধাৰ ৷ মদৰ দোকান খুলি মদ বেচি পোৱা ৰাজহেৰে ধাৰ মাৰিব বিচাৰিছে ৷ অসমত সংস্থাপন নাই বাবে বাংগালুৰু, পুণে, মুম্বাই, অৰুণাচললৈ যাবলগীয়া হৈছে৷ কিন্তু তাতো তেওঁলোকৰ নিৰাপত্তা নাই৷ অসমৰ যুৱকে সংস্থাপন নাপাই বহিঃৰাজ্যত গৈছে। কিন্তু বিজেপিৰ নেতাসকলে কয়লাৰ চিণ্ডিকেট, শিল-বালিৰ চিণ্ডিকেট চলাইছে৷ এইটো দলে বাৰে বাৰে এটাৰ পাছত আন এটা কেলেংকাৰী কৰি গৈছে ৷ চুপাৰি, কয়লা, জলজীৱন মিচনৰ কেলেংকাৰীৰ কথা শুনো, আৰু কেতিয়াবা নাৰী কেলেংকাৰীৰ কথাও শুনো৷ যি দলে ‘বেটি বচাও, বেটী পঢ়াও’ শ্ল’গান দিয়ে সেই দলৰ নেতাই আজি নাৰীক অপমান কৰে ৷ এগৰাকী লোকনিৰ্মাণ বিভাগৰ অভিযন্তা যোশিতা দাসে আত্মহত্যা কৰিছিল, সেই কথা সকলোৱে জানে৷ এইখন চৰকাৰে নাৰীক সন্মান নকৰে, নাৰীৰ হেঁচা প্ৰয়োগ কৰে ৷ আজি অসম আৰক্ষীকো ব্যৱহাৰ কৰা হৈছে ৷ কোনো মহিলাই গোচৰ লৈ গ’লে গোচৰ পঞ্জীয়ন নকৰে ৷ আৰক্ষীক হিমন্ত বিশ্ব শৰ্মাই নিৰ্দেশ দিছে যে গোচৰ পঞ্জীয়ন নকৰিব৷ তাৰ দ্বাৰা মহিলা গোচৰ পঞ্জীয়নৰ সংখ্যা কমি যাব ৷ আজি অসম আৰক্ষীয়ে ৰাইজক সহায় কৰিব পৰা নাই ৷ মুখ্যমন্ত্ৰীয়ে ৰাজনৈতিক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰি আছে৷ সেইকাৰণে ৰাইজে কৈছে যে আমি ওলাই আহিছো৷ আমি অন্যায়ৰ বিৰুদ্ধে মাত মাতিম ৷ আজি অসমৰ মাটি এটা বিশেষ পৰিয়ালে লৈ গৈ আছে ৷ ইতিহাসত লিখা আছে যে দেশতকৈ মামা ডাঙৰ নহয়৷ আমি আজি কৈছো যে দেশতকৈ মামী ডাঙৰ নহয়৷ আজি চৰকাৰী স্কুল বন্ধ কৰা হৈছে৷ চৰকাৰী হাস্পতালত সুবিধা নোহোৱা হৈছে ৷
লগতে কয় যে- হিমন্ত বিশ্ব শৰ্মাই জনজাতীয় লোকৰ প্ৰায় ৪০ হাজাৰ বিঘা মাটি আদানি, আম্বানি আৰু পতঞ্জলিক বিক্ৰী কৰিছে৷ সেই মাটি বড়ো, ৰাভা, কাৰ্বিৰ আছিল৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা জনজাতি বিৰোধী নেতা৷ আগতে কংগ্ৰেছ চৰকাৰৰ দিনত তৰুণ গগৈয়ে জনজাতিসকলক ক্ষমতা দিছিল, স্বাধীনতা দিছিল, উন্নয়ন পৰিষদ আছিল, কাম কৰাৰ সুবিধা দিছিল৷ আজি হিমন্ত বিশ্ব শৰ্মাই কোনো জনজাতীয় নেতাক সন্মান নকৰে৷ সৰ্বানন্দ সোণোৱালৰ দৰে জনজাতীয় নেতাক বিশ্বাসঘাতকতা কৰিছে৷ বিশ্বাসঘাতকতা কৰি সোণোৱালৰ গাদী কাঢ়ি লৈছে৷ ছয় জনগোষ্ঠীক বিশ্বাসঘাতকতা কৰিছে৷ এদিন ক’লে ছয় জনগোষ্ঠীয়ে জনজাতিকৰণ পাব৷ আকৌ এদিন ক’লে জনজাতিৰ নেতাসকলে বিধানসভা নিৰ্বাচনৰ আগত জনজাতিকৰণ বিচৰা নাই৷ ছয় জনগোষ্ঠীক তেনেদৰে বিশ্বাসঘাতকতা কৰিলে৷ আজি অসমৰ বঙালী সমাজক বাধ্য কৰাইছে বাংলাদেশী বুলি ক’বলৈ৷ আমাক ভাগ ভাগ কৰি নিজৰ পত্নীৰ নামত ধন ঘটি অসমৰ সকলোতকৈ ধনী পৰিয়াল হোৱাৰ চেষ্টা চলাইছে ৷ আনহাতে, নৰেন্দ্ৰ মোদীৰ ভ্ৰমণ সন্দৰ্ভত গৌৰৱ গগৈয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে আজি মানুহৰ হাতত বিমান যাত্ৰা কৰিবলৈ টকা নাই৷ টিকটৰ দাম ২০-২৫ হাজাৰ৷ আৰু বিমান বন্দৰৰ চাহ একাপৰ দাম কল্পনাই কৰিব নোৱাৰি৷ সাধাৰণ লোকৰ বাবে বিমান যাত্ৰা ব্যায়বহুল হৈ পৰিছে৷ যেতিয়াই তেতিয়াই বিমান যাত্ৰা বাতিল হয়৷ ৰেল’ৱে ষ্টেচনতকৈ আজি দেশত বিমান বন্দৰৰ অৱস্থা বেয়া বুলিও কটাক্ষ কৰে গগৈয়ে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us