/asomiyapratidin/media/media_files/2025/09/04/dhokua-khana-4-2025-09-04-22-06-52.jpg)
ডিজিটেল সংবাদ ঢকুৱাখনা: সমগ্ৰ দেশৰ লগতে ৰাজ্য চৰকাৰৰ উদ্যোগটো প্ৰাক্তন ৰাষ্ট্ৰপতি ড০ ৰাধাকৃষ্ণণৰ প্ৰতি সশ্ৰদ্ধ স্মৃতিত উদযাপিত হোৱা শিক্ষক দিৱসৰ দিনটোত শৈক্ষিক জগতলৈ অতুল্য অৱদান আগবঢ়াই অহা শিক্ষাগুৰুসকলক নিৰ্বাচিত কৰি সন্মানিত কৰি অহা হৈছে ৰাজ্যিক আৰু জিলা ভিত্তিত। লখিমপুৰ জিলাৰ শিক্ষা বিভাগেও নিৰবিচ্ছিন্ন ভাবে প্ৰাথমিক, মধ্য ইংৰাজী, উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক ভিত্তিত নিৰ্বাচিত কৃতি শিক্ষাগুৰুসকলক এই বিশেষ দিনটোত বিশেষভাবে সন্মানিত কৰাৰ লগতে সম্বৰ্ধিত কৰি আহিছে।
২০২৫ বর্ষটো জিলাখনৰ শিক্ষা বিভাগে শিক্ষক দিৱসৰ পূর্বে নিৰ্বাচিত কৃতি শিক্ষকৰ তালিকা প্ৰকাশ কৰিছে। জিলা পৰ্য্যায়ৰ নিৰ্বাচনী সমিতিয়ে বৃহস্পতিবাৰে ঘোষণা কৰা কৃতি শিক্ষকৰ তালিকা অনুসৰি প্ৰাথমিক শাখাত ৭ গৰাকী শিক্ষকক, মধ্য ইংৰাজী শাখাত ১ গৰাকীক, উচ্চ মাধ্যমিক শাখাত ৭ গৰাকীক আৰু উচ্চতৰ মাধ্যমিক শাখাত ৩ গৰাকী শিক্ষাগুৰুক জিলা ভিত্তিত কৃতি শিক্ষকৰ বঁটাৰ বাবে নিৰ্বাচিত কৰিছে।
এই তালিকাত নাম অন্তৰ্ভুক্ত হৈছে ঢকুৱাখনা আৰু ঘিলামৰাৰ মুঠ ৫ গৰাকী শিক্ষাগুৰুৰ নাম। সেই অনুসৰি প্ৰাথমিক শাখাত ঢকুৱাখনাৰ ঘাহি গাঁও প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক পৰমা কোঁৱৰ, ১৩ নং বানতৌ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক মুকুল গগৈ, ঘিলামৰা আদৰ্শ প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক দেৱজিৎ বৰগোহাঁই, উচ্চ মাধ্যমিক শাখাত ধেনুখণা উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক বলীন কুমাৰ শইকীয়া আৰু সোৱণশিৰী আদর্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী কল্পনা সেনাপতিলৈ ২০২৫ বর্ষৰ জিলা ভিত্তিত কৃতি শিক্ষকৰ বঁটা সন্মান আগবঢ়োৱা হ’ব।
উল্লেখযোগ্য যে কাইলৈ জিলা ভিত্তিত অনুষ্ঠিত হ’ব লগা এই শিক্ষক দিৱসৰ গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত জিলাখনৰ সমাজ দায়বদ্ধ আত্মোস্বৰ্গী শিক্ষাগুৰুসকলক জিলা শিক্ষা বিভাগৰ লগতে জিলা প্ৰশাসনে কেন্দ্ৰীয়ভাৱে সম্বৰ্ধনা জনাব। ঢকুৱাখনা সমজিলাৰ ৫ গৰাকী শিক্ষাগুৰুৰ এনে জিলা ভিত্তিত স্বীকৃতিত উৎফুল্লিত হৈ পৰিছে সমজিলাখনৰ শিক্ষানুৰাগী বিদ্যৎ সমাজ।
গুণগত বিদ্যায়তনিক শিক্ষাৰ উপৰিও উৎকৃষ্ট নাগৰিক হোৱাৰো মাৰ্গ দৰ্শন আগবঢ়াই অহা এইসকল নমস্য শিক্ষাগুৰুলৈ অভিনন্দন জনাইছে ঢকুৱাখনা জিলা কৰ্মচাৰী পৰিষদৰ সভাপতি অতুল চুতীয়া, সম্পাদক সুনীল দত্ত, প্ৰাথমিক শিক্ষক সন্মিলনীৰ সম্পাদক প্ৰশান্ত হাজৰিকা, হাইস্কুল শিক্ষক সংস্থাৰ সভাপতি প্ৰফুনাথ মেদক, মাধ্যমিক শিক্ষক কৰ্মচাৰী সন্থাৰ সভাপতি মিন্টু গগৈ আৰু সম্পাদক ধৰণী শৰ্মা, ঘিলামৰাৰ ইংগিত নাট্য গোষ্ঠীৰ সভাপতি যোগানন্দ গগৈ, সম্পাদক সঞ্জয় ফুকন, জোনাকী মেল আৰু সচেতন নাগৰিক মঞ্চৰ সভাপতি সুভাষ দিহিঙীয়া আদি বিভিন্ন ব্যক্তি,সংগঠনে।