/asomiyapratidin/media/media_files/2025/08/22/lakhimpur-22-2025-08-22-19-19-03.jpg)
ডিজিটেল সংবাদ ঢকুৱাখনা: লখিমপুৰ জিলাখনৰ সাংবাদিকসকলৰ নিজস্ব পৰিচয় ১২ টা প্ৰেছ ক্লাব আৰু প্ৰেছ গীল্ডক লৈ গঠিত লখিমপুৰ জিলা সাংবাদিক সংস্থা। জিলাখনৰ তিনি কুৰিৰো অধিক সাংবাদিক , সংবাদকৰ্মীৰ এই উমৈহতীয়া মঞ্চৰ ২০২৫-২০২৭ বৰ্ষৰ নৱনিৰ্বাচিত সমিতিখনে আনুষ্ঠানিক ভাৱে অলপতে কাৰ্যভাৰ গ্ৰহণ কৰে।
ঢকুৱাখনা প্ৰেছ গীল্ডৰ আতিথ্যত অনুষ্ঠিত হোৱা কাৰ্যভাৰ গ্ৰহণ আৰু প্ৰথমখন কাৰ্যনিৰ্বাহক সভাত জিলাখনৰ গৰিষ্ঠ সংখ্যক সাংবাদিক, পুৰণি আৰু নতুন সমিতিৰ বিষয়ববীয়া আৰু সদস্যসকলে অংশগ্ৰহণ কৰে। প্ৰেছ গীল্ডৰ স্থায়ী কাৰ্য্যালয়ৰ প্ৰাঙ্গনত অনুষ্ঠিত এই গুৰুত্বপূৰ্ণ সভাৰ শুভাৰম্ভ কৰা হয় ছহিদ সাংবাদিকসকলৰ পুণ্যত্মাৰ সদগতি কামনাৰে বন্তি প্ৰজ্বলন, স্মৃতি তৰ্পণ আৰু মৌন প্ৰাৰ্থনাৰে ।
প্ৰেছ গীল্ডৰ সভাপতি তুলন চন্দ্ৰ দত্তই আঁত ধৰা এই অনুষ্ঠান সম্পন্ন কৰে প্ৰবীণ সাংবাদিক ,জিলা সমিতিৰ উপদেষ্টা নৱজ্যোতি শৰ্ম্মাই । জিলা সমিতিৰ লগতে প্ৰেছ গীল্ডৰ সদস্য সকলো উপস্থিত থকা এই অনুষ্ঠানৰ পাছতেই অভ্যাগত জিলা সমিতিৰ নতুন আৰু পুৰণি সমিতিৰ নেতৃবৰ্গক ঢকুৱাখনা প্ৰেছ গীল্ডৰ তৰফৰ পৰা নিজস্ব প্ৰতীক চিহ্ন খচিত গামোচা আৰু গ্ৰন্থ সম্ভাৰেৰে আদৰণি সম্বৰ্ধনা জনায় ।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/08/22/lakhimpur-2025-08-22-19-19-38.jpeg)
প্ৰেছ গীল্ডৰ সম্পাদক পুলক জ্যোতি বৰাই আঁত ধৰা এই আদৰণি আৰু সম্বৰ্ধনা অনুষ্ঠান আৰু অন্যান্য কাৰ্যসূচীৰ পাছতেই লখিমপুৰ জিলা সাংবাদিক সংস্থাৰ পুৰণি সমিতিয়ে পদত্যাগ কৰে আৰু ২০২৫-২০২৭ বৰ্ষৰ নব নিৰ্বাচিত কাৰ্যনিৰ্বাহক সমিতিখনে কাৰ্যভাৰ গ্ৰহণ কৰে । কাৰ্যভাৰ গ্ৰহণ কৰিয়েই ঢকুৱাখনা প্ৰেছ গীল্ডৰ প্ৰেক্ষাগৃহত প্ৰথমখন কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰা হয় ।
সভাপতি কুমুদ বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত কাৰ্যনিৰ্বাহক সভাত উদ্দেশ্য ব্যাখ্যা কৰে সাধাৰণ সম্পাদক জগত বৰাই । সম্পাদক বৰাই জিলা সংস্থাক সু-সংঘবদ্ধ, জনমুখী আৰু গতিশীল কৰাৰ অংগীকাৰেৰে কাৰ্যভাৰ গ্ৰহণ কৰি অনাগত সময়ত সংস্থাই কাৰ্যকৰী কৰিব লগীয়া কৰ্মসূচী সন্দৰ্ভত পৰিকল্পনা যুগুত কৰাৰ আহ্বান জনায় ।
সভাত উপদেষ্টা নৱজ্যোতি শৰ্ম্মা, প্ৰশান্ত মোদক, উপ সভাপতি মুকুল ভূঞা, দিগন্ত সোণোৱাল, দিপান্ত কাকতি, নামনি খণ্ডৰ সম্পাদক দেৱজিৎ দুৱৰা, সাংগঠনিক সম্পাদক দীপেন বৰা , কাৰ্যকৰী সদস্য কৰুণা কৃষ্ণ নাথ, কাৰ্যকৰী সভাপতি অমৃত পৱন বৰা আৰু সদস্য বুলটন গগৈ আদিয়ে সাংগঠনিক দিশত পৰামৰ্শমূলক বক্তব্য আগবঢ়ায় ।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/08/22/lakhimpur-2025-08-22-19-19-57.jpeg)
সভাত সাংবাদিকৰ মান উন্নয়ন,ন্যায্য প্ৰাপ্তি আদায় আৰু আৰ্থিক নিৰাপত্তা নিশ্চিত কৰা গণতান্ত্ৰিক সংগ্ৰামখনক দ্ৰুত গতিত আগুৱাই নিয়াৰ স্বাৰ্থত দুবছৰীয়া কৰ্মসূচী গ্ৰহণ কৰা হয় ৷ তাৰোপৰি সংস্থাৰ বিধিগত পঞ্জীয়ন, স্থায়ী কাৰ্যালয়ৰ বাবে ভূমি আবন্টন প্ৰক্ৰিয়া আৰম্ভ কৰা, জিলা সংস্থাৰ অন্তৰ্গত উত্তৰ,মধ্য আৰু নামনি তিনিটা মণ্ডলত পৃথকে পৃথকে কৰ্মশালা অনুষ্ঠিত কৰা, জিলা সংস্থাৰ দিগদর্শক সাংবাদিক প্ৰয়াত টংকেশ্বৰ দত্ত,সুৰজিৎ ভূঞা আৰু নন্দকিশোৰ মহেশ্বৰীদেৱৰ সশ্ৰদ্ধ স্মৃতিত অনলাইন ৰচনা প্ৰতিযোগিতা অনুষ্ঠিত কৰা, ডিজিটেল মাধ্যমত জিলাখনৰ সাংবাদিকসকলৰ জীৱনপঞ্জী প্ৰস্তুত কৰা, জিলা সংস্থাৰ "অক্ষয়পুঁজি"ৰ পৰিমাণ দহ লাখলৈ বৃদ্ধি কৰা, সকলো সাংবাদিকৰ বাবে জীৱন বীমা আঁচনি আৰম্ভ কৰা আদি বিভিন্ন কৰ্মসূচী গ্ৰহণ কৰা হয়।
সমান্তৰালভাৱে কাৰ্যনিৰ্বাহক সভাই জিলা সংস্থাৰ অন্তৰ্গত প্ৰতিটো প্ৰেছ ক্লাব আৰু প্ৰেছ গীল্ডৰ সভাপতি, সম্পাদকক সংস্থাৰ পদেন সদস্য হিচাবে কাৰ্যনিৰ্বাহকত স্থান দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় । সভাত আয়োজক প্ৰেছ গীল্ডৰ সভাপতি তুলন চন্দ্ৰ দত্তই জিলা সংস্থাৰ বৈঠকখন ঢকুৱাখনাত অনুষ্ঠিত কৰাৰ সুযোগ দিয়াৰ বাবে জিলা সংস্থাৰ শলাগলৈ নৱনিৰ্বাচিত সমিতিখনে নতুন উদ্যমেৰে সংস্থাক গতিশীলতা প্ৰদান কৰিব বুলি আশা প্ৰকাশ কৰি শলাগৰ শৰাই আগবঢ়ায়।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us