/asomiyapratidin/media/media_files/2025/09/07/sdsdsdsdsdsdd-2025-09-07-19-06-56.jpg)
ডিজিটেল সংবাদ, মৰিগাঁওঃ উদ্বোধনী বৰ্ষৰ অনুৰ্ধ্ব ১৯ ছোৱালীৰ টি-২০ আন্তঃজিলা ক্ৰিকেটত চেম্পিয়ন হৈছে লখিমপুৰ দল। মৰিগাঁৱৰ ক্ষীৰুদ বৰুৱা ষ্টেডিয়ামত দেওবাৰে অনুষ্ঠিত হোৱা ফাইনেলত ডিব্ৰুগড়ক ৭৭ ৰানত হৰুৱাই লখিমপুৰে।
টছত জয়ী হৈ প্ৰথমে বেটিং কৰি লখিমপুৰে ৮ উইকেটত ১৩১ ৰাণ কৰে। দলটোৰ হৈ কাকু বৰ্মনে ২৯ বলত ২৮ ৰাণ আৰু পাৰুলমণি কামানে ৩৪ বলত ২৬ ৰাণ কৰে। আনহাতে, ডিব্ৰুগড়ৰ হৈ টাছৱি পালাগিৰি (২/১৭) আৰু বিজয়া বৰাই (২/২০) দুটাকৈ উইকেট লাভ কৰে। প্ৰত্যুত্তৰত ডিব্ৰুগড় ৫৪ ৰাণতে অল আউট হয় । লখিমপুৰৰ কাকু বৰ্মনে এক বিধ্বংসী স্পেলত মাত্ৰ ৪ ৰাণ দি ছটাকৈ উইকেটৰ পতন ঘটায় । তেওঁক সুন্দৰভাৱে সহযোগ আগবঢ়াই প্ৰিয়ংকা কলিতাই ৬ ৰাণ দি দুটা উইকেট লাভ কৰে।
ইফালে, পুৰস্কাৰ বিতৰণ অনুষ্ঠানত অসম ক্ৰিকেট সন্থাৰ উপ-সভাপতি ৰাজদীপ ওজা, কোষাধ্যক্ষ চিৰঞ্জিত লাংথাছা, এপেক্স কাউন্সিলৰ সদস্য মিনু বেগমকে ধৰি মৰিগাঁও জিলা ক্ৰীড়া সন্থাৰ বিষয়ববীয়া আদি উপস্থিত থাকে ।
এচিএৰ উপ-সভাপতি ৰাজদীপ ওজাই সদৰি কৰে যে, "আন্তঃজিলা পৰ্যায়ত ছোৱালীৰ অনূৰ্ধ্ব-১৯ শাখাৰ এই প্ৰতিযোগিতাৰ আয়োজন ৰাজ্যত মহিলা ক্ৰিকেটৰ প্ৰসাৰৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ হিচাপে চিহ্নিত হৈছে। উঠি অহা ক্ৰিকেটাৰসকলে দাঙি ধৰা উৎসাহজনক প্ৰদৰ্শন আৰু প্ৰতিভা সঁচা অৰ্থতেই প্ৰেৰণাদায়ক আৰু ই ৰাজ্যখনৰ ক্ৰীড়াৰ ভৱিষ্যতৰ বাবে শুভ লক্ষণ।"
সংক্ষিপ্ত স্ক'ৰ : লখিমপুৰঃ ২০ অভাৰত ১৩১/৮ ( কাকু বৰ্মন ২৮, পাৰুলমণি কামান ২৬, হিৰোচিমা দিহিঙীয়া ১৪, প্ৰিয়ংকা কলিতা ১২; টাছৱী পালাগিৰি ২/১৭, বিজয়া বৰা ২/২০) ।
ডিব্ৰুগড়ঃ ১৬.২ অভাৰত ৫৪ ৰান ( গ্ৰিটিস্কা শইকীয়া ১৪, স্বস্তি বিশ্বকৰ্মা ১৪; কাকু বৰ্মন ৬/৪, প্ৰিয়ংকা কলিতা ২/৬) ।
ব্যক্তিগত বঁটা বিজয়ীসকল : শ্ৰেষ্ঠ বেটাৰ : গ্ৰীটিস্কা শইকীয়া (ডিব্ৰুগড়), শ্ৰেষ্ঠ বলাৰ : সুখী সোণোৱাল (ডিব্ৰুগড়), প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ খেলুৱৈ - জাগৃতি কলিতা (লখিমপুৰ) আৰু ফাইনেলৰ শ্ৰেষ্ঠ খেলুৱৈ কাকু বৰ্মন (লখিমপুৰ) ।