ধন-ঐশ্বৰ্য, সমৃদ্ধিৰ অধিষ্ঠাত্ৰী দেৱীক আৰাধনা কৰিব ৰাজ্যবাসীয়ে...

আজি ধন-ঐশ্বৰ্য, সমৃদ্ধিৰ অধিষ্ঠাত্ৰী দেৱীক ষোড়শোপচাৰে পূজা-অৰ্চনা কৰিব ৰাজ্যবাসীয়ে। এই দিনটোত দেৱীৰ আৰাধনা কৰিলে ঘৰত ধন-সম্পত্তি তথা সুখ-সমৃদ্ধিৰে নদন-বদন হৈ পৰে বুলি বিশ্বাস কৰা হয়। 

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2025-10-06 at 8.34.40 AM

ডিজিটেল ডেস্কঃ আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী মহালক্ষ্মীৰ পূজা। এই পূজা শৰৎকালীন দুৰ্গা পূজা শেষ হোৱাৰ পিছৰ প্ৰথমটো পূৰ্ণিমাৰ দিনা অনুষ্ঠিত হয়। আজি ধন-ঐশ্বৰ্য, সমৃদ্ধিৰ অধিষ্ঠাত্ৰী দেৱীক ষোড়শোপচাৰে পূজা-অৰ্চনা কৰিব ৰাজ্যবাসীয়ে। এই দিনটোত দেৱীৰ আৰাধনা কৰিলে ঘৰত ধন-সম্পত্তি তথা সুখ-সমৃদ্ধিৰে নদন-বদন হৈ পৰে বুলি বিশ্বাস কৰা হয়। 

images

লক্ষ্মীপূজা উপলক্ষে বজাৰসমূহ ভৰি পৰিছে পূজাত প্ৰয়োজনীয় উপকৰণেৰে। ঠায়ে ঠায়ে উপলব্ধ হৈছে ভিন্ন আকাৰৰ লক্ষ্মী প্ৰতিমাৰে। উল্লেখযোগ্য যে, আজি পুৱা ১১:৫৪ বজাৰ পৰা আৰম্ভ হ’ব পূৰ্ণিমা তিথি। আনহাতে কাইলৈ ​​অৰ্থাৎ মঙলবাৰে পুৱা ১০:০১ বজালৈকে থাকিব লক্ষ্মী পূজাৰ লগ্ন।  বিশ্বাস কৰা হয় যে, দেৱীক পূজা কৰাৰ উত্তম সময় হ’ল সূৰ্যাস্তৰ পিছত। ঠাই ভেদে লক্ষ্মী পূজাৰ বিভিন্ন নিয়ম আছে।

লক্ষ্মী পূজা