/asomiyapratidin/media/media_files/2025/10/06/ddddd-2025-10-06-22-35-07.jpg)
ডিজিটেল সংবাদ, জামুগুৰিহাটঃ জামুগুৰিহাটৰ তৌভঙা বনিক সন্থাৰ উদ্যোগত স্হানীয় ৰাইজৰ সহযোগত আজি শ্ৰী শ্ৰী লক্ষ্মী পূঁজা উদযাপন কৰা হয় । সন্ধিয়াৰে পৰাই ভক্তপ্ৰাণ ৰাইজ তথা পুৰুষ মহিলা আৰু যুৱক যুৱতী সকলে ধনৰ অধিষ্ঠাত্ৰী দেৱী মা লক্ষ্মীক পূঁজা অৰ্চনা কৰি সকলোৰে মংগল কামনা কৰে । ভক্তপ্ৰাণ ৰাইজে মা লক্ষ্মীৰ শ্ৰী চৰণত আশিষ লোৱা দেখা যায়৷
অসমীয়াৰ হৃদয়ৰ অতিকে আপোন শিল্পী জুবিন গাৰ্গ অবিহনেই এইবাৰ পূঁজা বিষাদ মনেৰে উদযাপন কৰা পৰিলক্ষিত হয়৷ কেৱল ধৰ্ম্মীয় ৰিতিনীতিৰে ভক্তপ্ৰাণ ৰাইজে প্ৰাৰ্থনা জনোৱা দেখা যায়৷ উদযাপন কমিটিয়ে পূঁজা মণ্ডপৰ আগত থোৱা অসমবাসীৰ হিয়াৰ আমঠু প্ৰয়াত শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত পূষ্পাঞ্জলী অৰ্পনেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে জুবিন অনুৰাগী ভক্তপ্ৰাণ ৰাইজে৷