/asomiyapratidin/media/media_files/2025/11/24/306-2025-11-24-18-14-46.jpg)
ডিজিটেল ডেস্ক : ঘোষণা হ’ল গুৱাহাটীৰ চানমাৰিস্থিত লাচিত সংঘই আয়োজন কৰা চিত্ৰাংকন প্ৰতিযোগিতাৰ ফলাফল। ২৪ নৱেম্বৰ ২০২৫ সোমবাৰে লাচিত দিৱস উপলক্ষে লাচিত সংঘৰ উদ্যোগত ভালেসংখ্যক ছাত্ৰ- ছাত্ৰীৰ মাজত অনুষ্ঠিত কৰা এই চিত্ৰাংকন প্ৰতিযোগিতাত কেইবাখনো শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থীয়ে স্থান লাভ কৰিবলৈ সক্ষম হৈছে।
উল্লেখযোগ্য যে, লাচিত সংঘৰ উদ্যোক্তাসকলে ৩টা শাখাত আয়োজন কৰিছিল চিত্ৰাংকন প্ৰতিযোগিতা। প্ৰতিযোগিতাত স্থান লাভ কৰা প্ৰতিযোগীসকলৰ নাম তলত উল্লেখ কৰা হ’ল-
ক শাখা
প্ৰথম স্থান- জংকী ভৰালী, অসম জাতীয় বিদ্যালয়
দ্বিতীয় স্থান- জিয়ান কলিতা, সুদৰ্শন পাব্লিক স্কুল
তৃতীয় স্থান- কুঞ্জন কলিতা, আনন্দ একাডেমী
চতুৰ্থ স্থান- হিমৰাজ ডেকা, ব্লু পাইন স্কুল।
খ শাখা
প্ৰথম স্থান- আৰোহণ ৰয়, এম ভি এম স্কুল
দ্বিতীয় স্থান- দেৱাঞ্চ নাথ, শ্ৰীমন্ত শংকৰদেৱ একাডেমী
তৃতীয় স্থান- অভিশ্ৰুতি তালুকদাৰ, অসম জাতীয় বিদ্যালয়
চতুৰ্থ স্থান- ডিম্পী কোঁৱৰ, শংকৰ বিদ্যা নিকেতন।
গ শাখা
প্ৰথম স্থান- চিম্পী ডেকা, বি বৰুৱা মহাবিদ্যালয়
দ্বিতীয় স্থান- নিৰ্বাণ চৌধুৰী, ব্লু পাইন স্কুল
তৃতীয় স্থান- স্নেহা সৰকাৰ, টি চি স্কুল
প্ৰণিধানযোগ্য যে, চানমাৰিৰ মামণি ৰয়ছম পথত থকা লাচিত সংঘই প্ৰতিবছৰে পালন কৰে লাচিত দিৱস। এই দিৱসৰ লগত সংগতি ৰাখি সংঘৰ কাৰ্যকৰ্তাসকলে অনুষ্ঠিত কৰি আহিছে বিভিন্ন প্ৰতিযোগিতা। ছাত্ৰ- ছাত্ৰীৰ বিভিন্ন প্ৰতিভা বিকাশত বিশেষভাৱে অৰিহণা যোগাই আহিছে এই লাচিত সংঘই।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/24/whatsapp-ima-2025-11-24-18-15-12.jpeg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us