/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/11/lachit-spcl.jpg)
♦ ডি জে ধনন্তৰি
আকৌ যদি যাব লাগে শৰাইঘাটলৈ… লুইত পাৰৰ ডেকা বন্ধু নেথাকিবা ৰৈ… নেথাকিবা ৰৈ…। প্ৰতিজন অসমীয়াৰ প্ৰাণত আজিও শিহৰণ জগাই তোলে শৰাইঘাটে। লুইত পাৰৰ ডেকাই শৰাইঘাটলৈ যাবলৈ ভয় নকৰে। ভয় কৰা নাছিল ১৬৭১ চনতো। এতিয়াও নকৰে।
লুইতৰ পাৰৰ প্ৰতিজন ডেকাৰ গাত আছে লাচিতৰ তেজ। বীৰ লাচিত। যিয়ে ধৰাশায়ী কৰিছিল ৰাজপুত জয়ী মোগলক। দেশতকৈ ডাঙৰ নহয় মোমাই। একেটা ৰাতিতে গড় বান্ধি নৰিয়া গাৰে হেংদাং লৈ মোগলক খেদি পঠিয়াবলৈ সমৰ্থ হোৱা লাচিত বৰফুকন।
শৰাইঘাট যুদ্ধৰ শেষৰ ফালে মোগলৰ বিৰাট সৈন্য বাহিনীৰ আগত আহোম সৈন্যই জয়ৰ আশা বাদ দি পিছহুঁহুকিবলৈ আৰম্ভ কৰিছিল। সেইসময়ত অতিপাত জ্বৰ উঠিছিল লাচিতৰ। নৰিয়া গাৰে এখন নৌকাত উঠি মোগলৰ বিৰুদ্ধে যুঁজ দিবলৈ আগবাঢ়ি গৈছিল তেওঁ।
সৈন্যসকলক উদ্দেশ্যি কৈছিল, "যদি তোমালোক উভতি যাব খুজিছা, যোৱা, কিন্তু স্বৰ্গদেৱে মোক এই দায়িত্ব দিছে, গতিকে মই শেষ মুহূৰ্তলৈ যুঁজ দিম। মোগলে যদি মোক ধৰি নিয়ে নিয়ক। তোমালোকে মাত্ৰ স্বৰ্গদেৱক ক'বা যে, মই তেওঁৰ আজ্ঞা পালন কৰি শেষ মুহূৰ্তলৈ যুঁজ দিছো।"
ৰাজকীয় পৰিয়ালত জন্মগ্ৰহণ কৰা বাবে লাচিতে সামৰিক আৰু অসামৰিক দুয়োবিধ শিক্ষাই ল'বলগীয়া হৈছিল। লাচিতৰ জন্ম ৰাজকীয় পৰিবেশত হোৱা বাবে কৰ্তব্য পৰায়্ণ, কৰ্মনিষ্ঠা, সততা আদি গুণ পৰিয়ালৰ পৰাই পাইছিল। আহোমসকলৰ এটা বিখ্যাত ফৈদ হ'ল লুখুৰাখন ফৈদ। এই ফৈদৰে লোক লাচিত। এই ফৈদৰ আদি পুৰুষজন চুকাফাৰ লগতে অসমলৈ আহিছিল।
লাচিতে একেদিনাই বৰফুকনৰ পদ পোৱা নাছিল। তেওঁ প্ৰথমতে আছিল ঘোঁৰা বৰুৱাৰ পদত। এই পদত থাকোঁতে তেওঁ অতি দুৰ্দান্ত ঘোঁৰাক বশ কৰিছিল। ঘোঁৰা বৰুৱা, দুলীয়া বৰবৰুৱা, শিমুলগুৰীয়া ফুকন, দোলাকাষৰীয়া বৰুৱা হোৱাৰ পিছতহে স্বৰ্গদেউ চক্ৰধ্বজ সিংহৰ বৰফুকন হৈছিল মোমাই তামুলী বৰবৰুৱাৰ এইগৰাকী সুযোগ্য সন্তান।
সাগৰৰ দৰে অলেখ সেনানী লৈ সোণৰ অসম ছাৰখাৰ কৰাৰ মানসৰে অহা মোগল সেনাপতি ৰামসিংহক পৰাস্ত কৰাতো ইমান সহজ নাছিল। মোগল অহাৰ বাতৰিয়ে চিন্তিত কৰি তুলিছিল স্বৰ্গদেউৰ লগতে প্ৰতিজন অসমীয়াক। পিছে ইমান সহজে হাৰমনা বিধৰ নাছিল লাচিত। জন্মভূমিৰ মান ৰাখিবলৈ দীৰ্ঘদিন ধৰি সৈন্যসকলক প্ৰশিক্ষণ দি ৰণকৌশল যুগুত কৰি অসীম সাহসেৰে অসম্ভৱকো সম্ভৱ কৰি তুলিছিল তেওঁ।
যিসময়ত সমগ্ৰ ভাৰততে মোগলৰ আধিপত্য চলিছিল, ৰাজপুতসকলৰ দৰে পৰাক্ৰমী জাতিয়ে মোগলৰ বৈশ্যতা স্বীকাৰ কৰিবলৈ বাধ্য হৈছিল তেনে এটা বিশাল আৰু শক্তিশালী সৈন্যবাহিনীক পৰাভূত কৰিবলৈ সমৰ্থ হৈছিল লাচিত বৰফুকন। এনে এজন বীৰৰ ইতিহাসেৰে সমৃদ্ধ অসমীয়া জাতি। অথচ আজি সেই জাতি যেন ক্ৰমাৎ দুৰ্বল হৈ পৰিছে।
'আকৌ শৰাইঘাটলৈ যাব লাগে। শৰাইঘাটত মোগল আহিছে।' এজনে ফেচবুকত এটা পোষ্ট দিলে। কমেণ্ট আহিল মোগলৰ সেনাপতি কোন? কোনোৱে উত্তৰ দিলে 'ৰামসিংহ'। এজনে ক'লে- 'ৰামসিংহহে আহিছে। ৰামসিংহ কি মোগল নেকি? ৰামসিংহ আমাৰেই মানুহ হয়।'
দুদিন পিছত আন এজনে সভাত উদ্দাত্ত কণ্ঠে ঘোষণা কৰিলে। এয়া শৰাইঘাটৰ শেষ ৰণ। ৰাইজ আপোনালোকৰ গাত যদি লাচিতৰ তেজ আছে তেন্তে এই ৰণত ভাগ ল'বলৈ সাজু হওক।
লাচিত বুলিলেই শিহৰণ জাগে অসমীয়াৰ। মুহূৰ্ততে চমকি উঠে মনৰ ভিতৰৰ হেংদাং। শৰাইঘাট বুলিলেই দলে-বলে ৰণলৈ বুলি ওলাই আহে অসমীয়া। সৌ-সিদিনাতে শেষ হৈছিল শৰাইঘাটৰ ৰণ। লাচিতে খেদি পঠিয়াইছিল মোগলক। তাৰ পিছত আকৌ শৰাইঘাটৰ ৰণৰ আহ্বান? মোগল কোন? ক'ত আছে মোগল? আজিৰ যুগৰ কেবাজনো ডেকাই ইজনে সিজনক সুধিলে।
যুৱককেইজনে ইজন-সিজনক সুধি থাকোতেই দলে-বলে মানুহবোৰ ওলাই আহিল। নেতাজনে তেতিয়া ক'লে, 'কাইলৈ নিৰ্বাচন আছে। ভোট আমাক দিবা। আমাক ভোট দিলেই মোগল পৰাস্ত হ'ব। আৰু মোগল পৰাস্ত হোৱা মানেইতো শৰাইঘাটৰ ৰণ শেষ।' নেতাজনে যে ছলাহী কথাহে কৈছে সেয়া কোনেও উপলব্ধিয়েই নকৰিলে। দলে-বলে মানুহবোৰ ওলাই আহিল আৰু ভোট দিলে।
নিৰ্বাচন যেতিয়া শেষ হ'ল তেতিয়াহে সকলোৱে বুজি পালে যে লাচিতৰ কথা কৈ নেতাজনে সকলোকে আভুৱাহে ভাৰিছে। যিকেইজন যুৱকে ইজনে-সিজনক মোগল কোন বুলি প্ৰশ্ন কৰাত ব্যস্ত আছিল সেইকেইজনেও তেতিয়াহে সম্বিৎ ঘূৰাই পালে। যুৱককেইজনে যেতিয়া ৰাইজক প্ৰকৃত কথাবোৰ ক'বলৈ বুলি ঘৰা-ঘৰি ওলাই গ'ল তেতিয়াই আহি পালে আন এটা দল। দলটোত হাজাৰ-বিজাৰ যুৱক-যুৱতী। সকলোৰে হাতত লাচিতৰ টাটু। বুকুত লাচিতৰ ছবি থকা টি-ছাৰ্ট।
দলটোৱে মানুহবোৰৰ মাজতে কাগজ বিলাবলৈ আৰম্ভ কৰিছে। কাগজত লিখা আছে-শৰাইঘাটৰ ৰণ শেষ হ'ল। এতিয়া আমাৰ দেশত মোগল আহিব নোৱাৰে। মানুহবোৰ আকৌ আশ্বস্ত হ'ল। নহ'বই বা কিয়? লাচিতৰ ছবি থকা চোলা পিন্ধা মানুহে কৈছে যেতিয়া সঁচাটো হ'বই। এনেকৈয়ে আকৌ প্ৰকৃত কথা বুজি পোৱাৰ পৰা বঞ্চিত হ'ল সহজ-সৰল মানুহবোৰ।
আমিবোৰৰ এনে সৰলতাৰ সুযোগ লৈয়েই সিহঁতে বাৰে বাৰে আমাক লাচিতৰ কথা কৈ আৱেগিক কৰি তোলে। শৰাইঘাটৰ যুঁজৰ কথা কৈ সিদ্ধি কৰে নিজৰ স্বাৰ্থ। ফলত বাৰে বাৰে আমি পৰাস্ত হও। ক'ব নোৱৰাকৈয়ে এতিয়া আমাৰ ঘৰৰ ভিতৰত সোমাই পৰিছে মোগল। এই মোগল যে বাহিৰৰ পৰা অহা নহয়, এই মোগল ঘৰৰেই। লাচিতৰ ভাও দিয়া এনে মোগলৰ বিৰুদ্ধে যুঁজ দিয়াৰ সময় এতিয়া সমাগত।
চাওতে চাওতে আকৌ আহি পালে লাচিত দিৱস। এই লাচিত দিৱসত শৰাইঘাটৰ শেষ ৰণ বুলি ৰাইজক আভুৱা ভৰি নিৰ্বাচনী ৰণ জিকি স্বৰ্গদেউৰ গাদীত বহাসকলৰ ব্যস্ততা বাঢ়িছে। লাচিতৰ প্ৰতিমূৰ্তিৰ সমুখত থিয় হৈ আজিৰ দিনৰ স্বৰ্গদেউৱে শ্ৰদ্ধা নিবেদন কৰিব। পিছে, জাতি-মাটি-ভেটিক বেচিবলৈ ওলোৱা সেইসকলৰ শ্ৰদ্ধা বীৰ লাচিতে গ্ৰহণ কৰিবনে?
তেওঁলোকে নাজানিলেও সত্য এয়াই যে বীৰ লাচিতে কোনোপধ্যেই গ্ৰহণ নকৰে তেওঁলোকৰ সেই প্ৰদৰ্শনমূলক শ্ৰদ্ধা। তাৰ পৰিৱৰ্তে লাচিতে প্ৰতিজন প্ৰকৃত অসমীয়াক হয়তো আকৌ কৈ উঠিব- 'দেশতকৈ নেতা ডাঙৰ নহয়… ৰাইজ আপোনালোক সাজু হওক… বুজি উঠক কি সঁচা… কি মিছা।'