/asomiyapratidin/media/media_files/2025/12/20/new-ap-web-2-29-2025-12-20-12-34-24.jpg)
ডিজিটেল সংবাদ, শিৱসাগৰঃ শিৱসাগৰ চহৰৰ লগতেই লাগি থকা চেৰেকাপাৰ অঞ্চলৰ কল্যাণ বৰা নামৰ এজন ব্যক্তিয়ে সাধাৰণ এক বিষয়ৰ আলম লৈ দিন হাজিৰা কৰা দুজন শ্ৰমিকক ওপৰত বৰ্বৰ অত্যাচাৰ চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে ৷ ঘটনাৰ সন্দৰ্ভত শ্ৰমিক দুগৰাকীয়ে শুকুৰবাৰে নিশাই শিৱসাগৰ সদৰ থানাত এখন এজাহাৰ দাখিল কৰে ৷
পিছে, আৰক্ষীয়ে কল্যাণ বৰাক তৎকালীনভাৱে গ্ৰেপ্তাৰ কৰাৰ পৰিৱৰ্তে শ্ৰমিক দুগৰাকীক চেৰেকাপাৰ আৰক্ষী চকীতহে এজাহাৰ দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে ৷ শ্ৰমিক দুগৰাকীয়ে চেৰেকাপাৰ আৰক্ষীৰ কাষ চাপে যদিও বৰ্তমানলৈকে আৰক্ষীয়ে কল্যাণ বৰাক গ্ৰেপ্তাৰ নকৰাত জনসাধাৰণৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে ৷
ইফালে, কল্যাণ বৰাই নিৰ্মমভাৱে প্ৰহাৰ কৰা দুয়োগৰাকী শ্ৰমিক চিকিৎসাধীন হ’ব লগাত পৰিছে ৷ উল্লেখ্য যে, দুয়োগৰাকী শ্ৰমিকৰ ঘৰ গৌৰীসাগৰৰ সমীপৰ চিন্তামণিগড় অঞ্চলত ৷ স্থানীয় একাংশ যুৱকে দিন হাজিৰা কৰাৰ বাবে পুৱাতেই ঘৰৰ পৰা শিৱসাগৰ চহৰলৈ ওলাই আহে ৷ কালি শ্ৰমিকদ্বয়ে শিৱসাগৰ চহৰৰ সমীপৰ চেৰেকাপাৰস্থিত প্ৰফেচাৰ কলনিৰ নিবাসী কৃষ্ণ বৰাৰ ঘৰত দিন হাজিৰা কৰি আছিল ৷ ব্যক্তি গৰাকীৰ ঘৰৰ সমীপতে থকা কল্যাণ বৰাৰ পদূলিৰ কাষত জমা কৰি থোৱা ইটা, শিল বালি শ্ৰমিক দুুগৰাকীয়ে কঢ়িয়াই আছিল ৷ বেলচাৰে শিল বালি বস্তাত ভৰোৱাৰ সময়তেই কল্যাণ বৰাৰ এটা ৰঙালাও পুলি বেলচাত লাগি উঘালি পৰে ৷ সেইয়াই শ্ৰমিক দুগৰাকীৰ অপৰাধ ৷ এই অভিযোগতেই কল্যাণ বৰা নামৰ ব্যক্তিজনে দুয়ো গৰাকী দিন হাজিৰা কৰা শ্ৰমিকক বৰ্বৰ অত্যাচাৰ চলায় ৷ কল্যাণ বৰাই এডাল লাঠিৰে দুয়োগৰাকী কম বয়সীয়া শ্ৰমিকক নিৰ্মম ভাৱে প্ৰহাৰ কৰে ৷ শ্ৰমিক দুগৰাকীৰ পিঠি, হাত, ভৰি আদিত গুৰুলাগুৰুলকৈ প্ৰহাৰ কৰে ৷
কল্যাণ বৰাই শ্ৰমিক দুগৰাকীৰ ওপৰত এনেদৰে বন্য নিৰ্যাতন চলায়ে ক্ষান্ত নাথাকি চোকা অস্ত্ৰৰে দুয়োকে হত্যাৰ প্ৰচেষ্টা চলায় ৷ তদুপৰি, আৰক্ষীয়ে তেওঁক একো কৰিব নোৱাৰে বুলিও দম্ভালি মাৰে ৷ শ্ৰমিক দুগৰাকীয়ে সংশ্লিষ্ট স্থানৰ পৰা কৌশলেৰে প্ৰাণ বচাই চহৰৰ দিশলৈ পলায়ন কৰিবলৈ সক্ষম হয় ৷
উল্লেখ্য যে, চেৰেকাপাৰ আৰক্ষী চকী শিৱসাগৰ সদৰ থানাৰ অন্তৰ্গত ৷ সদৰ থানাৰ আৰক্ষীয়ে এজাহাৰখন চেৰেকাপাৰ আৰক্ষী চকীলৈ নিজাববীয়াকৈ প্ৰেৰণ কৰাৰ লগতে অভিযুক্ত কল্যাণ বৰাক গ্ৰেপ্তাৰ কৰাৰ ব্যৱস্থা কৰিব পাৰে ৷ কিন্তু কল্যাণ বৰাৰ আক্ৰমণৰ পিছত বিষত জৰ্জড়িত শ্ৰমিক দুগৰাকীক আকৌ চেৰেকাপাৰ আৰক্ষী চকীত এজাহাৰ দাখিলৰ নিৰ্দেশ দিয়ে ৷ কালি নিশা পৰ্যন্ত আৰক্ষীয়ে কল্যাণ বৰাৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে ৷
ইফালে, পিঠি, হাত, ভৰিৰ লগতে দেহৰ ভিন্ন স্থানত লাঠিৰ আঘাতত যুৱকদ্বয় কোঙা হৈ পৰিছে ৷ দিন হাজিৰা কৰা শ্ৰমিকক অত্যাচাৰ চলোৱা ব্যক্তি গৰাকীয়ে বৰ্তমানো চেৰেকাপাৰ আৰক্ষী চকীৰ সমীপতেই দপদপাই ফুৰিবলৈ সক্ষম হৈছে ৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us