Advertisment

৯৪ বছৰত ভৰি দিলে বিজেপিৰ পিতামহ লাল কৃষ্ণ আদৱানীয়ে…

৯৪ বছৰত ভৰি দিলে বিজেপিৰ পিতামহ লাল কৃষ্ণ আদৱানীয়ে…

author-image
asomiyapratidin
New Update
৯৪ বছৰত ভৰি দিলে বিজেপিৰ পিতামহ লাল কৃষ্ণ আদৱানীয়ে…

ডিজিটেল ডেস্কঃ জ্যেষ্ঠ বিজেপি নেতা তথা দেশৰ প্ৰাক্তন উপ-প্ৰধানমন্ত্ৰী লাল কৃষ্ণ আদৱানীয়ে সোমবাৰে ৯৪ বছৰত ভৰি দিলে। বিজেপি দলৰ পিতামহ স্বৰূপ আদৱানিৰ জন্মদিন উপলক্ষে প্ৰধামন্ত্ৰী নৰেন্দ্ৰ মোডী তেওঁক শুভেচ্ছা জ্ঞাপন কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে তেওঁক শুভেচ্ছা জনাই টুইটাৰত লিখিছে, সন্মানীয় আদৱানীজীক জন্মদিনৰ শুেভচ্ছা জনাইছো। তেওঁ দীৰ্ঘজীৱি হোৱাৰ উপৰিও স্বাস্থ্যৱান জীৱনৰ শুভেচ্ছা জনাইছো। আমাৰ সাংস্কৃতিক ঐতিহ্য আগুৱাই নিয়া আৰু জনসাধাৰণক শক্তিশালী কৰাৰ অগণন প্ৰচেষ্টা বাবে ৰাষ্ট্ৰ তেওঁৰ ওচৰত ঋণী।

Advertisment

ক্লিক কৰি পঢ়কঃ কালিলৈ ঘৰলৈ গৈ আছো, ভাল লগা নাইঃ কোহলী…

১৯২৭ চনৰ ৮ নৱেম্বৰত জন্মগ্ৰহণ কৰা লাল কৃষ্ণ আদৱানীয়ে ২০০২ চনৰ পৰা ২০০৪ চনলৈ অটল বিহাৰী বাজপেয়ীৰ অধীনত ভাৰতৰ সপ্তম উপ-প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ আছিল ভাৰতীয় জনতা পাৰ্টিৰ অন্যতম সহ-প্ৰতিষ্ঠাপক। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ দীৰ্ঘদিনীয়া সদস্য আদৱানীয়ে ২০০৪ চনলৈ বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰৰ গৃহমন্ত্ৰী হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। দশম লোকসভা আৰু চতুৰ্দশ লোকসভাত তেওঁ আছিল বিৰোধী দলৰ নেতা আছিল।

ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ স্বেচ্ছাসেৱক হিচাপে ৰাজনৈতিক কেৰিয়াৰ আৰম্ভ কৰা এইগৰাকী বৰ্ষীয়ান ৰাজনৈতিক ২০১৫ চনত ভাৰতৰ দ্বিতীয় সৰ্বোচ্ছ অসামৰিক সন্মান পদ্ম বিভূষণ বঁটা লাভ কৰিছে।