/asomiyapratidin/media/media_files/2025/09/06/272-2025-09-06-20-45-41.jpg)
ডিজিটেল সংবাদ, বটদ্ৰৱা : "কুটুম্ব সুৰক্ষা পৰিষদৰ সূত্ৰধাৰ ২০২৬ অনুষ্ঠিত হওঁক জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়, নতুন দিল্লীত। মই আমন্ত্ৰণ জনাইছোঁ কুটুম্ব সুৰক্ষা পৰিষদৰ কাৰ্য্যকৰ্তা সকলক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শ, জ্ঞান, দৰ্শন সমগ্ৰ বিশ্বতে বিয়পি পৰক। আমি সহৃদয়তাৰে সহযোগিতা আগবঢ়াবলৈ আগ্ৰহ প্ৰকাশ কৰিছোঁ।"- এই আহ্বান জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় উপাচাৰ্য ড০ শান্তিশ্রী ধূলাপুদি পণ্ডিতৰ।
বটদ্ৰৱা থানত অনুষ্ঠিত কুটুম্ব সুৰক্ষা পৰিষদৰ সূত্ৰধাৰ ২০২৫ অনুষ্ঠানত বিশিষ্ট অতিথি ৰূপে অংশ গ্ৰহণ কৰি তেওঁ আজি বিদায় পৰত এই আহ্বান জনায়। ইফালে আজি বিয়লি অনুষ্ঠিত মুকলি সভাত নিমন্ত্ৰিত অতিথি ৰূপে অংশ গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা তথা পাব্লিক ইণ্টাৰেষ্ট লিটিগেশ্বন মূল অশ্বিনী উপাধ্যায়ে "শংকৰদেৱক অসমৰ মানুহে জানে কিন্তু গুজৰাট, হাৰিয়ানা, পঞ্জাৱ মানহে নাজানে, এয়া আমাৰ ভুল শিক্ষা ব্যৱস্থাৰ বাবে হৈছিল।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/09/06/wh-2025-09-06-20-45-58.jpeg)
তেওঁ দেশৰ শিক্ষাৰ বাবে কাম কৰিছিল। আমি বিচাৰো, নগাঁও আৰু দিল্লীৰ কিতাপ এখন হব লাগে। পূৰ্বতে ভাৰতবৰ্ষত এক শিক্ষা ব্যৱস্থা আছিল। এই দেশত কৃষ্ণ আৰু সুদামা একেলগে পঢ়িছিল। ভাৰতত বৰ্তমানো Uniform education system হ'ব লাগে। ভাৰতীয় শিক্ষা ব্যৱস্থাত মাফিয়া চলি আছে।
কোচিং মাফিয়া বিদেশী শিক্ষা ব্যৱস্থা লগত মিলি আছে। আমেৰিকা, ৰুছ, জাপান, ফিনলেণ্ডত চৰকাৰী বিদ্যালয়ত চিট নাপালে প্ৰাইভেট স্কুলত পঢ়া শুনা কৰে, কিন্তু ভাৰতত চৰকাৰী বিদ্যালয়ত পঢ়াটো লাজৰ কথা বুলি ভাবে। বৰ্তমান সময়ত জাগো হিন্দু জাগো শ্লোগানতকৈ জাগো এম এল এ জাগো, জাগো এম পি জাগো আৰু জাগো মন্ত্ৰী জাগো শ্লোগানৰ প্ৰয়োজন হৈছে।" বুলি উদাত্ত কণ্ঠৰে শ্ৰোতাক মোহিত কৰে।
সভাত ভগবান ৰামচন্দ্ৰৰ জনমভূমি অযোধ্যাৰ ৰাম মন্দিৰৰ জগতগুৰু ৰামানুজন আচাৰ্য কুৰপাটি মহাৰাজ উপস্থিত হৈ "বটদ্ৰৱা নামৰ এই পূণ্যভূমিলৈ আহি মই অভিভূত হৈছো। গুৰু শঙ্কৰ বটদ্ৰৱাৰ নান্দনিক পৰিৱেশৰ আজিও আছে। বটদ্ৰৱা পূন্যধামৰ পৰা বিকাশ ঘটিছিল অসমীয়া সাহিত্য সংগীত আৰু কলাৰ।
গুৰুৱে নামঘৰ প্ৰতিষ্ঠাৰে পাঁচশ পঞ্চাশ বছৰ পূৰ্বে শৈক্ষিক ভেটি পূনৰ নিৰ্মান কৰিছিল। ভাৰতীয় মহাজীৱনৰ ঐতিহ্য কলাৰ সাহিত্যৰ কেন্দ্ৰস্থান হিচাপে এই স্থানত বিদ্যায়তনিক চিন্তা আৰম্ভ হঁওক বুলি প্ৰকাশ কৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/09/06/wh-2025-09-06-20-46-12.jpeg)
সভাত জগন্নাথ পুৰুৰ স্বামী সত্যবৰ্ত নন্দ সৰস্বতী, অধ্যাপক বিৰেন্দ্ৰ কুমাৰে ভাষণ প্ৰদান কৰে। মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ পৱিত্ৰ জন্মস্থান বটদ্ৰৱাত যোৱাকালিৰে পৰা কুটুম্ব সুৰক্ষা পৰিষদৰ উদ্যোগত অনুষ্ঠিত " সূত্ৰধাৰ" শীৰ্ষক "ৰাষ্টীয় শৈক্ষিক আৰু সাংস্কৃতিক সন্মিলনৰ আজি দ্বিতীয় দিনাও অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা সাধু সন্ত মহন্ত আৰু ভকত বৈষ্ণৱৰ উপস্থিতিয়ে উখল মাখল পৰিৱেশৰ সৃষ্টি কৰিছে।
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ চিন্তা আৰু দৰ্শনক ৰাষ্টীয় পৰ্যায়ত প্ৰচাৰ -প্ৰসাৰ কৰাৰ লগতে ৰাষ্ট্ৰীয় সংহতি আৰু ৰাষ্ট্ৰীয় একাত্মতাৰ বুনিয়াদ শক্তিশালী কৰাৰ মহীয়ান লক্ষ্যৰে অনুষ্ঠিত এই মহাসন্মিলনত যোৱাকালিও কেইবাখনো আলোচনা সত্ৰ অনুষ্ঠিত হয় । আজি দ্বিতীয় দিনা ২০ ভাদ, ৬ ছেপ্তেম্বৰৰ পুৱা ৯ বজাত বৰগীত, পৰিবেশন কৰে অনুধৃতি মহন্তই। পুৱা তৃতীয় শৈক্ষিক সত্ৰত সভাপতিৰ আসন গ্ৰহণ কৰে অধ্যাপক ৰাতুল চন্দ্ৰ বৰা, সমল ব্যক্তি ৰূপে অধ্যাপক কৃষ্ণকান্ত শৰ্মাই আসন গ্ৰহণ কৰে আৰু পুনে বিশ্ববিদ্যালয়ৰ অধ্যাপিকা মৃনাল চাগাৰে ভাষন প্ৰদান কৰে।
১১ বজাত চতুর্থ শৈক্ষিক সত্রত বেনাৰশ বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক অধ্যাপক মনজিৎ দাসে সভাপতিৰ আসন গ্ৰহণ কৰে। সমল ব্যক্তি হিচাপে অংশ গ্ৰহণ কৰে ছিকিম বিশ্ববিদ্যালয়ৰ অধ্যাপক প্ৰদীপ কুমাৰ শৰ্মাই। দিনৰ ১২.০০ বজাত পঞ্চম শৈক্ষিক সত্রত সভাপতি হিচাপে আই আই টি গুৱাহাটীৰ সঞ্চালক প্ৰধান উদয় এছ দিক্ষিত সভাপতি আৰু সমল ব্যক্তি হিচাপে অংশ গ্ৰহণ কৰে অৰুণাচল প্ৰদেশ বিশ্ববিদ্যালয়ৰ অধ্যাপক ইমি ৰুমীয়ে।
উক্ত অনুষ্ঠানতে "সূত্ৰধাৰ" ৰ স্মৃতি গ্ৰন্থ "কিৰিটি গৈয়ো বহু দূৰ" স্মৃতিগ্ৰন্থ খনিৰ লগতে দ্ৰোহ সনাতন নামৰ হিন্দ গ্ৰন্থ আৰু শ্ৰীমন্ত শঙ্কৰদেৱৰ ৰাজনৈতিক দৰ্শন আদি চাৰি খন গ্ৰন্থ উন্মোচন কৰা হয়। সন্ধিয়া ৭.০০ বজালৈ 'যোৰহাট সত্ৰীয়া সঙ্গীত মহাবিদ্যালয়'ৰ ছাত্র-ছাত্রী সকলৰ 'বৰগীত' আৰু 'ভোজন বাহাৰ' পৰিৱেশন কৰে।
সন্ধিয়া ৮.০০ বজাত থিয়নাম', 'খোল-নাগাৰা যুগলবন্দী' আৰু 'হোলী গীত' আদিৰ পৰিৱেশন কৰা হয়। নিশা ১০ বজাৰ পৰা কুটুম্ব সুৰক্ষা পৰিষদৰ সাংস্কৃতিক বিভাগৰ শিল্পী সকলে অংকীয়া নাট ৰুক্মিণী হৰণ পৰিবেশন কৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/09/06/w-2025-09-06-20-46-35.jpeg)
ইফালে শুকুৰবাৰে অনুষ্ঠিত অনুষ্ঠানতে শিক্ষক, সুলেখক অক্ষয় কুমাৰ মিশ্ৰক প্ৰজ্ঞা সাধক উপাধ প্ৰদান কৰাৰ লগতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ সাহিত্য সেৱা সন্মান পদ্মশ্ৰী তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড০ সূৰ্য হাজৰিকা আৰু অধ্যাপক ড০ দয়ানন্দ পাঠকক প্ৰদান কৰা হয়। লগতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ সংস্কৃত সেৱা সন্মান আগবঢ়োৱা হয় বাৰাণসী হিন্দ বিশ্ববিদ্যালয়ৰ বৈদিক দৰ্শন বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড০ কৃষ্ণকান্ত শৰ্মা আৰু কানৈ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড০ জয় কৃষ্ণ মহন্তক ।
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
Follow Us