মাজনিশা সামৰণি পৰিল কুটুম্ব সুৰক্ষা পৰিষদৰ সূত্ৰধাৰ ২০২৫ শীৰ্ষক অনুষ্ঠানৰ

"উজ্জয়িনী গুৰু শংকৰৰ নামত নামঘৰ সাজি তেখেতৰ দৰ্শন আৰু ধৰ্ম প্ৰচাৰ প্ৰসাৰ কৰা হ'ব" এই কথা ঘোষণা কৰে কুটুম্ব সুৰক্ষা পৰিষদৰ মধ্য প্ৰদেশৰ আহ্বায়ক তথা প্ৰাক্তন মন্ত্ৰী ৰৌদ্ৰ মল ৰাথোৰে।

author-image
Asomiya Pratidin
New Update
285

ডিজিটেল সংবাদ, বটদ্ৰৱা : "উজ্জয়িনী গুৰু শংকৰৰ নামত নামঘৰ সাজি তেখেতৰ দৰ্শন আৰু ধৰ্ম প্ৰচাৰ প্ৰসাৰ কৰা হ'ব" এই কথা ঘোষণা কৰে কুটুম্ব সুৰক্ষা পৰিষদৰ মধ্য প্ৰদেশৰ আহ্বায়ক তথা প্ৰাক্তন মন্ত্ৰী ৰৌদ্ৰ মল ৰাথোৰে।

বটদ্ৰৱা থানৰ আকাশী গংগাৰ তীৰৰ আই খেৰসূতী সাংস্কৃতিক মঞ্চত অনুষ্ঠিত কুটুম্ব সুৰক্ষা পৰিষদৰ সূত্ৰধাৰ ২০২৫ৰ সামৰণিৰ দিনা অনুষ্ঠিত সন্ত মহন্ত সন্মিলনত দেশৰ কুৰিগৰাকী ধৰ্মগুৰুৱে গুৰু শংকৰদেৱৰ দৰ্শন, সংস্কৃতি স্মৰণ কৰে। বটদ্ৰৱাৰ বিশিষ্ট শিল্পী ৰঞ্জিত মহন্তই পৰিচালনা কৰা বৰগীতেৰে আৰম্ভণি কৰা সন্মিলনখনিত বটদ্ৰৱা নৰোৱা সত্রৰ সত্ৰাধিকাৰ অম্লান জ্যোতি দেৱ গোস্বামী, উচ্চতম ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ ড০ মুকুন্দকাম শৰ্মা, কেৰেলা ৰাজ্যৰ ধৰ্মগুৰ স্বামী চিদানন্দ পুৰী, দক্ষিণ কামৰূপৰ লেঙেটা সত্ৰৰ সত্ৰাধিকাৰ অতুল মহন্ত, নাহৰকটিয়া আদিবাসী চাহ জনগোষ্ঠী ধৰ্মীয় সত্ৰৰ সত্ৰাধিকাৰ ৰাজেশ্বৰ মহাপাত্ৰ, উৰিষ্যাৰ ধৰ্মগুৰ স্বামী সৎসতা নন্দ সৰস্বতী , মধ্য প্ৰদেশৰ ধৰ্মগুৰ বদ্ৰী লাল নাথ, ডিব্ৰুগড় দিনজয় সত্ৰৰ সত্ৰাধিকাৰ মুকুন্দ চন্দ্ৰ গোস্বামী,অৰুণাচল প্ৰদেশৰ বৌদ্ধ ধৰ্ম গুৰু ভান্টে ৰত্নদীপ, ভান্টে ক্ষেমানন্দ, অৰুণাচল প্ৰদেশৰ ধৰ্ম প্ৰচাৰক নবীন মেঘা মৰিগাঁও মহাবিদ্যালয়ৰ অধ্যাপক ড০ ধনঞ্জয় কুশ্ৰেৰ সাৱলীল আৰু মৰ্মস্পৰ্শী ভাষণ প্ৰদানৰ পাছত ৰামচন্দ্ৰৰ জনমভূমি অযোধ্যাৰ ৰাম মন্দিৰৰ জগতগুৰু ৰামানুজন আচাৰ্য কৰপাটি মহাৰাজে, উদ্দাত্ত কন্ঠেৰে ভাষণ প্ৰদান কৰে। 

ইফালে শেষ নিশালৈ অনুষ্ঠিত মঞ্চত খোল বাদন, ঘোষা পৰিবেশন, সত্ৰীয়া নৃত্য, দিহানাম, ৰামবিজয় ভাওনা অনুষ্ঠিত হয়।

নগাঁও