বটদ্ৰৱাত আৰম্ভ কুটুম্ব সুৰক্ষা পৰিষদৰ ‘সূত্ৰধাৰ-২০২৫’ ৰাষ্ট্ৰীয় শৈক্ষিক আৰু সাংস্কৃতিক সন্মিলন

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থানত আৰম্ভ হ’ল কুটুম্ব সুৰক্ষা পৰিষদৰ ‘সূত্ৰধাৰ-২০২৫’ শীৰ্ষক তিনিদিনীয়া বৰ্নাঢ্য কাৰ্যসূচীৰ শৈক্ষিক, সাংস্কৃতিক সন্মিলন।

author-image
Asomiya Pratidin
New Update
বটদ্ৰৱাত আৰম্ভ কুটুম্ব সুৰক্ষা পৰিষদৰ ‘সূত্ৰধাৰ-২০২৫’ ৰাষ্ট্ৰীয় শৈক্ষিক আৰু সাংস্কৃতিক সন্মিলন

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থানত আৰম্ভ হ’ল কুটুম্ব সুৰক্ষা পৰিষদৰ ‘সূত্ৰধাৰ-২০২৫’ শীৰ্ষক তিনিদিনীয়া বৰ্নাঢ্য কাৰ্যসূচীৰ শৈক্ষিক, সাংস্কৃতিক সন্মিলন। পুৱা গায়ন, বায়ন, হাজাৰ হাজাৰ মহিলাৰ হৰিনামৰ অমল ধ্বনিৰে বটদ্ৰৱা থানৰ কীৰ্তনঘৰৰ পৰা গোঁসাই বস্ত্ৰ লৈ সত্ৰাধিকাৰ অম্লান জ্যোতি দেৱ গোস্বামীয়ে মঞ্চত প্ৰতিষ্ঠা কৰে। 

কুটুম্ব সুৰক্ষা পৰিষদৰ সভাপতি সত্য ৰঞ্জন বৰাই আঁত ধৰা অনুষ্ঠানটিত বটদ্ৰৱা নৰোৱা সত্রৰ সত্ৰাধিকাৰগৰাকীয়ে তিনিদিনীয়া বিশাল কাৰ্যসূচীৰে আৰম্ভ হোৱা সূত্ৰধাৰ ২০২৫ কাৰ্যসূচীলৈ দেশ, ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্ত বৈষ্ণৱ, গৱেষক পণ্ডিত, উপাচাৰ্য্য, অধ্যাপক-অধ্যাপিকা, শিক্ষাবিদ, শিক্ষাৰ্থীসকলক আদৰণি জনায়। লগে লগে কুটুম্ব সুৰক্ষা পৰিষদৰ সম্পাদিকা অমিয়া নেওগ কলিতাৰ পৰিচালনাৰে হেজাৰ হেজাৰ মহিলাই পৰিবেশন কৰা হৰিনাম কীৰ্তনৰে মুখৰিত হৈ পৰিছে। 

মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ গুৰুজনাৰ চিন্তা-দৰ্শন আৰু অসম তথা অসমীয়াৰ জাতীয় জীৱনৰ স্বকীয় বৈশিষ্ট্যপূৰ্ণ অনন্য সমলসমূহ ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰচাৰ প্ৰসাৰ কৰা সংকল্পৰে কুটুম্ব সুৰক্ষা পৰিষদৰ উদ্যোগত ২০২২ চনৰ পৰা ৰাষ্ট্ৰীয় পৰ্যায়ত এলানি কাৰ্যসূচী অনুষ্ঠিত হৈ আহিছে। কুটুম্ব সুৰক্ষা পৰিষদৰ "সূত্ৰধাৰ" শীৰ্ষক এই কাৰ্যসূচী ২০২২ চনত উত্তৰ প্ৰদেশৰ শ্ৰী ধাম বৃন্দাবনত, ২০২৩ চনত মধ্য প্ৰদেশৰ উজ্জয়িনী আৰু ২০২৪ চনত ভগবান শ্ৰীৰামচন্দ্ৰৰ জন্মভূমি অযোধ্যাত অনুষ্ঠিত হৈছিল। 

এইবেলি আজিৰে পৰা ৭ ছেপ্টেম্বৰলৈ বৰ্ণিল শৈক্ষিক সাংস্কৃতিক কাৰ্যসূচীৰে বটদ্ৰৱাত এই অনুষ্ঠান অনুষ্ঠিত হৈছে। ভাৰতৰ ৩০ খন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য, বিভিন্ন মহাবিদ্যালয়ৰ অধ্যাপক,  গৱেষক ছাত্ৰ-ছাত্ৰী, লেখক আলোচক, শিল্পীক একত্ৰিত কৰি অনুষ্ঠিত হৈছে এই অনুষ্ঠান। 

বটদ্ৰৱা কুটুম্ব সুৰক্ষা পৰিষদ