/asomiyapratidin/media/media_files/2025/11/28/1-2025-11-28-21-54-44.jpg)
ডিজিটেল সংবাদ,বোকাখাতঃ ঐতিহাসীক কুৰুৱাবাহী সত্ৰৰ নিচেই সমিপৰ ব্যস্ত ব্যৱসায়ীক কেন্দ্ৰ কুৰুৱাবাহী তিনিআলিৰ কদৰ্য পৰিৱেশে চিন্তিত কৰি তুলিছে সচেতন ৰাইজক। কোনো ঠাইৰ পৰা যদি কোনো ব্যক্তি আহি কুৰুৱাবাহী তিনিআলিত উপস্থিত হয়, তেওঁ প্ৰথমেই দৰ্শন কৰিব লাগিব এটা দুৰ্গন্ধময় আবৰ্জনাৰ দ'ম। যি সমগ্ৰ কুৰুৱাবাহী তিনিআলিৰ পৰিৱেশ বিনষ্ট কৰিছে।
উল্লেখ্য যে ঐতিহাসিক কুৰুৱাবাহী সত্ৰৰ সমিপৰ কুৰুৱাবাহী তিনিআলি এটা সদা ব্যস্ত ব্যৱসায়ীক কেন্দ্ৰ। অন্যান্য স্থায়ী ব্যৱসায়ীক প্ৰতিষ্ঠানৰ লগতে কুৰুৱাবাহী তিনিআলিত দৈনিক অস্থায়ী শাক-পাচলিৰ বজাৰৰ উপৰিও প্ৰতি বুধবাৰে নিয়মিয়াকৈও এখন শাক-পাচলিৰ বজাৰ বহে য'ত বৃহত্তৰ কুৰুৱাবাহীৰ গ্ৰামাঞ্চলসমূহৰ পৰা অহা ব্যৱসায়ীসকল সমবেত হয়।
ফলত এই স্থায়ী আৰু অস্থায়ী বজাৰৰ পৰা উৎপন্ন আবৰ্জনা লগতে আবাস গৃহসমূহৰ পৰা উৎপন্ন আবৰ্জনাই কদৰ্য কৰি পেলোৱাই নহয় দুৰ্গন্ধময় কৰি তুলিছে পৰিৱেশ। ইয়াৰে বেছি ভাগেই মাৰাত্মক প্লাষ্টিক আবৰ্জনা।
আবৰ্জনা আৰু অতিৰিক্ত পানী ওলাই যাব পৰাকৈ পথৰ দুয়োকাষে যি নলাৰ ব্যৱস্থা আছিল সেয়াও অপৰিকল্পিত ভাৱে নিৰ্মিত আৱাসগৃহ, ব্যৱসায়ীক প্ৰতিষ্ঠান আদিৰ বাবে বন্ধ হৈ পৰিছে ফলত এজাক বৰষুণতেই একাঠু প্ৰদূষিত পানীৰ মাজেৰে পথচাৰীয়ে যাতায়ত কৰিব লগীয়া অৱস্থা হয় কুৰুৱাবাহী তিনিআলিত।
ইফালে দুৰ্ভাগ্যজনক ভাৱে কুৰুৱাবাহী তিনি আলিৰ এই আবৰ্জনা নিষ্কাষণ, নলা-নৰ্দমা পৰিষ্কৃতকৰণ কৰি বিজ্ঞানসন্মত ভাৱে পুনৰ নিৰ্মানৰ কোনো ব্যৱস্থা গড়কাপ্তানী বিভাগে বৰ্তমানলৈকে গ্ৰহন নকৰাৰ অভিযোগ স্থানীয় ৰাইজে উত্থাপন কৰি আহিছে যদিও কানসাৰ কৰা নাই বিভাগটোয়ে।
আনকি গড়কাপ্তানী বিভাগেই হওক বা কুৰুৱাবাহী গাঁও পঞ্চায়তেই হওক আজিলৈকে এটা ডাষ্টবিনো স্থাপন নকৰিলে সদা ব্যস্ত এই ব্যৱসায়ীক কেন্দ্ৰটোত। ঐতিহাসিক কুৰুৱাবাহী সত্ৰৰ নিচেই কাষতে থকা এই ব্যৱসায়ীক কেন্দ্ৰটোৰ যদি শীৰ্ঘ্ৰেই আবৰ্জনা নিষ্কাষণ, নলা-নৰ্দমাৰ পৰিষ্কৃতকৰণ কৰা নাযায় তেনে ইয়াৰ দ্বাৰা স্থানীয় ৰাইজৰ স্বাস্থ্যৰ ব্যাপক ক্ষতি হোৱাৰ আশংকা কৰিছে সচেতন ৰাইজে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us